NORTHEAST NOW (Assamese)

মাজুলীৰ ঐতিহাসিক বংশীগোপাল নাট্য মন্দিৰৰ শতবর্ষ উদযাপন

August 23, 2019 2:28 pm · মিটু খাটনিয়াৰ
ফটো : নৰ্থ-ইষ্ট নাও

মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰৰ ঐতিহাসিক বংশীগোপাল নাট্য মন্দিৰে আজি সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল শত বৰ্ষ।

অসমৰ দ্বিতীয় প্ৰাচীন ৰংগমঞ্চতেই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক বকুল বনৰ কবি আনন্দ ছন্দ্ৰ বৰুৱাই প্ৰদান কৰিছিল সুধাকণ্ঠ উপাধি।

আজি কৃষ্ণ জন্মাষ্টমীৰ দিনাই ১০০ বছৰ অতিক্ৰম কৰিছে এই নাট্য মন্দিৰে। মাজুলীৰ প্ৰথম মঞ্চ  ৰাস লীলাৰ শুভাৰম্ভ হৈছিল বংশীগোপাল নাট্য মন্দিৰত।

স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ দ্বাৰা ৰচিত নাটেৰে আৰম্ভ হৈছিল ৰাস লীলাৰ।

পীতাম্বৰ দেৱ গোস্বামী আছিল একেধাৰে সমাজ সংস্কাৰক, সাহিত্যিক, প্ৰাচ্যতত্ত্ববিদ, মক্তিযুঁজাৰু আৰু ৰাজনীতিক। অসমৰ ভৌগোলিক পৰিমণ্ডলৰ পৰা বিচ্ছিন্ন মাজুলীৰ দৰে ঠাইত উনবিংশ শতিকাত জন্মগ্ৰহণ কৰি আজীৱন পৰিশ্ৰম কৰি মাজুলীৰ শিক্ষা, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত উন্নত ঠাই ৰূপে গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল এইগৰাকী ব্যক্তিয়ে।

এই মহাপুৰুষ জনাৰ প্ৰচেষ্টাতে গঢ় লৈ উঠা বংশী গোপাল নাট্য মন্দিৰৰে আজি ১০০ বছৰ পূৰ্ণ কৰিলে। এই উপলক্ষে গড়মূৰ বংশী গোপাল নাট্য মন্দিৰত পুৱাৰ পৰা আৰম্ভ হয় বৰ্ণাঢ্য কাৰ্যসূচী।

পুৱা পতাকা উত্তোলন, উষা কীৰ্ত্তন আৰু যুৱতী সকলৰ দ্বাৰা কোৰাছ পৰিবেশন কৰা হয়। তাৰ পাছতে শিল্পী সকলৰ দ্বাৰা ১০০ খন পতাকা উত্তোলন কৰা হয়।

দিনত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মুকলি সভা আৰু নিশা যুৱতী সকলৰ দ্বাৰা মঞ্চস্থ কৰা হ’ব সীতা হৰণ বালি বধ ভাওনাৰ।

অসমৰ বিভিন্ন প্ৰান্তৰ গণ্য মান্য ব্যক্তি সকলে শতবৰ্ষৰ এই অনু্ঠানত অংশ গ্ৰহণ কৰে।

Related News