চৰকাৰক সমালোচনা কৰি গৃহ মন্ত্ৰালয়ৰ ৰোষত দেশৰ ৫ বে-চৰকাৰী প্ৰতিষ্ঠানঃ অনুজ্ঞাপত্ৰ বাতিল

Home Ministry Revokes Licenses Of NGOs

প্ৰেক্ষাপটত দেশৰ গৃহ পৰিক্ৰমা দপ্তৰ৷ শেহতীয়াকৈ গীৰ্জাৰ সৈতে জড়িত ৩টা প্ৰধান এনজিঅ’ আৰু আন দুটাৰ এফচিআৰএ অনুজ্ঞাপত্ৰ বাতিল কৰিছে গৃহ মন্ত্ৰালয়ে৷

বুধবাৰে (৩ এপ্ৰিল) ৫টা বৃহৎ বেচৰকাৰী সংস্থাৰ বিদেশী অৱদান পঞ্জীয়ন আইন (এফচিআৰএ) অনুজ্ঞাপত্ৰ বাতিল কৰাৰ পাছত গৃহ মন্ত্ৰালয়ে আইনৰ যথাযথ প্ৰক্ৰিয়াৰ অন্তত এই ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি, অনুজ্ঞাপত্ৰ বাতিল কৰা বেচৰকাৰী সংস্থাসমূহৰ ভিতৰত আছে চিএনআই চিন’ডিকেল ব’ৰ্ড অৱ ছ’চিয়েল চাৰ্ভিচ, ভলাণ্টেৰী হেল্থ এছ’চিয়েচন অৱ ইণ্ডিয়া (ভিএইচএআই), ইণ্ডো-গ্ল’বেল ছ’চিয়েল চাৰ্ভিচ ছ’চাইটি, চাৰ্ছ অক্সিলিয়াৰী ফৰ ছ’চিয়েল একচন আৰু ইভানজেলিকেল ফেল’শ্বিপ অৱ ইণ্ডিয়া (ইএফআই)।

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি ই এফ আইৰ সাধাৰণ সম্পাদক বিজয়েশ লালে নিশ্চিত কৰিছে যে তেওঁলোকৰ এফ চি আৰ এৰ অনুজ্ঞাপত্ৰৰ নবীকৰণৰ আবেদন নাকচ কৰা হৈছে। এই পদক্ষেপত বিজয়েশে যথেষ্ট আশ্চৰ্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ইএফআইয়ে ভাৰতত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হোৱা আক্ৰমণৰ তথ্য সংগ্ৰহ কৰি প্ৰকাশ কৰে। সংস্থাটোৰ প্ৰতিবেদনত হিংসা, গীৰ্জা বা প্ৰাৰ্থনা সভাত হোৱা আক্ৰমণ, নিজৰ ধৰ্ম পালন কৰাসকলক হাৰাশাস্তি, সম্প্ৰদায়ৰ সম্পদৰ বৰ্জন আৰু প্ৰৱেশ সীমিত কৰা, আৰু বিশেষকৈ ‘বলপূৰ্বক ধৰ্মান্তৰকৰণ’ৰ সম্পৰ্কে ভুৱা অভিযোগ আদি বিষয় উল্লেখ কৰে।

ইতিপূৰ্বে ইএফআইয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত খ্ৰীষ্টানসকলৰ ওপৰত হিংসাত্মক ঘটনা তীব্ৰভাৱে বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছিল। ইপিনে এই কাৰ্যত ৰাজনৈতিক বিশ্লেষক আৰু নাগৰিক অধিকাৰ সংগঠনসমূহে কয় যে বিজেপি চৰকাৰে চৰকাৰৰ সমালোচনা কৰা সংগঠনসমূহক দমন কৰিবলৈ লোৱা পদক্ষেপৰ এয়া এটা অংশ।

তালিকাত থকা ভিএইচএআই হৈছে ২৭টা ৰাজ্যিক স্বেচ্ছাসেৱী স্বাস্থ্য সংস্থাৰ ফেডাৰেচন। ইয়াৰ ৱেবছাইট অনুসৰি ই সমগ্ৰ দেশৰ ৪৫০০ৰো অধিক স্বাস্থ্য আৰু উন্নয়ন প্ৰতিষ্ঠানক সংযোগ কৰে।

চিন’ডিকেল ব’ৰ্ড অৱ ছ’চিয়েল চাৰ্ভিচেছ চমুকৈ চিএনআইয়ে দৰিদ্ৰ আৰু শোষিতসকলৰ বাবে দৰিদ্ৰতা নিৰাময় আৰু সামাজিক ন্যায়ৰ ওপৰত কাম কৰে, মূলতঃ দলিত আৰু জনজাতীয় সম্প্ৰদায় আৰু সামাজিক আৰু অৰ্থনৈতিকভাৱে শোষিত হোৱা মহিলাসকলৰ স্বাৰ্থত বহু দিন ধৰি কাম কৰি আহিছে।

অনুজ্ঞাপত্ৰ বাতিল কৰা আন এটা বেচৰকাৰী সংস্থা হৈছে ইণ্ডো-গ্ল’বেল ছ’চিয়েল চাৰ্ভিচ ছ’চাইটি। ইয়াৰ ৱেবছাইট অনুসৰি অনুষ্ঠানটিয়ে সত্য, ন্যায়, স্বাধীনতা আৰু সমতাৰ ওপৰত ভিত্তি কৰি মানৱীয় সামাজিক ব্যৱস্থাৰ বাবে কাম কৰে।

চাৰ্চ অক্সিলিয়াৰী ফৰ ছ’চিয়েল একচন হৈছে ভাৰতৰ অৰ্থডক্স আৰু প্ৰটেষ্টেণ্ট চাৰ্চ ছ’চাইটি গঠিত নেশ্যনেল কাউন্সিল অৱ চাৰ্চৰ সেৱা শাখা। ইয়াৰ ৱেবছাইট অনুসৰি এনজিঅ’টোৱে ‘জাতি, ধৰ্ম, লিংগ আৰু ৰাজনৈতিক সংযোগ নিৰ্বিশেষে দুখীয়াৰ ভিতৰত আটাইতকৈ দুখীয়াৰ বাবে কাম কৰে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ আৰম্ভণিতে তামিলনাডুৰ দুটা খ্ৰীষ্টান সংগঠন– তামিলনাডু ছ’চিয়েল চাৰ্ভিচ ছ’চাইটি আৰু ৱৰ্ল্ড ভিজন ইণ্ডিয়াৰ এফচিআৰএ অনুজ্ঞাপত্ৰও বাতিল কৰিছিল।

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি বিদেশী অনুদানৰ অপব্যৱহাৰৰ অভিযোগত যোৱা দুবছৰত চেণ্টাৰ ফৰ পলিচি ৰিচাৰ্চ, ৰাজীৱ গান্ধী ফাউণ্ডেশ্যন, ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট আৰু অক্সফাম ইণ্ডিয়াকে ধৰি ১০০ৰো অধিক এন জি অ’ই এফ চি আৰ এৰ অনুজ্ঞাপত্ৰ হেৰুৱাইছে।