সমগ্ৰ দেশজুৰি বৰ্তমান অক্সিজেনৰ বাবে হাহাকাৰ অৱস্থা।
ক’ভিড-১৯ ৰোগীৰ বাবে পৰ্যাপ্ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱে দেশৰ স্বাস্থ্যখণ্ডৰ পঁয়ালগা অৱস্থাক প্ৰতিফলিত কৰি তুলিছে।
অক্সিজেনৰ অভাৱত মৃত্যু হৈছে অসংখ্য ৰোগীৰ।
এই পৰিস্থিতিত দেশৰ জনসাধাৰণ শংকিত হৈ পৰিছে।
চৰকাৰ-প্ৰশাসন-চিকিৎসালয়ৰ সেৱালৈ বাট নাচাই তেওঁলোকে অৱলম্বন কৰিবলৈ বিচাৰিছ এক বিকল্প উপায়।
ঘৰতে কিদৰে অক্সিজেন চিলিণ্ডাৰ সাজিব পাৰি, তাৰ উত্তৰৰ বাবে জনসাধাৰণে গুগলৰ (google) শৰণাপন্ন হৈছে।
গুগল চাৰ্ছত (google search) ট্ৰেণ্ডিং হৈ পৰিছে- ”ঘৰতে কিদৰে অক্সিজেন উৎপাদন কৰিব পাৰি?” (how to make oxygen at home)
শুক্ৰবাৰৰ পুৱাৰ পৰাই গুগলত অক্সিজেন সংক্ৰান্তীয় নানা তথ্যৰ বিষয়ে অৱগত হ’বলৈ চেষ্টা কৰিছে বহুসংখ্যক লোকে।
গুগল ট্ৰেণ্ডিঙৰ তথ্য অনুসৰি, এইক্ষেত্ৰত গুজৰাটৰ বাসিন্দাসকলে আগভাগ লোৱা দেখা হৈছে।
তাৰপাছতে উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ লোকসকলে গুগলত এই সংক্ৰান্তত ব্যষ্ট হৈছে।
উল্লেখযোগ্য যে গুগলত অক্সিজেন উৎপাদন সংক্ৰান্তীয় অনেক চাইট আছে, যিবোৰৰ দ্বাৰা উৎসুকীসকলে বিভিন্ন প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰে।