NORTHEAST NOW (Assamese)

বিধায়ক আৱাসত গৃহকৰ্মীৰ মৃতদেহ উদ্ধাৰ! নাবালিকা আছিল মৃত সহায়িকাগৰাকী

September 11, 2024 6:09 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টিৰ বিধায়কৰ ঘৰৰ পৰা উদ্ধাৰ হ’ল এজন শিশু শ্ৰমিকৰ মৃতদেহ। বদয় আৰক্ষীয়ে উদ্ধাৰ কৰে নাবালিকা কিশোৰীগৰাকীক।মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি শাৰীৰিক পৰীক্ষাৰ ব্যৱস্থা কৰে।

জানিব পৰা মতে, সোমবাৰে সমাজবাদী পাৰ্টীৰ বিধায়ক জাহিদ বেগৰ ঘৰৰ পৰা এগৰাকী গৃহকৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি মহিলাগৰাকীয়ে সেই ঘৰতে ৮ বছৰ ধৰি আছিল। সোমবাৰে উদ্ধাৰ কৰে তেওঁৰ ওলমি থকা মৃতদেহ। যদিও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই৷

আৰক্ষীয়ে পাছত গম পাই যে বিধায়কৰ ঘৰত শিশু শ্ৰমিক আছিল। ইয়াৰ পিছতে ১৪ বছৰীয়া নাবালিকাগৰাকীক উদ্ধাৰ কৰে। আৰক্ষী অধীক্ষক মীনাক্ষী কাত্যায়নে জনোৱা মতে, নাবালিকাগৰাকীক শাৰীৰিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

মৃত নাজিয়াৰ ঘটনা সন্দৰ্ভত বিধায়কগৰাকীৰ বিৰুদ্ধে শ্ৰম বিভাগে এজাহাৰ দাখিল কৰিছে। ইয়াৰ উপৰিও শিশু শ্ৰমিকক কাম কৰোৱাৰো গোচৰ ৰুজু কৰা হৈছে।

Related News