গৰমৰ দিনত সকলো লোকেই বাহিৰৰ পৰা আহি হাত মুখ ধোৱে। গৰমত ঘাঁম বা গৰমৰ পৰা হাত সাৰিবলৈ আৰু ঠাণ্ডা দিনত ধূলি-মাকতি চাফা কৰিবলৈ ঘৰলৈ আহিয়েই হাত মুখ ধোৱে।
বহুতেই গৰমত শীতল পানী মুখত ছটিয়াই দি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰে। মুখ আৰু চকুত ঠাণ্ডা পানী ছটিয়াই দিলে শাৰীৰিক অস্বস্তিৰ পৰা উপশম পোৱা যায়। ৰাতিপুৱা শুই উঠিও ঠাণ্ডা পানীৰে মুখখন ধুই সতেজ অনুভৱ কৰিব পাৰি। কিন্তু ঠাণ্ডা পানী বাৰে বাৰে মুখত ব্যৱহাৰ কৰিব লাগেনে? ছালৰ স্বাস্থ্যৰ বাবে ই ভালনে নেকি? জানো আহক –
ছালৰ যত্ন ল’বলৈ হ’লে প্ৰতিদিনে মুখখন পৰিষ্কাৰ কৰিব লাগে। লগতে ঠাণ্ডা পানীৰে মুখ চাফা কৰিলে অধিক সুফল পোৱা যায়। ছালৰ যত্নৰ বাবে কেতিয়াও গৰম পানী ব্যৱহাৰ কৰিব নালাগে। গৰম পানীয়ে ছালখন ৰুক্ষ আৰু সংবেদনশীল কৰি তোলে। বৰঞ্চ ঠাণ্ডা পানী ছালৰ বাবে উপকাৰী। অৱশ্যে শ্ৰেষ্ঠ নহয়।
সাৰ পোৱাৰ পিছত সদায় মুখত ঠাণ্ডা পানী ছটিয়াই দিব লাগে। ইয়াৰ দ্বাৰা মুখ আৰু চকুৰ ফুলা সহজে কমি যাব। ইয়াৰ উপৰিও টোপনিও নাইকিয়া হৈ যাব। আপুনি সতেজ অনুভৱ কৰিব।
ঠাণ্ডা পানীৰে মুখখন ধুলে ছালত ৰক্ত সঞ্চালন ভাল হয়। ই ছালত অক্সিজেনৰ যোগান বৃদ্ধি কৰে। ফোহা, ৰঙা পৰা, খজুৱতি আদি সমস্যাৰ পৰা সহজে হাত সাৰিব পাৰি।
ঠাণ্ডা পানীয়ে ব্ৰণ প্ৰতিৰোধ কৰাত সহায় কৰে। শুকান আৰু ব্ৰণ প্ৰৱণ ছালৰ বাবে ঠাণ্ডা পানী উপকাৰী।
ঠাণ্ডা পানীয়ে ছিদ্ৰবোৰ সংকুচিত কৰি পেলায়। ইয়াৰ বাবে কম চেবাম নিৰ্গত হয়। গৰমৰ দিনত তেলীয়া ছাল আৰু ব্ৰণৰ পৰা মুক্তি পাবলৈ ঠাণ্ডা পানীৰে মুখখন পৰিষ্কাৰ কৰক।