• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিয় হিন্দী দৃশ্যম-২ ছবিখনে চেৰ পেলাব নোৱাৰিলে দৃশ্যম-১ক? মূল মালয়ালম ছবিখনৰ কিমান কাষ চাপিল!

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
December 4, 2022 1:15 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৃশ্যম-১(২০১৫)ৰ কথা নিশ্চয়কৈ সকলো চিনেপ্ৰেমীৰেই মনত আছে। পৰিয়ালকেন্দ্ৰিক অপৰাধ আৰু শিহৰণধৰ্মী এই ছবিখন দৰ্শকে ইমানেই পচন্দ কৰিছিলে যে পৰৱৰ্তী কেইবাবছৰ পৰ্যন্ত বিজয় চালগাউকাৰ আৰু তেওঁ‌ৰ পৰিয়াল কোন তাৰিখে গোৱা গৈছিল, সেই লৈ বিভিন্ন প্ৰসংগত চৰ্চা চলিছিল। দৃশ্যমৰ এই প্ৰথমখন ছবিও একে নামৰেই ২০১৩ চনত মুক্তিপ্ৰাপ্ত জিঠু য’ছেফৰ মালায়লম ছবিখনৰ হিন্দী ভাষাত পুনৰনিৰ্মাণেই আছিল। আৰু জিঠু য’ছেফৰেই পৰৱৰ্তী(চিকুৱেল)ছবি দৃশ্যম-২ (২০২১,মালায়ালম)ৰ পুনৰনিৰ্মাণ।

দৃশ্যম-২(হিন্দী)ৰ পৰিচালনা-অভিষেক পাঠকৰ, কাহিনী-জিঠু য’ছেফৰেই,আৰু যুটীয়াভাৱে চিত্ৰনাট্য লিখিছে-অভিষেক পাঠক আৰু আমিল কিয়ান খানে। যোৱা ১৮ নৱেম্বৰত মুক্তিপ্ৰাপ্ত এই ছবিখন বৰ্তমানেও ছবিগৃহত চলি আছে। পূৰ্বৰখনৰ দৰেই মূখ্য ভূমিকাত অভিনয় কৰিছে-অজয় দেৱগণ, শ্ৰীয়া চৰণ, টাবুয়ে। আৰু এক বিশেষ ভূমিকাত এইবাৰ অক্ষয় খান্নাকো দেখিবলৈ পোৱা গ’ল।

Apply Now

ছবিৰ আৰম্ভণি হয় এন্ধাৰ নিশা চাৰ্চলাইট আৰু গাড়ীৰ হেডলাইটৰ পোহৰৰ এক কিছু উত্তেজনাময় দৃশ্যাংশৰে। প্ৰথম অংশৰে পৰাই  ছবিখনৰ কাহিনীৰ গতি মন্থৰ। পৰৱৰ্তী সময়ত কাহিনীৰ মূখ্য চৰিত্ৰসমূহৰ জীৱনচৰ্যাকো একেই লেহেমীয়া গতিৰে দেখোৱা হয়। এইখিনি চাই থাকোতেই দৃশ্যম-২ মালায়ালম,অৰ্থাৎ মূল ছবিখনৰ কথা মনলৈ আহিছিল। যোৱা বৰ্ষত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ বিষয়েও লিখিছিলো। গতিকে অৱধাৰিতভাৱেই তুলনামূলক ভাৱ এটা আহি পৰিছিলে।

মালায়ালম ছবিখনৰ আৰম্ভণিৰে পৰাই যি গতিশীলতা, কাহিনীক মনোগ্ৰাহীভাৱে উপস্থাপন কৰা-আদিবোৰৰ হিন্দীখনত অভাৱ দেখা গ’ল। হত্যাৰ দৰে এক অপৰাধ সংঘটিত কৰাৰ পিছত কিমানদিন বা কিমানকালৰ বাবে এজন অপৰাধী আইন-আৰক্ষীৰ আগত ধৰা নপৰাকৈ থাকিব পাৰে, আনকি যেতিয়া তেওঁ‌ৰ ওপৰতেই আৰক্ষীৰ সন্দেহৰ দৃষ্টি অহৰহ থাকে! এইখিনিৰ লগত সহাৱস্থান কৰি এটি স্বাভাৱিক জীৱন যাপন কৰোতে কেনেধৰণৰ বাধা বা জটিলতাৰ সন্মুখীন হয়,পাৰেনে বিজয় চালগাউকাৰে এই জটিলতাক পুনৰাই পাৰ কৰি, নিজ পৰিয়ালটোক ৰক্ষা কৰিবলৈ-মূলতঃ এইখিনিক লৈয়েই চিনেমাৰ কাহিনীভাগ।

প্ৰথমাৰ্দ্ধৰ শেষ বা মধ্যান্তৰ বিৰতিৰ সময়ৰ পৰাহে কাহিনীত কিছু উপজীব্য আহে,যদিওবা পৰৱৰ্তী অংশত কি হ’ব সেইখিনি চাবলৈ দৰ্শকৰ কৌতূহল জগাই তুলিব পৰা বিধৰ নহয়। এইখিনিতে চাবলৈ গ’লে দৃশ্যম-১(হিন্দী)খনো এইখনতকৈ অধিক মনোগ্ৰাহী হোৱাৰ লগতে শিহৰণধৰ্মীতাও ইয়াতকৈ বেছি আছিল। দ্বিতীয়াৰ্দ্ধ আৰম্ভ হোৱাৰ পৰা কিছু উত্তেজনা,উদ্বিগ্নতা দেখিবলৈ পোৱা যায়। তথাপিও, শিহৰণধৰ্মী ছবি এখনৰ যি আৱেদনময়ী উপাদান থাকিব লাগে, সেইখিনিৰ অভাৱ পৰিলক্ষিত হ’ল।

আৱহ-সংগীত পৰিস্থিতি সাপেক্ষ। অভিনয়ৰ দিশত তেনেকৈ চকুত লগাকৈ কাৰোৰে অভিনয়ৰ কথা উল্লেখনীয় নহয়। অক্ষয় খান্নাৰ চৰিত্ৰটিক অলপ পৃথকভাৱে দৰ্শোৱা হৈছে যদিও, তেওঁ‌ৰ স্বকীয়তাখিনি দেখিবলৈ পোৱা নগ’ল। সামান্য কিছু উৎকন্ঠাৰে চিনেমাৰ অন্ত পৰিছে। এক কথাত ক’বলৈ গ’লে দৃশ্যম-১(হিন্দী)খনৰ দৰে উপভোগ্য হৈ নুঠিল দৃশ্যম-২।

(লেখিকাৰ মেইল- [email protected] )

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd