মহাৰাষ্ট্ৰত ক্ৰয় কৰাৰ দৰেই দিল্লীতো বিজেপিয়ে ২০-২৫ কোটি টকাৰে আপৰ বিধায়কক কিনিব বিচাৰিছে। এই অভিযোগ কৰিছে আপেই। আপৰ চাৰিজন বিধায়কক ফোনযোগে এনে প্ৰস্তাৱ দিছে বিজেপিয়ে। এনে পৰিস্থিতিৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কাইলৈ দিল্লী বিধানসভাৰ বিশেষ বৈঠক আহ্বান কৰিছে।ইপিনে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ সৈতে বিজেপিৰ বাকযুদ্ধ অব্যাহত আছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী এইবুলি কয় যে তেওঁ সৰ্বশক্তিমান বিজেপিৰ সৈতে যুঁজ দি আছে আৰু ই এখন “মহাভাৰত”ৰ দৰে।
য’ত শাসকীয় পক্ষৰ তদন্ত সংস্থা চিবিআই আৰু ইডিৰ দৰে “সৈন্যবাহিনী” আছে। আনহাতে তেওঁৰ দলৰ প্ৰতি “ভগৱান কৃষ্ণৰ সমৰ্থন” আছে বুলি কেজৰিৱালে কয়। কেজৰিৱালে বিজেপিক কৌৰৱৰ সৈতে তুলনা কয় যে বিজেপি হৈছে পৰাজিত খলনায়ক ।প্ৰাচীন হিন্দু মহাকাব্যৰ বিজয়ী নায়ক পাণ্ডৱসকল তেওঁৰ পক্ষ থকা বুলি কেজৰিৱালে মন্তব্য কৰে। কেজৰিৱালে নিৰ্বাচনমুখী গুজৰাটৰ চাবৰকান্থা জিলাৰ হিম্মতনগৰ চহৰৰ টাউন হল সভাত ভাষণ দি এই মন্তব্য কৰে৷
মুখ্যমন্ত্ৰী কেজৰিৱালে দাবী কৰে যে ভাৰতীয় জনতা পাৰ্টীৰ অপশাসনৰ বাবেই গুজৰাটে এতিয়া প্ৰকৃত পৰিৱৰ্তনৰ বাবে ব্যাকুল হৈ পৰিছে । ৰাজ্য খনত আপে জনসাধাৰণৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে৷ জনতাৰ সমৰ্থনত ভীতিগ্ৰস্ত হৈয়েই কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে দিল্লী আবকাৰী নীতিৰ সন্দৰ্ভত উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত অভিযান চলাইছিল বুলি কেজৰিৱালে কয়।
১৮ দিনীয়া যুদ্ধ আৰম্ভ হোৱাৰ আগতে দুৰ্যোধন (কৌৰৱৰ পক্ষৰ) আৰু অৰ্জুনে (পাণ্ডৱৰ পক্ষৰ) কেনেদৰে ভগৱান কৃষ্ণৰ ওচৰলৈ গৈছিল সেই কাহিনী বৰ্ণনা কৰি কেজৰিৱালে কয়, “এয়া মহাভাৰতৰ দৰে ধৰ্মযুদ্ধ।” অৰ্জুনে ভগৱান কৃষ্ণক তেওঁৰ পক্ষত বিচাৰিছিল, আনহাতে দুৰ্যোধনে তেওঁৰ সেনা বিচাৰিছিল।