• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত প্ৰথমবাৰৰ বাবে হৰ্নবিল ফেষ্টিভেল

উত্তৰ-পূবৰ উৎসৱ আৰু সংস্কৃতিৰ বিনিময় কৰা উচিত : বিপ্লৱ কুমাৰ দেব

NE NOW NEWS তন্ময় চক্ৰবৰ্তী
আগৰতলা , February 8, 2020 3:10 pm

1 min read

Hornbill Festival
2.3k
VIEWS
Share on FacebookShare on Twitter

এটা প্ৰধান উৎসৱ হৰ্নবিল ফেষ্টিভেল এইবাৰ প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত অনুষ্ঠিত কৰা হৈছে।

আজি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে আগৰতলাৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত থকা বাৰামুৰা পাহাৰত থকা বাৰামুৰা ইক’-পাৰ্কত বিশেষ উৎসৱটি উদ্বোধন কৰে।

মুখ্য মন্ত্ৰীজনে লগতে ধনেশ চৰাই চাব পৰাকৈ নিৰ্মাণ কৰা এটা লগ-হাট (কুটীৰ)-ও উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানটোত নিজৰ বক্তব্যত দেবে কয় যে পাহাৰটোত প্ৰায় আঠ-দহটা ধনেশ চৰাইৰ (hornbill) পৰিয়াল আছে।

ধনেশ চৰাই কেন্দ্ৰিক এই হৰ্নবিল ফেষ্টিভেল প্ৰতি বছৰৰ ডিচেম্বৰত নাগালেণ্ডে উদযাপন কৰি আহিছে। ৰাজ্যখনৰ ই আটাইতকৈ প্ৰখ্যাত উৎসৱ, য’লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰো আগমন ঘটে।

এইবাৰ প্ৰথম বাৰ ত্ৰিপুৰাত এই উৎসৱটো অনুষ্ঠিত কৰাৰ কাৰণ দাঙি ধৰি মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে কয়, “আমি উত্তৰ-পূবৰ লোকসকলে পৰস্পৰৰ উৎসৱ আৰু সংস্কৃতিবোৰ বিনিময় কৰিব লাগে। কেৱল নাগালেণ্ডেহে কিয় হৰ্নবিল ফেষ্টিভেল উদযাপন কৰিব লাগে। আমিও যদি এই উৎসৱ পাতো নাগা লোকসকলো ত্ৰিপুৰালৈ আকৰ্ষিত হ’ব। তেওঁলোকে ত্ৰিপুৰা আৰু ইয়াৰ মানুহৰ প্ৰতি এটা আকৰ্ষণ অনুভৱ কৰিব”।

মুখ্য মন্ত্ৰীৰ উপৰি ৰাজ্যখনৰ বন মন্ত্ৰী মাবৰ কুমাৰ জামাতিয়া আৰু বিধায়ক কল্যাণী ৰয়ো অনুষ্ঠানটোত উপস্থিত আছিল।

উৎসৱটিৰ দ্বিতীয় অংশটো তেলিমূৰা টাউনহলত অনুষ্ঠিত হয়, য’ত ধনেশ পক্ষী আৰু ত্ৰিপুৰাৰ বিষয়ে আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।

 

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd