• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এপিএছচি পৰীক্ষাৰ ফলাফল কিমান নিকা আৰু স্বচ্ছ ? – প্ৰশ্ন ডি ৱাই এফ আইৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 13, 2024 7:25 pm
451
VIEWS
Share on FacebookShare on Twitter

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কত গুৰুতৰ অনিয়ম হোৱাৰ সন্দেহ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে।

এপিএছচিৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈ আৰু উত্তৰবহীৰ কপি প্ৰাৰ্থীক দিবলৈ অস্বীকাৰ কৰা কাৰ্যই প্ৰমাণ কৰিছে যে পৰীক্ষাৰ ফলাফল ঘোষণাৰ আঁ‌ৰত গভীৰ ৰহস্য সোমাই আছে। অকল ইমানেই নহয় এপিএছচি কৰ্তৃপক্ষই এইবাৰৰ মাৰ্কশ্বীটত এজন প্ৰাৰ্থীয়ে কোনখন কাকতত কিমান নম্বৰ পাইছে সেয়াও ৰাজহুৱা নকৰিলে। ২০২২ চনৰ এপিএছচিৰ মাৰ্কশ্বীটত প্ৰতিখন কাকতভিত্তিক (মুঠ ছয়খন) নম্বৰ স্পষ্টকৈ উল্লেখ কৰাৰ পিছত দেখা গৈছিল ৰচনাৰ কাকতখনত একাংশ বিশেষ প্ৰাৰ্থীয়ে ৯০ শতাংশৰ পৰা ৯৮ শতাংশ পৰ্যন্ত নম্বৰ লাভ কৰি অসামৰিক সেৱৰ পদলৈ বাছনিভূক্ত হ’বলৈ সক্ষম হৈছিল অথচ সেইসকল প্ৰাৰ্থীয়ে অন্য পেপাৰত ৩০/৩৫ শতাংশ নম্বৰহে পাবলৈ সক্ষম হৈছিল। ইয়াৰ মাজেৰে এপিএছচিৰ বৃহৎ মাৰ্কশ্বীট কেলেংকাৰি তথ্য পোহৰলৈ আহিছিল।

এনেবোৰ কাৰণৰ ওপৰত ভিত্তি কৰিয়ে এপিএছচি কৰ্তৃপক্ষই  এইবাৰো অদৃশ্য শক্তিৰ হেঁ‌চাত মাৰ্কশ্বীটত এপিছচিয়ে ছয়খন কাকতৰ  প্ৰত্যেকখন কাকতৰ নম্বৰ দেখুওৱাৰ সলনি কেৱল লিখিত পৰীক্ষাৰ মুঠ নম্বৰটোহে প্ৰকাশ কৰিছে, ইয়াতে গভীৰ ষড়যন্ত্ৰ লুকাই আছে । বিগত বৰ্ষৰ মাৰ্কশ্বীট কেলেংকাৰি ঢাক দিয়াৰ স্বাৰ্থতে এইবছৰ আটাইকেইখন কাকতৰ নম্বৰ প্ৰকাশ কৰাৰ পৰিৱৰ্তে লিখিত পৰীক্ষাৰ মুঠ নম্বৰটোহে প্ৰকাশ কৰে।

 এপিএছচিৰ প্ৰতিটো কেলেংকাৰিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সন্দেহজনক ভুমিকা আৰু হস্তক্ষেপ প্ৰতিবাৰে পোহৰলৈ আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। সমগ্ৰ প্ৰক্ৰিয়াটোত এপিএছচি কৰ্তৃপক্ষ যে কাৰবাৰ নিৰ্দেশত চলিছে সেয়া তেওঁলোকৰ কামকাজে প্ৰমাণিত কৰিছে।

 আনহাতে কুখ্যাত ৰাকেশ পালৰ সমস্ত কেলেংকাৰি আৰ টি আই যোগে পোৱা তথ্যৰ পৰাই পোহৰলৈ আহিছিল। গতিকে আৰ টি আইৰ যোগে প্ৰাৰ্থীৰ উত্তৰ বহী নিদিয়াৰ অন্তৰালত এপিএছচিৰ ভিতৰ চ’ৰাত ভয়ংকৰ খেলিমেলি লুকাই আছে বুলি ডি ৱাই এফ আইয়ে অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে এইবা মুঠ ৬৭,২৫১ গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা মাত্ৰ ২৩৫ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে। আশ্চৰ্যজনক কথা যে কামৰূপ মেট্ৰ’ জিলাৰ সৰ্বাধিক প্ৰাৰ্থীয়ে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে। কিছুসংখ্যক অৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালৰ প্ৰাৰ্থীয়ে এপিএছচি পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই প্ৰাৰ্থীসকলক শুভেচ্ছা জনাই ডি ৱাই এফ আইয়ে স্পষ্টভাৱে অভিযোগ কৰিছে যে কেইজনমান গৰিব ঘৰৰ প্ৰাৰ্থী উত্তীৰ্ণ হোৱাটোৱে স্বচ্ছ আৰু নিকা পৰীক্ষাৰ মাপকাঠি হ’ব নোৱাৰে। স্বচ্ছ আৰু নিকা পৰীক্ষাৰ অৰ্থ হ’ব লাগিছিল মূল পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ প্ৰাপ্ত নম্বৰ, মাৰ্কশ্বীটত কাকত অনুসৰি নম্বৰ প্ৰকাশ কৰিব লাগিছিল।

একেদৰে যিকোনো প্ৰাৰ্থীয়ে বিচাৰিলে আৰ টি আইৰ যোগেদি উত্তৰবহী পোৱাৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু তাকে নকৰি সমগ্ৰ পৰীক্ষাটোকে গভীৰ সন্দেহৰ মাজলৈ ঠেলি দিছে আৰু ৰাইজৰ সন্দেহ অধিক ঘনীভূত কৰিছে।

  ডি ৱাই এফ আইয়ে দাবী কৰিছে সমগ্ৰ পৰীক্ষাৰ ফলাফল প্ৰক্ৰিয়াৰ তথ্য প্ৰাৰ্থীসকলে পাব পৰাৰ ব্যৱস্থা কৰক। মাৰ্কশ্বীটত প্ৰাৰ্থীসকলৰ প্ৰতি কাকতৰ সম্পূৰ্ণ নম্বৰ উল্লেখ কৰক আৰু আৰটিআইৰ যোগেদি উত্তৰ বহী দিয়াৰ ব্যৱস্থা কৰক।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd