ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; ১৯জন শ্ৰমিকৰ মৃত্যু

ছত্তীশগড়ত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা৷এই দুৰ্ঘটনাত ১৯ জন শ্ৰমিকে প্ৰাণ হেৰুৱাইছে৷ ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলে সোমবাৰে কাৱৰ্ধৰ দুৰ্ঘটনাত আহতসকলক সাক্ষাৎ কৰি জিলাখনত ১৯ জন শ্ৰমিকে প্ৰাণ হেৰুৱা দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰে। ঘটনা সন্দৰ্ভত ভূপেশ বাঘেলে কয়, ‘এয়া অতি দুখজনক ঘটনা, ইয়াত ১৯ জন লোকৰ মৃত্যু হৈছে। এইসকল লোকে টেণ্ডু পাত ছিঙি উভতি আহিছিল যেতিয়া দুৰ্ঘটনা সংঘটিত হয়৷আমি আহতসকলক চিকিৎসালয়ত লগ পাইছো।’

এই দুৰ্ঘটনা সংঘটিত হয় যেতিয়া ২৫ জন শ্ৰমিকে এখন পিকআপত টেণ্ডুৰ পাত সংগ্ৰহ কৰি উভতি আহি থকা অৱস্থাত, দুৰ্ঘটনাৰ সন্মুখীন হৈ খাৱৈত পৰি যায়। ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কাৱৰ্ধ কাণ্ডত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ইয়াৰ সৈতে মই সকলো আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাত নিয়োজিত হৈ আছে।’ কাৱৰ্ধ দুৰ্ঘটনাত লোকৰ মৃত্যুৰ পাছত সোমবাৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইয়ে শোক প্ৰকাশ কৰে। টুইটাৰত পোষ্ট কৰি মুখ্যমন্ত্ৰী ছাইয়ে কয়, ‘কবীৰ্ধম জিলাৰ কুকদুৰ থানা এলেকাৰ বাহপানী গাঁৱৰ সমীপত এখন পিকআপ বাগৰি যোৱাত ১৮ জন গাঁৱৰ লোকৰ মৃত্যু আৰু ৪ জন লোক আহত হোৱাৰ দুখৰ খবৰ পোৱা গৈছে। প্ৰয়োজনীয় নিৰ্দেশনা বিষয়াসকলক দিয়া হৈছে।” বৰ্তমান আহতসকলৰ উন্নত চিকিৎসাৰ বাবে জিলা প্ৰশাসনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী অৰুণ সাওৱেও শোক প্ৰকাশ কৰি কয় যে তদন্তৰ অন্তত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।