ডিচেম্বৰ,২০২৩ত সৰ্বকালৰ সৰ্বোচ্চ ঋণৰ বোজাৰ সন্মুখীন ভাৰতীয় পৰিয়াল

ক্ৰমান্বয়ে সংকটৰ চৰম সীমাত উপনীত হৈছে ভাৰতীয় অৰ্থনীতি৷ বিত্তীয় সেৱা সংস্থা মতিলাল অছৱালৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ ঘৰুৱা ঋণৰ মাত্ৰা ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত মুঠ ঘৰুৱা উৎপাদনৰ সৰ্বকালৰ সৰ্বোচ্চ স্তৰত(৪০%) উপনীত হয়৷

প্ৰতিবেদনত কোৱা হৈছে যে নিকা বিত্তীয় সঞ্চয় জিডিপিৰ ৫% অৰ্থাৎ সৰ্বনিম্ন স্তৰলৈ হ্ৰাস পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰ দ্বাৰা ভাৰতৰ আৰ্থিক সংকট বৃদ্ধি পোৱাৰ লক্ষণ স্পষ্ট হৈ পৰিছে।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত দ্য ৱায়াৰে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যই কৈছিল যে ২০২৩ বিত্তীয় বৰ্ষত পৰিয়ালৰ নিকা বিত্তীয় সঞ্চয় প্ৰায় পাঁচ দশকৰ নিম্নতম স্তৰ অৰ্থাৎ – জিডিপিৰ ৫.১% –লৈ হ্ৰাস পাইছে৷ তদুপৰি পৰিয়ালৰ বাৰ্ষিক বিত্তীয় দায়বদ্ধতা তীব্ৰভাৱে বৃদ্ধি পাই জিডিপিৰ ৫.৮% হৈছে, যিটো ২০২২ বিত্তীয় বৰ্ষত ৩.৮%তকৈ অধিক আছিল।প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰ পৰা বুজা যায় যে পৰিয়ালসমূহে তেওঁলোকৰ খৰচৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বৃহৎ পৰিসৰত ঋণ লৈছে।

লগতে পঢ়ক: জেলতেই থাকিব অৰবিন্দ কেজৰিৱাল; জামিন আবেদন নাকচ দিল্লী হাইকোৰ্টৰ

কিন্তু বিত্ত মন্ত্ৰালয়ে এই কথা অস্বীকাৰ কৰি কয় যে ঘৰ-দুৱাৰ, যান-বাহনৰ দৰে প্ৰকৃত সম্পত্তি ক্ৰয় কৰিবলৈ পৰিয়ালে ঋণ লৈছে আৰু এইটো সংকটৰ লক্ষণ নহয়।

কিন্তু দ্য হিন্দুৱে নিজৰ প্ৰতিবেদনত লিখিছে যে ফেব্ৰুৱাৰী মাহত প্ৰকাশিত ২০২২-২৩ চনৰ ৰাষ্ট্ৰীয় আয়ৰ প্ৰথম সংশোধিত অনুমানে পৰিয়ালৰ আনুমানিক নিকা আৰ্থিক সঞ্চয় জিডিপিৰ ৫.৩% লৈ বৃদ্ধি কৰিছে।