মঙলবাৰে পুৱাৰ পৰা আৰম্ভ হ’ব ছত্তীশগড়ৰ বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰ পূৰ্বেই সোমবাৰে বিয়লি মাওবাদীয়ে সংঘটিত কৰিছে কুটাঘাত। আই ই ডি বিস্ফোৰণে কঁপাইছে ছত্তীশগড়।
ছত্তীশগড়ৰ কনক জালাত সোমবাৰে বিয়লি সংঘটিত হয় এক আই ই ডি বিস্ফোৰণ। বিস্ফোৰণত বিএছএফৰ এজন জোৱানকে ধৰি দুজন ভোটগ্ৰহণ কৰ্মী আহত হয়। আৰক্ষীয়ে দাবী কৰে যে এয়া মাওবাদীৰ আক্ৰমণ।
ভোটগ্ৰহণ আৰম্ভ হোৱাৰ কেইঘণ্টামান পূৰ্বে সংঘটিত হোৱা এই অনাহূত ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যখনত।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, আজি বিয়লি কাংক জিলাৰ ছোটেবেটীয়া আৰক্ষী থানা এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোটগ্ৰহণ কৰ্মীসকল গৈ থকা অৱস্থাত সংঘটিত হয় আই ই ডি বিস্ফোৰণ।
বি এছ এফ আৰু জিলা আৰক্ষী বাহিনীয়ে ছোটেবেটীয়া থানাৰ পৰা কেম্প মাৰবেডা আৰু ৰেনাগাঘাটী ৰেনাগণ্ডি বুথলৈ এস্কৰ্ট কৰি ভোটগ্ৰহণ কৰ্মীসকলক লৈ গৈছিল।
তেনেতে হঠাৎ সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত বি এছ এফৰ কনিষ্টবলকে ধৰি ২ জন প’ল কর্মী আহত হয়৷
প্ৰকাশ চান্দ নামৰ বি এছ এফৰ কনিষ্টবলজনে গুৰুতৰভাবে ভৰিত আঘাত পায়। আটাইকেইজন আহতক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উল্লেখ্য যে অহা ৭ আৰু ১৭ নৱেম্বৰত ছত্তীশগড়ত দুটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে বিভিন্ন বুথত উপস্থিত হৈছে ভোটগ্ৰহণ কৰ্মী। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ কেইঘণ্টামান পূৰ্বে আই ই ডি বিস্ফোৰণে এতিয়া আতংক বিয়পাইছে ভোটগ্ৰহণ কৰ্মী আৰু স্থানীয় বাসিন্দাৰ মাজত।