• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপোনাৰ মানসিক চাপ আছে নেকি ? যদি আছে মানসিক চাপৰ পৰা হাত সাৰিবলৈ কৰক এই কেইটা কাম :

জীৱনত ঘটা প্ৰায়বোৰ অভাৱনীয় ঘটনা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। কিন্তু তাৰ বাবে মন ভাঙিব নালাগে। বৰঞ্চ ন উদ্যমেৰে যুঁজি যাব লাগে। সেয়ে এই অভ্যাসবোৰেৰে নিজকে শান্ত কৰক। যাতে সকলো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত আপুনি অনন্য হ’ব পাৰে।

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 8, 2022 4:22 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যক্তিগত জীৱন, পাৰিবাৰিক দায়িত্ব বা কেৰিয়াৰ আদি বিভিন্ন কাৰণত সকলো মানুহৰেই কম বেছি পৰিমাণে মানসিক চাপ থাকে। যাৰ ফলত বিভিন্ন সমস্যা বা ৰোগত আক্ৰান্ত হ’বলগীয়া হয়।

মানসিক চাপ দিনক দিনে আমাৰ আধুনিক জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। কিন্তু যদি আপুনি অনুভৱ কৰে যে আপুনি অহৰহ মানসিক চাপৰ দ্বাৰা আৱদ্ধ হৈ আছে, আতংকিত হৈ আছে তেন্তে সোনকালেই ইয়াক প্ৰতিকাৰ কৰাৰ কথা ভবা উচিত। কাৰণ মানসিক চাপে দীৰ্ঘকালীনভাৱে আপোনাৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পেলাব পাৰে। সেয়ে আজি আমি আপোনাক জনাব খুজিছোঁ মানসিক চাপৰ পৰা হ’বলগা ক্ষতিৰ পৰা প্ৰতিকাৰ লাভ কৰাৰ কেইটামান সহজ উপায় –

Apply Now

 

১. দীঘলকৈ উশাহ এটা লওক

মানসিকভাবে আক্ৰান্ত হৈ থাকিলে আমি বেগেৰে উশাহ নিশাহ নলওঁ। কাৰণ আমি যিকোনো মানসিক সমস্যাৰ সন্মুখীন হ’লে আমাৰ ষ্ট্ৰেছ হৰমনবোৰ নিঃসৰিত হয়। এই হৰমন বিলাকে আমাৰ মনটো ভাৰাক্ৰান্ত আৰু অস্থিৰ কৰি তোলে। কিন্তু আমি দীঘলীয়া উশাহ ললে আমাৰ এই ষ্ট্ৰেছ হৰমন বোৰ বন্ধ হৈ যায়। যাৰ ফলত আমাৰ পেশীবোৰে শিথিলতা লাভ কৰে। মগজুৱে একেলগে বহুত অক্সিজেন পায়। গতিকে যেতিয়া আপুনি মানসিক চাপ অনুভৱ কৰে তেতিয়া কমেও ২ মিনিট দীঘলকৈ উশাহ লওক। দীঘলকৈ উশাহটো লৈ কিছু সময় ভিতৰত ধৰি ৰাখি লাহেকৈ এৰি দিয়ক। এইটো কাম কৰিলে আপুনি মানসিক চাপৰ পৰা যথেষ্ট সকাহ লাভ কৰিব পাৰিব।

 

২. ইতিবাচক দিশবোৰৰ ওপৰত গুৰুত্ব দিয়ক

যিকোনো কঠিন পৰিস্থিতিত আপোনাৰ নেতিবাচক চিন্তা হোৱাটো স্বাভাৱিক। কিন্তু এই চিন্তাত যদি আপুনি ডুব যায় তেতিয়া সমস্যা দুগুণলৈ বৃদ্ধি পায়। কাৰণ, ই আপোনাৰ উদ্বেগ, আতংক অপ্ৰয়োজনীয়ভাৱে বৃদ্ধি কৰে। যেতিয়া কোনো নেতিবাচক চিন্তা মনলৈ আহে, তেতিয়া সেইটোক ইতিবাচক কিবা এটালৈ সলনি কৰিবলৈ চেষ্টা কৰক। এদিন বা দুদিনত কৰিব নোৱাৰিবও পাৰে। কিন্তু চেষ্টা কৰি যাওক। কাম আৰম্ভ কৰাৰ আগতে কল্পনা কৰক যেন কামটো ভালদৰে সম্পূৰ্ণ হৈ উঠিছে।  এনে কৰিলে আপোনাৰ সমস্যা সমাধানত সহজ হ’ব আৰু মানসিক চাপৰ পৰাও আঁতৰি থাকিব পাৰিব।

৩. ৰাতিৰ টোপনিক অগ্ৰাধিকাৰ দিয়ক

যদি আমি ৰাতি ভালদৰে টোপনি নাযাও তেতিয়া আমি কাম কৰিবলৈ শাৰীৰিক আৰু মানসিক দুয়োটা শক্তিয়েই নাপাও। আমি যেতিয়া মানসিকভাবে ভাৰাক্ৰান্ত হৈ থাকোঁ তেতিয়া আমাৰ টোপনি কাগজৰ দৰে পাতল হৈ পৰে। নিদ্ৰাহীনতাই হৈ পৰে শৰীৰৰ আটাইতকৈ শক্তিশালী শত্ৰু। গতিকে ৰাতি ভালদৰে টোপনি মৰাত গুৰুত্ব আৰোপ কৰক। ৰাতি পলমকৈ টোপনি আহিলে চাহ বা কফি সদৃশ খাদ্য পৰিহাৰ কৰক। নিশাৰ আহাৰ লঘুকৈ খাওঁক। মোবাইল-টিভি-লেপটপৰ পৰ্দাৰ পৰা অহা নীলা পোহৰে আমাৰ স্বাভাৱিক টোপনিৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়। সেয়ে ৰাতি শুৱলৈ লোৱা কমেও দুঘণ্টা আগতে নীলা পোহৰ পৰিহাৰ কৰিব লাগে।

৪. ব্যায়াম

ৰক্তচাপ আৰু মানসিক চাপ নিয়ন্ত্ৰণত ব্যায়াম অতি গুৰুত্বপূৰ্ণ। ব্যায়ামৰ সময়ত যিবোৰ হৰম’ন নিৰ্গত হয়, সেইবোৰে আমাৰ মনটোক সতেজ কৰি তোলাৰ লগতে নতুনকৈ চিন্তা কৰাত সহায় কৰে। সেয়ে নিতৌ পুৱা বা গধূলি ব্যায়াম কৰক। অফিচত একেৰাহে বহি থকাৰ সলনি মাজে মাজে বাহিৰলৈ ওলাই গৈ ৫-১০ মিনিট খোজ কঢ়াৰ অভ্যাস কৰক। ইয়াৰ পিছত কামত বহিলে কামৰ বাবে নতুন প্ৰেৰণা লাভ কৰিব। অলপ বিৰতি লৈ কামত বহিলে হয়তো যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব পাৰে!

 

৫. ধ্যান কৰক

ধ্যান কৰিলে মানসিক চাপ কমি যায়। ধ্যান-ধাৰণাই আমাক অধিক শান্তভাৱে চিন্তা কৰিবলৈ বহুদিনৰ পৰা সহায় কৰি আহিছে। বাহ্যিক চাপে তেতিয়া আমাৰ ওপৰত কম প্ৰভাৱ পেলায়। বহুতে ভাবে যে ধ্যান মানে ঘণ্টাৰ পিছত ঘণ্টা ধৰি একে ঠাইতে বহি থকা। ই একেবাৰেই কাৰ্যক্ষম পদ্ধতি নহয়। দিনটোত দুবাৰৰ পৰা তিনিবাৰকৈ ৫ৰ পৰা ১০ মিনিটলৈকে এটা ঠাইত নিৰৱে বহিব, মনহীনভাৱে নিজৰ উশাহ-নিশাহৰ ওপৰত গুৰুত্ব দিব। ইচ্ছা কৰিলে জীৱনৰ দৈনন্দিন ভাল কামবোৰৰ কথা ভাবিব পাৰে। প্ৰতিদিনে শুই উঠাৰ আগতে দিনটোত ঘটা সকলো ভাল কামৰ বাবে ধন্যবাদ দিয়ক, কৃতজ্ঞ হওক। ই আপোনাৰ মনটোক শান্ত কৰিব।

 

৬. ইতিবাচক মানুহৰ লগত থাকক

নেতিবাচক মানসিকতাৰ বন্ধু পৰিহাৰ কৰি ইতিবাচক মনৰ মানুহৰ লগত থাকক।  এজন বা দুজন মানুহ বিচাৰি উলিয়াওক যাৰ লগত আপুনি আড্ডা মাৰি ভাল পায়, যিয়ে আপোনাক বুজি পায়। মানসিক চাপত থাকিলে বন্ধু বা পৰিয়ালৰ সৈতে অধিক সময় কটাব লাগে। আপোনাৰ সমস্যাবোৰ বুজাই দিয়ক। কিন্তু সমস্যাবোৰ শ্বেয়াৰ কৰিলে আপুনি মানসিক চাপমুক্ত হৈ থকাত সহায় লাভ কৰিব।

জীৱনত ঘটা প্ৰায়বোৰ অভাৱনীয় ঘটনা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। কিন্তু তাৰ বাবে মন ভাঙিব নালাগে। বৰঞ্চ ন উদ্যমেৰে যুঁজি যাব লাগে। সেয়ে এই অভ্যাসবোৰেৰে নিজকে শান্ত কৰক। যাতে সকলো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত আপুনি অনন্য হ’ব পাৰে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd