• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ বছৰত দেশত পথ দুৰ্ঘটনাত মৃত্যু হৈছে ১৫.৩ লাখ লোকৰ; পূৰ্বৰ দশকৰ তুলনাত ৩ লাখ অধিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2024 9:01 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত যোৱা দহ বছৰত পথ দুৰ্ঘটনাত ১৫.৩ লাখ নাগৰিকৰ মৃত্যু হৈছে। যিটো কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড় আৰু ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰৰ জনসংখ্যাৰ সমান। এই মৃত্যুৰ সংখ্যা পূৰ্বৰ দহ বছৰৰ তুলনাত তিনি লাখ বেছি। ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত মৃত্যুৰ সংখ্যা আছিল ১২ লাখ ১ হাজাৰ।

কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ে স্বীকাৰ কৰিছে যে মৃতকৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধি পোৱাটো দুৰ্ভাগ্যজনক। বিভিন্ন প্ৰচেষ্টা চলাইও পথ দুৰ্ঘটনা ৰোধ কৰিব পৰা নাই। উল্লেখ্য যে যোৱা এক দশক ধৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে ‘চেভ ড্ৰাইভ চেভ লাইফ’ ৰাষ্ট্ৰীয় অভিযান চলি আছে।

কেন্দ্ৰীয় মন্ত্ৰালয়ে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি ভাৰতত প্ৰতি ১০ হাজাৰ কিলোমিটাৰত পথ দুৰ্ঘটনাত ২৫০ জন লোকৰ মৃত্যু হয়। এই সংখ্যা অষ্ট্ৰেলিয়াত ১১ আৰু আমেৰিকা আৰু চীনত ক্ৰমে ৫৭ আৰু ১১৯জন।

Apply Now

লগতে পঢ়কঃ অশান্ত মণিপুৰ! চি আৰ পি এফৰ গুলীত প্ৰাণ গ’ল ১১ কুকি উগ্ৰপন্থীৰ

নীতিন গাডকাৰীৰ পথ পৰিবহণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দহ বছৰ পূৰ্বে দেশত পঞ্জীয়নভুক্ত বাহনৰ সংখ্যা আছিল ১৫ কোটি। এতিয়া ২৪ কোটিলৈ বৃদ্ধি পাইছে। গাড়ীৰ লগতে বাট-পথো বৃদ্ধি পাইছে। কিন্তু গাড়ীৰ তুলনাত যথেষ্ট কম।

দহ বছৰৰ আগতে দেশত ৪৮ লাখ কিলোমিটাৰ পথ আছিল। ২০১৯ চনত ৬৩ লাখ কিলোমিটাৰলৈ বৃদ্ধি পায়। পথৰ শেহতীয়া পৰিসংখ্যা দিব পৰা নাই মন্ত্ৰালয়ে। কিন্তু পথ দুগুণ কৰাৰ পৰিকল্পনা কাৰ্যকৰী নহ’ল বুলি বিষয়াসকলে স্বীকাৰ কৰে।

কিয় পথ দুৰ্ঘটনাত ইমানবোৰ মানুহৰ অকাল মৃত্যু হৈছে? বিশেষজ্ঞসকলৰ মতে ইয়াৰ কেইবাটাও কাৰণ আছে। সকলোবোৰ সমস্যাৰ সমাধান নোহোৱালৈকে দুৰ্ঘটনা আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাটো কঠিন। নিয়ন্ত্ৰণহীনভাৱে গাড়ী চলোৱা বন্ধ কৰিব পৰা নাই। গাড়ীৰ সংখ্যাৰ লগে লগে বাট-পথ বৃদ্ধি হোৱা নাই। অৱশ্যে এই দুৰ্ঘটনাত মৃত্যুৰ কাৰণ হিচাপে চিকিৎসা ব্যৱস্থাৰ দিশেও আঙুলিয়াইছে বিশেষজ্ঞসকলে। তেওঁলোকে কয় যে দেশত ঘাইপথ আৰু এক্সপ্ৰেছৱে বৃদ্ধি পাইছে। সেইবোৰত দুৰ্ঘটনাৰ হাৰো বৃদ্ধি পাইছে। বহুতে গতি সীমা ভংগ কৰিছে।

লগতে পঢ়কঃ ৰাতিপুৱা-সন্ধিয়া খোজ কাঢ়িও ক্ষীণাব পৰা নাই? তেন্তে ৬-৬-৬ পদ্ধতিৰে খোজকঢ়া আৰম্ভ কৰক

কিন্তু মৃত্যুৰ কাৰণ হ’ল আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হোৱা নাই। ওচৰতে চিকিৎসালয়ৰ অভাৱত ৰক্তক্ষৰণৰ বাবে বহু লোকৰ মৃত্যু হৈছে। তদুপৰি মূৰত আঘাত হ’লে সমস্যা বেছি। পথৰ কাষৰ বহু চিকিৎসালয়ত চিটি স্কেন মেচিনকে ধৰি আধুনিক সঁজুলিৰ অভাৱ, চিকিৎসা আৰম্ভ কৰিবলৈ বহু সময় লাগে। উন্নত বিশ্বত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱাৰ এটা কাৰণ হ’ল আহত লোকে দ্ৰুত চিকিৎসা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm
‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd