সমকামিতা অপৰাধ নহয়, যুগান্তকাৰী ৰায় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ; গুৱাহাটীতো আনন্দৰ জোৱাৰ

lgbtqia in guwahati

গুৱাহাটীত এল জি বি টিসকলৰ পূৰ্বৰ সমাৱেশৰ ছবি। আছাম টাইমছৰ সৌজন্যত।

সমকামিতাৰ পৰা ‘অপৰাধ’ৰ মোহৰ গুচাই বৃহস্পতিবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে দিয়া ঐতিহাসিক ৰায়দানে সমগ্ৰ বিশ্বৰ লগতে অসমৰো মানৱ অধিকাৰ কৰ্মী আৰু এল জি বি টি কিউ আই এ’ (lesbian, gay, bisexual, transgender, queer/questioning, intersex, and asexual/allies)সকলক দিছে নতুন উশাহ।

সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ক অধিকাৰ প্ৰাপ্তি আৰু মুক্ত জীৱনৰ পথত এক বিজয়ৰূপে অভিহিত কৰি বৃহস্পতিবাৰে সন্ধিয়া ৫.৩০ বজাত গুৱাহাটীৰ চানমাৰিৰ এনই থিং (জানিবলৈ ক্লিক কৰক www.nething.org) নামৰ নাৰীবাদী সমূহ (feiminist collective)টোত বিভিন্ন মানৱাধিকাৰ কৰ্মী আৰু অগতানুগতিক যৌন পৰিচয়ৰ ব্যক্তিয়ে সমূহীয়া আনন্দ উদযাপন কৰে।

এন ই থিঙ-ত নাৰী অধিকাৰৰ হৈ কাম কৰি অহা এন জি অ’ নৰ্থ ইষ্ট নেটৱৰ্ক (জানিবলৈ ক্লিক কৰক http://www.northeastnetwork.org/) -ৰ ড০ মনীষা বেহলৰ লগতে গুৱাহাটীৰ বিভিন্ন ছাত্ৰ-ছাত্ৰী আৰু কৰ্মীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই কে’ক কাটি আনন্দ উদযাপন কৰে।

‘এইটো আমাৰ অধিকাৰপ্ৰাপ্তিৰ যুঁজৰ আৰম্ভণিহে। আৰু বহু যুঁজ বাকী আছে। আমি আজি দিনজুৰি উদযাপন কৰি আহিছো। সন্ধিয়া এন ই থিঙ-ত বহুবিলাক সমমৰ্মী লোক লগ হৈ কে’ক কাটিলো। দীঘলীপুখুৰীলৈকো গৈ আমি সমৱেত হ’লো। আমাৰ নিজৰ মাজতে আলোচনা কৰিলো- এই যুঁজ আৰম্ভণিহে,’ নৰ্থ ইষ্ট নাও-ক জনালে এনই থিঙ-ৰ ইন্দ্ৰানীয়ে।

আয়াৰলেণ্ডৰ দাবলিন চিতি বিশ্ববিদ্যালয়ত গৱেষণাৰত অসমৰ বিতপী দত্তই এই ৰায়ত আনন্দ প্ৰকাশ কৰি ফে’ছবুকত লিখিছে, ‘মোৰ কান্দিবৰ মন গৈছে!! ইয়াৰ বাবে যুঁজা সকলোলৈকে ধন্যবাদ।’

বৃতিশ্ব প্ৰণীত ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাই যোৱা প্ৰায় ডেৰ শতিকা ধৰি ভাৰতত সমকামিতাক আইন বিৰুদ্ধ কৰি ৰখাৰ বিপৰীতে য়ুকে’ত কিন্তু কাহানিবাই বিলুপ্ত হৈছে এই বিধি।

সন্মত প্ৰাপ্তবয়স্কৰ ‘অস্বাভাৱিক যৌনতা’ক বাধা দিয়াৰ নামত ভাৰতত সমকামিতাক ‘অপৰাধ’ৰূপে চিনাক্ত কৰি অহা ধাৰা ৩৭৭ৰ ‘জন্তু বা শিশুৰ সৈতে যৌনতা বিষয়ক অংশসমূহ বাহাল থাকিব,’ ঘোষণা ন্যায়ালয়ৰ।

লক্ষণীয়ভাৱে ‘ঐকমত্যভাৱে’ এই ৰায় প্ৰদান কৰিছে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ আৰু সাংবিধানিক বিচাৰপীঠৰ আনসকল ন্যায়াধীশ ৰহিন্তন ফলি নৰিমন, দি ৱাই চন্দ্ৰচূড়, এ’ এম খানৱিলকাৰ আৰু ইন্দু মালহ’ত্ৰাই।

সাংবিধানিক বিচাৰপীঠে প্ৰদান কৰা এই যুগান্তকাৰী ৰায়দান সমকামীসকলৰ উপৰি সমতা, মানৱ অধিকাৰ আৰু মত প্ৰকাশৰ অধিকাৰৰ ক্ষেত্ৰটো দিক নিৰ্ণায়ক হিচাপে পৰিগণিত হৈছে।

গণতন্ত্ৰত সংখ্যাগৰিষ্ঠতাৰ মদমত্ততা নহয়; ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ গোট, কেৱল এজন লোকৰো অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা বৃহস্পতিবাৰৰ ৰায়দানত পুনৰবাৰ স্বীকৃত হ’ল ৰায়দানত দেশৰ মুখ্য বিচাৰ্পতি ন্যায়াধীশ দীপক মিশ্ৰই আগবঢ়োৱা মন্তব্যত।

‘সংখ্যাগৰিষ্ঠ মত আৰু সাৰ্বজনীন (popular) নৈতিকতাই সাংবিধানিক অধিকাৰক পৰিচালিত কৰিব নোৱাৰে,’ ৰায়দানত এই মন্তব্য মিশ্ৰৰ।

আনহাতে ১৬৫ বছৰ পূৰ্বে ব্ৰিতিশ্ব প্ৰণীত এই আইনক ‘ঔপনিৱেশিক’ৰূপে অভিহিত কৰিছে ন্যায়াধীশ দি ৱাই চন্দ্ৰচূড়ে। ‘ধাৰা ৩৭৭এ কাৰুণ্য আৰু যন্ত্ৰণাৰে পীড়িত কৰিছে। এই ঔপনিৱেশিক শোষণকাৰী আইনৰ অন্ধকাৰলৈ তেওঁলোকক ঠেলি দিব নোৱাৰি,’ নিজৰ ৰায়ত ক’লে ন্যায়াধীশ চন্দ্ৰচূড়ে।

হিন্দু, মুছলমান, খ্ৰিষ্তান নিৰ্বিশেষে ভাৰতৰ কিছুমান ধৰ্মীয় আৱেগজৰিত সংগঠনে দীৰ্ঘদিনৰ পৰা এই আইনৰ পক্ষ লৈ সমকামিতাৰ বিৰোধিতা কৰি আহিছিল। সমকামিতাক বৈধতা প্ৰদানৰ বিৰোধিতাৰে বৃহস্পতিবাৰৰ ৰায়দানত উপস্থিত ৩টা খ্ৰিষ্তান সংগঠনক এই সন্দৰ্ভত দিহা দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে।

‘ই আপোনাৰ ধৰ্মৰ ওপৰত কি প্ৰভাৱ পেলাইছে? আপোনালোক আগবাঢ়ক আৰু স্ব-ধৰ্মৰ চৰ্চা কৰক,’ খ্ৰিষ্তান সংগঠনক ন্যায়াধীশ নৰিমনৰ দিহা।