দৃশ্যম-১(২০১৫)ৰ কথা নিশ্চয়কৈ সকলো চিনেপ্ৰেমীৰেই মনত আছে। পৰিয়ালকেন্দ্ৰিক অপৰাধ আৰু শিহৰণধৰ্মী এই ছবিখন দৰ্শকে ইমানেই পচন্দ কৰিছিলে যে পৰৱৰ্তী কেইবাবছৰ পৰ্যন্ত বিজয় চালগাউকাৰ আৰু তেওঁৰ পৰিয়াল কোন তাৰিখে গোৱা গৈছিল, সেই লৈ বিভিন্ন প্ৰসংগত চৰ্চা চলিছিল। দৃশ্যমৰ এই প্ৰথমখন ছবিও একে নামৰেই ২০১৩ চনত মুক্তিপ্ৰাপ্ত জিঠু য’ছেফৰ মালায়লম ছবিখনৰ হিন্দী ভাষাত পুনৰনিৰ্মাণেই আছিল। আৰু জিঠু য’ছেফৰেই পৰৱৰ্তী(চিকুৱেল)ছবি দৃশ্যম-২ (২০২১,মালায়ালম)ৰ পুনৰনিৰ্মাণ।
দৃশ্যম-২(হিন্দী)ৰ পৰিচালনা-অভিষেক পাঠকৰ, কাহিনী-জিঠু য’ছেফৰেই,আৰু যুটীয়াভাৱে চিত্ৰনাট্য লিখিছে-অভিষেক পাঠক আৰু আমিল কিয়ান খানে। যোৱা ১৮ নৱেম্বৰত মুক্তিপ্ৰাপ্ত এই ছবিখন বৰ্তমানেও ছবিগৃহত চলি আছে। পূৰ্বৰখনৰ দৰেই মূখ্য ভূমিকাত অভিনয় কৰিছে-অজয় দেৱগণ, শ্ৰীয়া চৰণ, টাবুয়ে। আৰু এক বিশেষ ভূমিকাত এইবাৰ অক্ষয় খান্নাকো দেখিবলৈ পোৱা গ’ল।
ছবিৰ আৰম্ভণি হয় এন্ধাৰ নিশা চাৰ্চলাইট আৰু গাড়ীৰ হেডলাইটৰ পোহৰৰ এক কিছু উত্তেজনাময় দৃশ্যাংশৰে। প্ৰথম অংশৰে পৰাই ছবিখনৰ কাহিনীৰ গতি মন্থৰ। পৰৱৰ্তী সময়ত কাহিনীৰ মূখ্য চৰিত্ৰসমূহৰ জীৱনচৰ্যাকো একেই লেহেমীয়া গতিৰে দেখোৱা হয়। এইখিনি চাই থাকোতেই দৃশ্যম-২ মালায়ালম,অৰ্থাৎ মূল ছবিখনৰ কথা মনলৈ আহিছিল। যোৱা বৰ্ষত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ বিষয়েও লিখিছিলো। গতিকে অৱধাৰিতভাৱেই তুলনামূলক ভাৱ এটা আহি পৰিছিলে।
মালায়ালম ছবিখনৰ আৰম্ভণিৰে পৰাই যি গতিশীলতা, কাহিনীক মনোগ্ৰাহীভাৱে উপস্থাপন কৰা-আদিবোৰৰ হিন্দীখনত অভাৱ দেখা গ’ল। হত্যাৰ দৰে এক অপৰাধ সংঘটিত কৰাৰ পিছত কিমানদিন বা কিমানকালৰ বাবে এজন অপৰাধী আইন-আৰক্ষীৰ আগত ধৰা নপৰাকৈ থাকিব পাৰে, আনকি যেতিয়া তেওঁৰ ওপৰতেই আৰক্ষীৰ সন্দেহৰ দৃষ্টি অহৰহ থাকে! এইখিনিৰ লগত সহাৱস্থান কৰি এটি স্বাভাৱিক জীৱন যাপন কৰোতে কেনেধৰণৰ বাধা বা জটিলতাৰ সন্মুখীন হয়,পাৰেনে বিজয় চালগাউকাৰে এই জটিলতাক পুনৰাই পাৰ কৰি, নিজ পৰিয়ালটোক ৰক্ষা কৰিবলৈ-মূলতঃ এইখিনিক লৈয়েই চিনেমাৰ কাহিনীভাগ।
প্ৰথমাৰ্দ্ধৰ শেষ বা মধ্যান্তৰ বিৰতিৰ সময়ৰ পৰাহে কাহিনীত কিছু উপজীব্য আহে,যদিওবা পৰৱৰ্তী অংশত কি হ’ব সেইখিনি চাবলৈ দৰ্শকৰ কৌতূহল জগাই তুলিব পৰা বিধৰ নহয়। এইখিনিতে চাবলৈ গ’লে দৃশ্যম-১(হিন্দী)খনো এইখনতকৈ অধিক মনোগ্ৰাহী হোৱাৰ লগতে শিহৰণধৰ্মীতাও ইয়াতকৈ বেছি আছিল। দ্বিতীয়াৰ্দ্ধ আৰম্ভ হোৱাৰ পৰা কিছু উত্তেজনা,উদ্বিগ্নতা দেখিবলৈ পোৱা যায়। তথাপিও, শিহৰণধৰ্মী ছবি এখনৰ যি আৱেদনময়ী উপাদান থাকিব লাগে, সেইখিনিৰ অভাৱ পৰিলক্ষিত হ’ল।
আৱহ-সংগীত পৰিস্থিতি সাপেক্ষ। অভিনয়ৰ দিশত তেনেকৈ চকুত লগাকৈ কাৰোৰে অভিনয়ৰ কথা উল্লেখনীয় নহয়। অক্ষয় খান্নাৰ চৰিত্ৰটিক অলপ পৃথকভাৱে দৰ্শোৱা হৈছে যদিও, তেওঁৰ স্বকীয়তাখিনি দেখিবলৈ পোৱা নগ’ল। সামান্য কিছু উৎকন্ঠাৰে চিনেমাৰ অন্ত পৰিছে। এক কথাত ক’বলৈ গ’লে দৃশ্যম-১(হিন্দী)খনৰ দৰে উপভোগ্য হৈ নুঠিল দৃশ্যম-২।
(লেখিকাৰ মেইল- [email protected] )