১৬ আৰু ১৭ ফেব্ৰুৱাৰী ২০১৯ বৰ্ষ। শংকৰী সংস্কৃতি আদৰ্শৰে অনুপ্ৰাণিত এখনি সৰু চহৰ মৰিগাঁও। চহৰখনৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত চৰাইবাহী গাঁৱৰ দাঁতিৰে বৈ যোৱা সোণই নৈৰ তীৰত, জুইফুলীয়া শিমলুৰ আভাত অনুষ্ঠিত হ’ল প্ৰথমবাৰৰ বাবে এখনি নাট সমাৰোহ হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল প্ৰথম প্ৰয়াসত উদ্যোগ ল’লে সেই অঞ্চলৰে নাটবলীয়া এচাম যুৱশক্তিয়ে। তত্বান্বেষীৰ জৰিয়তে মূলতে প্ৰীতম যোগী, পাৰ্থ বৰদলৈ, লক্ষ্য নাথ, বলেন নাথ, বিদ্যুৎ বৰদলৈ, মৃণাল, অৰূপ, আদিৰ এক সাহসী পদক্ষেপ।
বহু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ অন্তত নিৰ্দিষ্ট দিনৰ দূপৰত আৰম্ভ হ’ল সম্পূৰ্ণ প্ৰাকৃতিক ভাৱে সজাই তোলা অস্থায়ী মঞ্চত প্ৰথম বাৰ্ষিক নাটসমাৰোহ হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। মুঠ ৫ খনকৈ নাটৰ সমাহাৰ ঘটা চৰাইবাহী লৈ ঢপলিয়াই গ’ল অসমৰ বিভিন্ন ঠাইৰ নাট্যকৰ্মীসকল।
উদ্দেশ্যে কেৱল অনুপ্ৰেৰণা দিয়া। চৰণদাস চোৰ, ভাইৰাছ, নোপোৱা কৰিলেও পাত, অস্ত্ৰোপচাৰ আৰু বন্ধ্যা এই পাঁচখনকৈ নাটৰ সফল মঞ্চায়নত সমগ্ৰ চৰাইবাহী ৰাইজৰো উৎসাহ লক্ষণীয় আছিল। প্ৰথমবাৰলৈ যেন এই চৰাইবাহীবাসীয়ে নাটকক কিছু বেলেগ ধৰণে উদযাপন কৰিলে।
নাটকীয় এই সংযোগৰ যোগেদি আমাৰো প্ৰীতমবাহিনীৰ স’তে এক আবেগ জড়িত হ’ল। এই যে আৰম্ভ…. ক্ৰমে আকৌ প্ৰত্যাহ্বান সামৰি দ্বিতীয় বাৰৰ বাবেও অনুষ্ঠিত কৰিলে দ্বিতীয় বাৰ্ষিক হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। এইবাৰ শিমলুৰ ৰঙচুৱা আভাত নহ’য় এইবেলি চৰাইবাহীৰ সোণাই নৈৰ হালধীয়া তীৰত জিলিকিল তত্বান্বেষীৰ হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। মুঠ সাতখনকৈ নাটকৰ মঞ্চায়নত পূৰ্বতকৈও দুগুণ উৎসাহ দেখা গ’ল চৰাইবাহী ৰাইজৰ। এঢাপ এঢাপকৈ ৰাজ্যিক পৰ্যায়ৰ পৰা দ্বিতীয় বাৰ্ষিকীত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ হেপাঁহ পূৰ হ’ল প্ৰীতম বাহিনীৰ।
বৰষুণ, স্বাতিৰ মাক হাৱাই চেণ্ডেলৰ ফিটা, সংগ্ৰাম, অম্বিকা গাঁথা, ছুইচাইড আদিৰ নাটকৰ লগতে সুদূৰ পশ্চিমবঙ্গৰ পৰাও আমন্ত্ৰণ কৰিলে দুখনকৈ নাট এক্স ৱাই জেড আৰু ইলা দিদি।
উৎসাহ বোৰ বাঢ়িল পুনৰ এইবৰ্ষতো অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। সোণাই নৈৰ তীৰত সেই একেই নৈসৰ্গিক পৰিৱেশত। ফাগুনৰ আগমণী বতাহৰ বা লাগি নাচি উঠিব তত্বান্বেষীৰ সেউজীয়া মঞ্চ। ১৩ আৰু ১৪ ফেব্ৰুৱাৰি ২০২১ৰ এই নাটসমাৰোহখনি ক’ভিড১৯ এই বিধ্বস্ত পৰিৱেশৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ অনুমতি নাপালে। তথাপি ৰাজ্যৰ ৭ টাকৈ নাট্যদলে অংশ ল’ব এইবাৰৰ সমাৰোহত।
প্ৰথম দিনা নগাঁও শিল্পকাণন নিবেদনত বুঢ়ী আইতাৰ সাধু, পথভ্ৰষ্ট সোণাপুৰৰ অন্তহীন, নগাঁও নিবেদনৰ এজন ডাক্তৰ আৰু এজাক কুকুৰ। একেদৰে দ্বিতীয় দিনা প্ৰথম নিবেদন হ’ব ছন্দ মৰিগাঁৱৰ সভ্যতা সংকট, পথাৰ দুলীয়াজানৰ ছন্দিত গদ্যত এপিয়লা মদ্য অথবা এটি পদ্য অথবা নৈবদ্য, জিৰচং থিয়েটাৰ গুৱাহাটীৰ বান্টি আৰু বাবলী। সমাৰোহখনিৰ শেষ প্ৰযোজনা হ’ব চৰাইবাহী তত্বান্বেষীৰ নামঘৰ।
নাট্য আন্দোলনৰ ধাৰাক আগবঢ়াই নিয়াৰ বাবে নাটকক জনমুখী কৰিবলৈ তত্বান্বেষীৰ কৰ্মকৰ্তা সকলৰ এই যি শাৰীৰিক, মানসিক কষ্ট, সেয়া স্বীকাৰ কৰিব লাগিব। আৰু যেতিয়াই অনুষ্ঠানটি সফল হ’য়, তেতিয়াই কষ্টবোৰ হৈ পৰে অনুপ্ৰেৰণা। এইবৰ্ষটো তত্বান্বেষীৰ হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল সফল হওঁক।