আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ সপোন পূৰণ হোৱা নাই যদিও এইবাৰ কমলা হেৰিছলৈ অপেক্ষা কৰি আছে নেকি আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ? ডেম’ক্ৰেট সদস্য বাকাৰী চেলাৰ্ছে এনে সম্ভাৱনাৰ কথাকে উদঙাই দিছে।
আনহাতে, জানুৱাৰী মাহত ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে পদত্যাগ কৰি কমলাক সেই পদ দিব লাগে বুলি দাবী কৰিছে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ এগৰাকী প্ৰাক্তন সহযোগীয়ে!
যোৱা ৫ নৱেম্বৰৰ নিৰ্বাচনত ট্ৰাম্পৰ বিৰুদ্ধে জয়ী হ’ব নোৱাৰিলে কমলা হেৰিছে। অৱশ্যে তেওঁ চৰ্চাৰ কেন্দ্ৰবিন্দুৰ পৰা আঁতৰি যোৱা নাই। তেওঁৰ ভৱিষ্যতক লৈ এতিয়া জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
লগতে পঢ়কঃ ১০ বছৰত দেশত পথ দুৰ্ঘটনাত মৃত্যু হৈছে ১৫.৩ লাখ লোকৰ; পূৰ্বৰ দশকৰ তুলনাত ৩ লাখ অধিক
দক্ষিণ কেৰ’লিনা হাউছৰ আঠটা কাৰ্যকালৰ ডেম’ক্ৰেট সদস্য চেলাৰ্ছে ভাবে যে বাইডেনে ৭০ বছৰীয়া উদাৰবাদী ন্যায়াধীশ ছোনিয়া ছ’ট’মেয়ৰক অৱসৰ ল’বলৈ বাধ্য কৰি তেওঁৰ ঠাইত হেৰিছক উচ্চতম ন্যায়ালয়ত মনোনীত কৰিব পাৰে আৰু সেয়া ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ আগতেই কৰিব লাগিব। ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ত উদাৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি পাব।
উল্লেখ্য যে চিনেটৰ হিচাপে নিৰ্বাচিত হোৱাৰ আগতে হেৰিছ ছান ফ্ৰান্সিস্কোৰ জিলা এটৰ্নী আছিল, তাৰ পিছত কেলিফৰ্ণিয়াৰ এটৰ্নী জেনেৰেল হৈছিল। পিছলৈ চিনেটৰ আৰু তাৰ পিছত উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।
ন্যায়িক অভিজ্ঞতা নথকা এজন এটৰ্নীক আদালতলৈ মনোনীত কৰা ঘটনা সচৰাচৰ নঘটিলেও, ই বিৰল নহয়। চেলাৰ্ছে আশা কৰিছে যে হেৰিছৰ ক্ষেত্ৰতো এনেকুৱা হ’ব পাৰে। আৰু এবাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত নিৰ্বাচিত হোৱাৰ পিছত অৱসৰ নোলোৱালৈকে ৰাষ্ট্ৰপতিয়ে তেওঁক অপসাৰণ কৰিব নোৱাৰে।
লগতে পঢ়কঃ ৰাতিপুৱা-সন্ধিয়া খোজ কাঢ়িও ক্ষীণাব পৰা নাই? তেন্তে ৬-৬-৬ পদ্ধতিৰে খোজকঢ়া আৰম্ভ কৰক
অৱশ্যে হেৰিছৰ বাবে আন বিকল্পৰো উন্মেষ ঘটিছে। হেৰিছৰ প্ৰাক্তন সহায়ক জামাল ছিমনছে শেহতীয়াকৈ এটা টক শ্ব’ত কয় যে, “ৰাষ্ট্ৰপতি হিচাপে জো বাইডেন মহান, কিন্তু তেওঁ পদত্যাগ কৰি অহা কেইদিনমানৰ বাবে দায়িত্ব কমলাৰ হাতত তুলি দিব লাগে। তেতিয়া কমলাই ৬ জানুৱাৰীলৈকে ৰাষ্ট্ৰপতিৰ দায়িত্ব চম্ভালিব পাৰিব। মহিলা ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব চম্ভালিব পৰা অভিজ্ঞতাও আহিব। মানুহৰ আশাও পূৰণ হ’ব।”
তাৎপৰ্যপূৰ্ণভাৱে ছিমনছৰ প্ৰস্তাৱ ওলোৱাৰ দিনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ (পৰীক্ষা কৰা হোৱা নাই) এটা ভিডিঅ’ও ওলাইছিল।
দেওবাৰৰ সেই ভিডিঅ’টোত দেখা গৈছে যে ৰাষ্ট্ৰপতিগৰাকীয়ে ডেলাৱেৰৰ ওচৰৰ সমূদ্ৰ তীৰত ফাৰ্ষ্ট লেডী জিল বাইডেনৰ সৈতে খোজ কাঢ়িছে যদিও ৮১ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে বালিত বাৰে বাৰে উজুটি খাইছে। সিমানখিনি খোজ কাঢ়িবলৈও তেওঁ দুৰ্বল যেন দেখা গৈছে।
লগতে পঢ়কঃ অশান্ত মণিপুৰ! চি আৰ পি এফৰ গুলীত প্ৰাণ গ’ল ১১ কুকি উগ্ৰপন্থীৰ
সেই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তেওঁৰ পদত্যাগৰ দাবী অধিক তীব্ৰতৰ হৈ পৰিছে। হেৰিছৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বাইডেনে সঁচাকৈয়ে এই দাবীত সঁহাৰি দিবনে? প্ৰশ্ন অৱশ্যেই আছে।