পঁইতাচোৰা হৈছে এক বিষাক্ত পতংগ। এইবিধ পোকলৈ সকলোৱে ভয় কৰে। কিয়নো ই অতি জটিল বিজাণু বিয়পাই আপোনাৰ পৰিয়ালটোক ৰোগৰ গৰাহলৈ ঠেলি দিব পাৰে। সেয়ে ঘৰখন পঁইতাচোৰামুক্ত কৰি ৰখাতো অতিকৈ প্ৰয়োজনীয়।
কিদৰে পঁইতাচোৰামুক্ত কৰি ৰাখিব আপোনাৰ ঘৰখন?
বহুতে ব্যৱসায়িকভাৱে উপলব্ধ ৰাসায়নিক স্প্ৰে’ ব্যৱহাৰ কৰি পঁইতাচোৰাৰ পৰা ঘৰখনক বচাই ৰাখে যদিও ঘৰত ৰাসায়নিক স্প্ৰে’ ব্যৱহাৰ কৰাটো ভাল নহয়। গতিকে, ৰাসায়নিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে ঘৰুৱা জৈৱিক উপায় ব্যৱহাৰ কৰি পঁইতাচোৰাৰ পৰা মুক্তি পাওক।
তেজপাত : যদি আপুনি পইতাচোৰা খেদিব বিচাৰিছে তেন্তে তেজপাততকৈ ভাল উপায় হয়তো আৰু নাই। তেজপাতৰ গোন্ধ পঁইতাচোৰাই সহ্য কৰিব নোৱাৰে। ঘৰৰ য’ত পইতাচোৰা প্ৰচুৰ পৰিমাণে থাকে তাত তেজপাতৰ গুড়ি বিয়পাই দিব। বা তেজপাত উতলাই সেই পানী ঘৰত ছটিয়াই দিব।
বেকিং চডা আৰু চেনি : চেনিৰ গোন্ধৰ প্ৰতি পঁইতাচোৰা আকৰ্ষিত হয়। গতিকে বেকিং চডাৰ লগত চেনিৰ মিশ্ৰণ বনাওক। এতিয়া এই মিশ্ৰণটো কিছু মিঠাইৰ লগত মিহলাই ঘৰৰ এচুকত থৈ দিব। এই বেকিং ছ’ডা থকা মিঠাই খালে পঁইতাচোৰাৰ মৃত্যু হ’ব।
বৰিক এচিড আৰু আটা : কিছু বৰিক এচিড আৰু আটা মিহলাই লওক। তাৰ পিছত পোক-পৰুৱা থকা ঠাইত বিয়পাই দিব। পঁইতাচোৰাৰ পৰা মুক্তি পাব।
নিমখ আৰু জলকীয়া: এই উপাদান দুটা একেলগে গৰম ৰ’দত শুকুৱাই গুড়ি কৰি লওক। এতিয়া পাউদাৰখিনি পানীত মিহলাই স্প্ৰেৰ বটলত ভৰাই ঘৰৰ চুকত স্প্ৰে কৰিব। আপুনি দেখিব যে পঁইতাচোৰা আৰু আপোনাৰ ঘৰত নাথাকিব।