DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক গৃহীত হ’লে চুবুৰীয়া ৰাষ্ট্ৰত উৎপীড়নৰ সন্মুখীন হ’ব হিন্দুসকল : দেৱব্ৰত শইকীয়া

অনির্বান পাঠক by অনির্বান পাঠক
February 11, 2019 10:13 pm
447
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি দলৰ ‘হিন্দুত্ব প্ৰীতি’ প্ৰতি প্ৰশ্ন তুলিছে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়াৰ মতে বিজেপিয়ে এই বিধেয়কৰ জৰিয়তে হিন্দুসকলক সংকটৰ মুখলৈহে ঠেলি দিব বিচাৰিছে।

সোমবাৰে বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত আয়োজিত এখন সংবাদমেলত দলপতি গৰাকীয়ে মোদীক ‘হিন্দু বিৰোধী’ বুলিহে আখ্যা দি কয়, ‘এই বিধেয়কখন গৃহীত কৰাৰ পাছত ভাৰতৰ কাষৰীয়া ৰাষ্ট্ৰসমূহৰ সংখ্যালঘু হিন্দু সকলৰ জীৱন, সা-সম্পত্তিৰ প্ৰতি ভাবুকি অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কাৰণ কাষৰীয়া ৰাষ্ট্ৰৰ সংখ্যালঘু সকলক ভাৰতে নাগৰিকত্ব প্ৰদান কৰিলে সেই ৰাষ্ট্ৰ সমূহৰ ধৰ্মীয় মৌলবাদী সকলে সংখ্যালঘু সকলক ভাৰতলৈ আহিবলৈ বাধ্য কৰাব।‘

মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ নীতিৰ বাবেই আন ৰাষ্ট্ৰত শান্তিত থকা হিন্দুসকল উৎপীড়নৰ সন্মুখীন হ’ব পাৰে বুলিও শইকীয়াই মন্তব্য কৰে।

একেদৰে ‘অসম চুক্তি’ৰ ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ কেইবাজনো সদস্যই পদত্যাগ কৰাৰ পাছতো চৰকাৰে এই সমিতিখনৰ বিজ্ঞাপন দি ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে বুলিও তেওঁ কয়।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবেও কমিতিৰ ওপৰত কমিতি গঠন হৈছে বুলি তেওঁ মন্তব্য কৰি চৰকাৰে ইয়াৰ যিধৰণে সমিধান দিব লাগে দিয়া নাই বুলিও তেওঁ উল্লেখ কৰে।

একেখন সংবাদমেলতে যোৱা ৯ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত আধাৰশিলা স্থাপন কৰা প্ৰকল্প সমূহৰ প্ৰসংগ আনি শইকীয়াই কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত বাজেটত পুঁজি নিৰ্ধাৰণ হোৱা বিভিন্ন প্ৰকল্প এতিয়াৰ বিজেপি চৰকাৰে ৰূপায়ণ কৰা নাই।

ইয়াৰ উদাহৰণ স্বৰূপে নিউ বঙাইগাঁওৰ পৰা আজ্ঞাঠুৰিলৈ হ’বলগীয়া দ্বৈত ৰেলপথৰ কথা তেওঁ উল্লেখ কৰে। ‘কংগ্ৰেছে ইয়াৰ কৃতিত্ব পাব বুলিয়েই বিজেপিয়ে এই কাম আগবঢ়োৱা নাই আৰু অসমৰ ৰেলযাত্ৰীক জীয়াতু ভূগাইছে’, দেৱব্ৰত শইকীয়াই কয়।

আনকি বিজেপি চৰকাৰেই ঘোষণা কৰা উত্তৰ-পূৱত বিমান সেৱা সম্প্ৰসাৰণো এতিয়া কাৰ্যক্ষেত্ৰত একোৱেই নহ’ল বুলি শইকীয়াই দাবী কৰে। কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে অসমৰ বাবে ঘোষণা কৰা ‘পথ প্ৰকল্প’ৰ কামো একো আগনাবাঢ়িল বুলিও তেওঁ মন্তব্য কৰে।

একেদৰে ৰাজ্যত চলি থকা চিণ্ডিকেট আৰু দূৰ্নীতিৰ তদন্তৰ প্ৰতিবেদনো বিধান সভাত এতিয়ালৈ দাখিল নোহোৱা বিষয়টোতো দেৱব্ৰত শইকীয়াই অসন্তুষ্টি প্ৰকাশ কৰে।

Recent News

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে…  জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd