NORTHEAST NOW (Assamese)

বিশিষ্ট সাহিত্যিক ,সাংবাদিক হোমেন বৰগোঁহাঞি কোভিড পজিটিভ

April 24, 2021 5:02 pm · কল্পজ্যোতি শইকীয়া

ৰাজ্যৰ চাৰিওদিশে এতিয়া ক’ৰ’নাৰ ত্ৰাস। দৈনিক গড়ে দুহেজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে ক’ৰ’নাত। বিশিষ্ট কন্ঠশিল্পী ভিটালী দাসৰ লগতে বহু লোকে ইতিমধ্যে ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছে।

তেনে সময়তে বিশিষ্ট সাহিত্যিক তথা নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোঁহাঞি ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ ওলাইছে।

আজি বৰগোঁহাঞি ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

বৰ্তমান তেওঁ GMCH ৰ কেবিনত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে তেওঁ কোভিড ভেকচিনৰ দুয়োটা ড’জ সম্পূৰ্ণ কৰিলে যদিও অৱশেষত ক’ৰ’ণাত আক্ৰান্ত হ’ল।

তেওঁৰ বয়স ৮৮ বছৰ বুলি জানিব পৰা গৈছে।

বিশিষ্ট সাহিত্যিকগৰাকীৰ আশু আৰোগ্য কামনা কৰি ইতিমধ্যে বহু শুভাকাংক্ষীয়ে ফেচবুকত পোষ্ট দিয়া পৰিলক্ষিত হৈছে।

Related News