• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্গা পূজা : প্ৰচাৰবিমুখ শিৱসাগৰৰ ঐতিহাসিক ৰামখাপীঠ দেৱালয়

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 3, 2019 10:58 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিও প্ৰচাৰবিমুখ হৈ আছে শিৱসাগৰৰ ঐতিহাসিক ৰামখাপীঠ দেৱালয়। দেৱালয়ত ২৫০ বছৰ ধৰি পালন কৰি অহা হৈছে শাৰদীয় দুৰ্গা পূজা। বলি বিধানৰ লগতে বৈদিক নীতিৰে মূৰ্তিৰ পৰিৰ্ৱতে দেৱীৰ বিগ্ৰহক পূজা কৰা হয়।

শিৱসাগৰৰ দিখৌমুখৰ দেওঘৰীয়া গাঁৱত অৱস্থিত এই পৌৰাণিক প্ৰাচীন তন্ত্ৰ পীঠ ৰামখাপীঠ দেৱালয়। ১৭৬৯ চনত দিখৌ-দৰিকা-ব্ৰহ্মপুত্ৰৰ সংগম স্থল দিখৌমুখত স্বৰ্গদেও লক্ষী সিংহই পুনৰ নিৰ্মাণ কৰিছিল এই ৰামখাপীঠ দেৱালয়।

Apply Now

শিৱৰ পত্নী সতীক বিষ্ণুৰ সুদৰ্শন চক্ৰই ছেদ কৰাত মূৰৰ অংশ ধেমাজিৰ কেচাইখাটী পিঠত, বুকুৰ পৰা নাভী অংশ এই ৰামখাপিঠত আৰু নাভীৰ তলৰ অংশ কামাখ্যা ধামত পৰিছিল বুলি জনাজাত।

স্থানীয় ৰাইজৰ মতে ১৭৬৯ চনত আহোম স্বৰ্গদেও লক্ষী সিংহই নামনিৰ পৰা নাৱৰে আহি থকা অৱস্থাত তেওঁৰ নাওঁখন দিখৌ মুখৰ দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থলীত ৰৈ যায়। সৈন্য সামন্তৰ পৰা হাতী আনি বহু চেষ্টাৰ পিছতো নাওখন লৰচৰ কৰিব নোৱাৰিলে।

অৱশেষত ৰাতি ৰজাই সপোন দেখিলে যে সেই স্থানত সতীৰ বিগ্ৰহ আছে আৰু বিশেষ কোনো এক স্থানৰ পৰা পূজাৰী আনি পূজা কৰি তেওঁত প্ৰতিষ্ঠা কৰিলেহে তেওঁ সেই স্থানৰ পৰা যাব পাৰিব। ৰজাও সপোনৰ মতে সেই বিশেষ স্থানৰ পূজাৰীক আনি পূজা কৰি নদীৰ মাজৰ পৰা সতীৰ শিলৰ বিগ্ৰহ উদ্ধাৰ কৰি সেই স্থানত প্ৰতিষ্ঠা কৰে।

দেৱীৰ বুকুৰ পৰা নাভী অংশৰ শিলৰ মূৰ্তি উদ্ধাৰ কৰিছিল। স্বৰ্গদেও লক্ষী সিংহই সেই স্থানত এখন পীঠ নিৰ্মাণ কৰি দিয়ে। সেই পীঠ খনেই ৰামখাপীঠ হিচাপে জনাজাত হয়।

কালক্ৰমত সেই পীঠখন ব্ৰহ্মপুত্ৰ আৰু দিখৌ নদীৰ খহনীয়াত চাৰিবাৰ কৈ আন স্থানলৈ হস্তান্তৰ কৰিব লগীয়া হয়। ব্ৰহ্মপুত্ৰৰ বুকুত যেতিয়া এই পীঠখন বিলীন হৈ পৰিছিল তেতিয়া বহু সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে যদিও শিলত খোদিত কেইটামান মূৰ্তি, বলি দিয়া তিনিখন দা, শিলৰ প্ৰকাণ্ড মন্দিৰৰ টোপ উদ্ধাৰ কৰি এতিয়া দেৱালয়খনত সংৰক্ষণ কৰি ৰাখিছে।

উল্লেখ্য যে ৰামখাপীঠ দেৱালয়ত প্ৰতিবছৰে দুৰ্গা পূজা উলহ মালহেৰে উদযাপন কৰা হয়। সপ্তমী আৰু অষ্টমীত ইয়াত বলি দিয়াৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। সাধাৰণতে ইয়াত ছাগলী, হাঁহ, পাৰ, জৰা, কুমুৰা আৰু কুঁহিয়াৰ বলি দিয়া হয়।

দুৰ্গা পূজাত ৰামখাপীঠ দেৱালয়ত উত্তৰপাৰৰ ধেমাজি, লখিমপুৰ, দিচাংমুখ আদি অঞ্চলৰ মিচিং সম্প্ৰদায়ৰ লোকৰ সমাগম বেছি হয়। এই পীঠত দুৰ্গাদেৱীৰ মৃন্ময় মুৰ্তিৰ পূজা কৰা নহয়। দেৱীৰ বিগ্ৰহক বৈদিক নিয়মেৰে পূজা কৰা হয়। দুৰ্গা পূজাৰ লগতে এই পীঠত শিৱৰাত্ৰী, বাসন্তী পূজা, লক্ষ্মী পূজাও অনুষ্ঠিত হয়।

ৰামখাপীঠ দেৱালয় পুনৰ প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা আজি পৰ্যন্ত মাটিগাৰু পৰিয়ালৰ পূজাৰীৰ দ্বাৰা দৈনিক পুৱা দেৱীৰ বিগ্ৰহ ধুৱাই পূজা কৰি অহা হৈছে। এই পৰম্পৰা ৰজাৰ দিনৰে পৰা চলি আহিছে। দিখৌমুখৰ বিখ্যাত  বৰঠাকুৰ পৰিয়ালে ৰামাখাপীঠ দেৱালয়ত পূজা কৰি আহিছে। ৰামখাপীঠত পূজা কৰা মাটিগাৰু বংশৰ প্ৰথমজন পূজাৰী আছিল জগদানন্দ।

এই ৰামখাপীঠ দেৱালয় দিখৌমুখৰ বৰঠাকুৰ, বৰা, বাৰিক, বৰুৱা আৰু লেউজ এই পাঁচটা পৰিয়ালে পৰিচালনা কৰি আহিছে অতীজৰে পৰা।

কিন্তু এই ঐতিহাসিক পীঠখন প্ৰচাৰৰ ক্ষেত্ৰত আন আন পীঠৰ তুলনাত আজিও পিছ পৰি আছে। দেৱীৰ বিগ্ৰহ থকা এই পীঠখনৰ মহত্বৰ বিষয়ে অসম তথা শিৱসাগৰবাসীয়ে আজিও ভালদৰে নাজানে।

চৰকাৰী সা সুবিধা কিছু পৰিমাণে লাভ কৰিছে যদিও এই পীঠখনৰ প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। বহু সচেতন ব্যক্তিৰ দান বৰঙণিৰ সহায়ত চাৰিবছৰৰ পূৰ্বে বৰ্তমানৰ স্থানত স্থায়ীভাৱে এই ৰামখাপীঠ দেৱালয় স্থাপন কৰা হৈছে।

পূৰ্বে এই পীঠৰ লগত এটা নামঘৰ লগ লাগি আছিল। এটা ফালে নামঘৰত ভাগৱতৰ থাপনাৰ থকাৰ বিপৰীতে আনটো ফালে পীঠত দেৱীৰ বিগ্ৰহ আছিল। পিছত এই পীঠক নামঘৰৰ পৰা আঁতৰাই বেলেগে প্ৰতিষ্ঠা কৰা হয়।

এই দেওঘৰীয়া নামঘৰটোৱে ১ মে ২০০৯ চনতে ২৪০ বছৰ অতিক্ৰম কৰিছিল।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd