• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

অভিযোগ কৰা হৈছে যে ইমিগ্ৰেচন বিভাগৰ বিষয়াসকলে প্ৰথমে তেওঁক তাতেই ৰখায়। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আবদ্ধ হৈ আছিল আঢ়ৈ ঘন্টা সময়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2026 9:09 am
134
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টা ডাঃ জাহেদ উৰ ৰহমানক দিল্লীত প্ৰৱেশ কৰাত বাধা দিয়াৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে।

সোমবাৰে বিয়লি ঢাকাত থকা ভাৰতীয় দূতাবাসৰ চাৰ্জ ডি এফেয়াৰ্ছ তথা উপ-উচ্চায়ুক্ত পৱন বাধেক মাতি নি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰা হয়। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰত চৰকাৰক পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ জৰিয়তে শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও অনুৰোধ জনাইছে।

Apply Now

সূত্ৰ অনুসৰি সোমবাৰে উপ উচ্চায়ুক্ত পৱন বাধেক ৰাষ্ট্ৰীয় অতিথিশালা পদ্মালৈ মাতি নিয়া হয়। তাত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়াসকলে তেওঁৰ পৰা বিতং ব্যাখ্যা বিচাৰি এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পূৰ্বে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী খলিলুৰ ৰহমানে প্ৰধানমন্ত্ৰীৰ নীতি আৰু কৌশল উপদেষ্টা ড০ জাহেদ উৰ ৰহমান দিল্লী বিমানবন্দৰৰ পৰা দেশলৈ উভতি যোৱা ঘটনাটোক ‘অবাঞ্চিত আৰু দুখজনক’ বুলি অভিহিত কৰিছিল। লগতে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ জনায়।

তেওঁ কৈছিল, ‘এয়া এক অভাৱনীয় ঘটনা। লগতে দুৰ্ভাগ্যজনক। এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। আমি দিনটোৰ শেষত আপোনালোকক এই বিষয়ে অৱগত কৰিম।’ বৈদেশিক মন্ত্ৰীৰ মন্তব্যৰ কেইমিনিটমানৰ ভিতৰতে পোহৰলৈ আহিল ভাৰতীয় দূতক তলব কৰাৰ খবৰ।

ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েশ্যনৰ জ্যেষ্ঠ বিষয়া সমিতিৰ ২৮ সংখ্যক বৈঠকৰ আয়োজন কৰা হৈছে নতুন দিল্লীত। ১৫ আৰু ১৬ জুনত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নেতৃত্বত অনুষ্ঠিত হৈছে এই বৈঠক। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ অন্যতম উপদেষ্টা জাহেদ উৰ ৰহমান বাংলাদেশৰ প্ৰতিনিধি হিচাপে এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহিছিল। কিন্তু অভিযোগ কৰা হৈছে যে ইমিগ্ৰেচন বিভাগৰ বিষয়াসকলে প্ৰথমে তেওঁক তাতেই ৰখায়। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আবদ্ধ হৈ আছিল আঢ়ৈ ঘন্টা সময়। ইয়াৰ পিছত চহৰখনত প্ৰৱেশৰ বাবে প্ৰয়োজনীয় অনুমতি পায়।

অৱশ্যে জাহেদে পুনৰ দিল্লীত প্ৰৱেশ কৰিব নিবিচাৰিলে। শ্ৰীলংকাৰ কলম্বো হৈ ঢাকালৈ উভতি যায়। ঢাকাত থকা বৈদেশিক মন্ত্ৰালয়ৰ এজন বিষয়াৰ উদ্ধৃতি দি বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ক কূটনৈতিক পত্ৰৰ জৰিয়তে আনুষ্ঠানিকভাৱে জনোৱা হৈছিল যে জাহেদে আইঅ’ৰাৰ বৈঠকত বাংলাদেশক প্ৰতিনিধিত্ব কৰিব আৰু দেওবাৰে সন্ধিয়া আহিব। দিল্লীত থকা বাংলাদেশৰ উচ্চায়ুক্ত এম ৰিয়াজ হামিদুল্লাইও এই সন্দৰ্ভত সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিষয়াগৰাকীৰ সৈতে ফোনযোগে কথা পাতিছিল।ইয়াৰ পিছত এই পৰিস্থিতি কিয় উদ্ভৱ হ’ল সেয়া স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই ভাৰতে।

মহম্মদ ইউনুছৰ চৰকাৰৰ দিনত ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিছিল। আশা কৰা হৈছিল যে তাৰিক ৰহমানৰ কাৰ্যকালত স্থিতি সলনি হ’ব। অৱশ্যে ইয়াৰ মাজতে এই ঘটনা সংঘটিত হয়।

প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক প্ৰৱেশ কৰিবলৈ নিদিয়াৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক ভাষ্যকাৰ প্ৰতিম ৰঞ্জন বসুৱে শেহতীয়া পৰিঘটনাক বাংলাদেশৰ বিএনপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি নতুন দিল্লীৰ কঠোৰ স্থিতিৰ ইংগিত বুলি অভিহিত কৰে। ‘এক্স’ত এটা পোষ্টত তেওঁ কয়, ‘ফেব্ৰুৱাৰী মাহত বিএনপি ক্ষমতালৈ অহাৰ পিছত ভাৰতে প্ৰথমবাৰৰ বাবে নিজৰ স্থিতি কঠোৰ কৰিছে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd