• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ “পৰম মিত্ৰ” হোৱাৰ বাবেই আম্বানীৰ ৰিলায়েন্সে নিৰ্মাণ কৰিব পাৰে নেকি Private Zoo?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
November 27, 2022 9:38 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে ৰাজ্য তোলপাৰ লগোৱা এটা চৰ্চিত বিষয়। অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা অসমৰ প্ৰতীক এশিঙীয়া গঁড় আম্বানীৰ গুজৰাটৰ ৰিলায়েন্স চিৰিয়াখানালৈ নিয়া হ’ব। তাৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ পৰিল চিৰিয়াখানাৰ সন্মুখভাগ। বিভিন্ন প্ৰকৃতিপ্ৰেমীৰ লগতে চিৰিয়াখানা সুৰক্ষা মঞ্চ, আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছে প্ৰতিবাদ কৰি আৰক্ষীৰ হাতত আটক হ’ল প্ৰতিবাদকাৰী।  তাৰ পাছৰে পৰা একপ্ৰকাৰে শাম কাটিল প্ৰতিবাদ।

কিন্তু বিষয়টো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। আম্বানীৰ ৰিলায়েন্স চিৰিয়াখানাৰ বৈধ্যতাৰ ওপৰত কেতবোৰ প্ৰশ্ন আৰু অন্য চিৰিয়াখানাৰ পৰা নীতি বহিৰ্ভূত জীৱ জন্তুৰ সৰবৰাহ চলিছে নেকি? এই সন্দৰ্ভত পঢ়ক আমাৰ এক বিশ্লেষণাত্মক প্ৰতিবেদন। 

প্ৰথমে আহিছো কি এই আম্বানীৰ ৰিলায়েন্স চিৰিয়াখানা সেই প্ৰসংগলৈ। এইখন চিৰিয়াখানা সম্পূৰ্ণৰূপে ব্যক্তিগত। গুজৰাটৰ জামনগৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা এম ডি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ অধীনত এই প্ৰকল্পটো গঢ়ি তোলা হৈছে। মুঠ ২৮০ একৰ ভূমি আগুৰি আছে এইখন ব্যক্তিগত চিৰিয়াখানাই।

Apply Now

এইখন চৰকাৰৰ বাবে ৰিলায়েন্সে নিৰ্মাণ কৰি দিয়া চিৰিয়াখানা নহয় বা চৰকাৰে ৰিলায়েন্সক নিৰ্মাণৰ বাবে লীজত দিয়া নাছিল। এইখন আম্বানীৰ কনিষ্ঠ পুত্ৰৰ সম্পূৰ্ণ ব্যক্তিগত চিৰিয়াখানা।

এতিয়া প্ৰশ্ন হৈছে এনেধৰণে ব্যক্তিগতভাৱে চিৰিয়াখানা আপুনি বা মই মুকলি কৰিব পাৰিম নে? ব্যক্তিগতভাৱে বনৰীয়া জীৱ-জন্তু  পোহাৰ অধিকাৰ আপোনাৰ মোৰ আছে নে? বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ য়ে এই সন্দৰ্ভত কি কয়?

আইনৰ ৪৮ ধাৰা অনুসৰি কোনেও এনেদৰে ব্যক্তিগতভাৱে বনৰীয়া জীৱ জন্তু পোহপাল দিব নোৱাৰে বা নখ দাঁত ছালো ৰাখিব নোৱাৰে। ইয়াৰ পৰা এটাই স্পষ্ট হ’ল যে আইন বহিৰ্ভূতভাৱে পুঁজিপতিৰ প্ৰভূত্ব বা নৰেন্দ্ৰ মোদীৰ সৈতে থকা মিতিৰালিৰ প্ৰভাৱতে আম্বানীয়ে বিৰাটাকাৰ চিৰিয়াখানা নিৰ্মাণ কৰিছিল।

এইখিনিতে আৰু এটা প্ৰশ্ন উত্থাপিত হৈছে। এই বন্যপ্ৰাণী সুৰক্ষা আইনখন সংশোধন কৰি ব্যক্তিগতভাৱে চিৰিয়াখানা নিৰ্মাণ কৰিব পাৰিব বুলি ক’ৰবাত উল্লেখ কৰিছে নেকি? এই কথাটোও কিন্তু ক’তো আমি দেখিবলৈ নাপালো।

এতিয়া আহিছো অন্য এক প্ৰসংগলৈ। এখন চৰকাৰী চিৰিয়াখানাৰ পৰা ব্যক্তিগত চিৰিয়াখানালৈ জন্তু সৰবৰাহ কৰিব পাৰি নে?  গুজৰাটৰ হালাৰ উৎকৰ্ষ সমিতিয়ে এই সন্দৰ্ভত গুজৰাট উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ কথা উল্লেখ কৰিছো।  জামনগৰৰ এখন ব্যক্তিগত চিৰিয়াখানালৈ বন্যপ্ৰাণী অধিগ্ৰহণ আৰু স্থানান্তৰকৰণত বাধা দিবলৈ আদালতক অনুৰোধ জনাইছিল আবেদনকাৰীয়ে। এয়া আছিল চলিত বৰ্ষৰ ৫ জুলাইৰ কথা।

আবেদনকাৰীৰ মতে ব্যক্তিগত চিৰিয়াখানা মুকলি কৰাৰ কোনো আইন নাই। আবেদনকাৰীয়ে লগতে দাবী কৰে যে চিৰিয়াখানা নিয়ম, ২০০৯ৰ ৯ নং নিয়মৰ অধীনত মিনি চিৰিয়াখানাৰ শ্ৰেণীৰ অধীনত স্বীকৃতি প্ৰদান কৰা হৈছে। ১০ হেক্টৰতকৈও কম মাটি আবণ্টন দিয়া হৈছে এখন মিনি চিৰিয়াখানা, কিন্তু জামনগৰ চিৰিয়াখানাখন ২৮০ হেক্টৰ ভূমিৰে বিশ্বৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা প্ৰতিষ্ঠা কৰা বুলি কোৱা হয়। সেয়েহে আবেদনকাৰীয়ে ব্যক্তিগত চিৰিয়াখানালৈ বন্যপ্ৰাণী বদলি নকৰিবলৈ বা বন্যপ্ৰাণী আবন্টন নকৰিবলৈ ৰাজ্যক নিৰ্দেশ দিবলৈ আদালতক অনুৰোধ জনাইছিল।

এটা কথা স্পষ্ট কৰি দিব পাৰি যে, যিক্ষেত্ৰত ব্যক্তিগত চিৰিয়াখানা মুকলি কৰাৰ নিয়ম বা আইন নাই তেনেক্ষেত্ৰত এখন চৰকাৰী চিৰিয়াখানাৰ পৰা ব্যক্তিগত চিৰিয়াখানালৈ বন্যপ্ৰাণী সৰবৰাহ কৰাৰ কথাই আহি নপৰে।

এইখিনিতে উল্লেখ কৰিছো, ২০২১ চনত দুটাকৈ ব্লেক পান্থাৰ আম্বানীৰ চিৰিয়াখানালৈ ৰপ্তানি কৰা হৈছিল অসম ৰাজ্যিক চিৰিয়াখানাৰ। কি ভিত্তিত এনেধৰণে দুটাকৈ ব্লেক পান্থাৰ সৰবৰাহ কৰা হ’ল বুলি চিৰিয়াখানা কৰ্তৃপক্ষক প্ৰশ্ন কৰাত এখন চুক্তিৰ স্বাক্ষৰৰ ভিত্তিত দুটাকৈ জেব্ৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব বুলি কৈছিল। কিন্তু সেইখন কি ক’ত কেনেকৈ স্বাক্ষৰিত হৈছিল তাৰ কোনো উমান এতিয়ালৈকে পোৱা নাই। কি চুক্তি স্বাক্ষৰ হৈছিল ৰিলায়েন্সৰ লগত? এইক্ষেত্ৰত নিৰবতা অৱলম্বন কৰিছে চিৰিয়াখানাৰ ডিএফঅ’ অশ্বীন কুমাৰে।

অতি হাস্যকৰ কথা আম্বানীৰ চিৰিয়াখানাৰ পৰা দুটা জেব্ৰা যে অহা কথা আছিল সেয়া আজিলৈকে নাহিল। খবৰ অনুসৰি গঁড়ৰ পোৱালী আৰু ব্লেক পান্থাৰৰ বিনিময়ত ৰিলায়েন্সে পঠিয়ালে দুখন ইচুজু বাহন।

এনেকৈ এতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃপাতে পুঁজিপতি ব্যৱসায়ী আম্বানীয়ে নীতি বহিৰ্ভূতভাৱে চিৰিয়াখানা খোলা, অন্য চিৰিয়াখানাৰ পৰা জন্তু নি নিজৰ চিৰিয়াখানা সজোৱা ইত্যাদি কাম কৰিবলৈ সুযোগ পাইছে। যি কাম আপোনাৰ মোৰ দৰে লোকে কৰিলে খাব লাগিব জেইলৰ ভাত।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd