• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুজৰাটৰ জেইলত থাকিও বাবা ছিদ্দিকিক কেনেকৈ হত্যা কৰিলে লৰেন্স বিস্নয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 14, 2024 8:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ কাৰাগাৰত থাকিও লৰেন্স বিস্নয়ে কেনেকৈ হত্যাৰ পৰিকল্পনা কৰিলে বাবা ছিদ্দিকিক? কোনো নাছিল নেকি এই দুধৰ্ষ ডনক বাধা দিবলৈ!  দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ নিমাত কিয়? কিয় নিমাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী?

প্ৰশ্ন হৈছে, গুজৰাটৰ সবৰমতী জেইলত কাৰাৰুদ্ধ হৈ থকাৰ পাছতো কেনেকৈ শ্বুটাৰৰে সম্পৰ্ক বৰ্তাই ৰাখিছে লৰেন্স বিস্নয়ে? ২১ বছৰীয়া জিচান আখতাৰৰে সম্পৰ্ক ৰাখিছিল NCP ৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকিৰ হত্যাত অভিযুক্ত তিনি দুৰ্বৃত্তই। এইগৰাকী জলন্ধৰৰ নিবাসী জিচান আখতাৰ পাতিয়ালা কাৰাগাৰত থাঁকোতেই ২০২২ চনত সম্পৰ্কলৈ আহিছিল লৰেন্স বিস্নয়ৰ গেঙৰ। আৰু তেওঁৰ ডাইৰেকচনতে ছিদ্দিকিক হত্যা কৰিছিল তিনি অভিযুক্তই।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি হত্যাকাণ্ডটো হোৱাৰ দিনটোত বাবা ছিদ্দিকি ক’ত ক’ত গৈছিল তাৰ লোকেশ্বনো তিনি হত্যাকাৰীক দি আছিল জিচান আখতাৰে। এই তিনি অভিযুক্তৰ ভিতৰত ক্ৰমে হাৰিয়ানাৰ কেথল জিলাৰ গুৰমেল সিঙ আৰু আনজন উত্তৰ প্ৰদেশৰ ধৰ্মৰাজক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হত্যাত অভিযুক্ত শিৱকুমাৰ বৰ্তমানো পলাতক।

চলমান খানৰ লগত সম্পৰ্ক থকা প্ৰতিগৰাকীকেই টাৰ্গেটত লৈছে লৰেন্স বিস্নয় গেঙে!

বলীউডৰ ছুপাৰষ্টাৰ চলমানৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰাৰ বাবেই লৰেন্স গেঙৰ টাৰ্গেট হ’ল নেকি বাবা ছিদ্দিকি? তেনে প্ৰেক্ষাপটত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ মৌনতা অতিকৈ ৰহস্যজনক! কেনেকৈ অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ জেইলৰ ভিতৰত থাকিয়ে লৰেন্স বিস্নয়ে শ্বুটাৰ গেঙৰে সম্পৰ্ক স্থাপন কৰি চলাইছে হত্যাকাণ্ড?

প্ৰকাশিত খবৰ অনুসৰি চলিত বৰ্ষৰ ৭ জুনত পঞ্জাৱৰ পাতিয়ালা কাৰাগাৰৰ পৰা মুকলি হৈ জিচান আখতাৰ গৈছিল হাৰিয়ানাৰ কেথল জিলাত থকা অভিযুক্ত গুৰমেলৰ ওচৰলৈ। তাৰ পাছতেই শ্বুটাৰ গুৰমেল পোনে পোনে ৰাওনা হৈছিল মুম্বাইলৈ। আটাইকেইটা হত্যাকাৰী মুম্বাইৰ হোটেলত একেলগে আছিল।

ইপিনে, মুম্বাই আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বলৈকে মুম্বাইতে আছিল জিচানৰ ফোন লোকেশ্ব্যন। হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত মুম্বাই আৰু তাৰ আশে পাশে পোৱা গৈছিল জিচানৰ মোবাইল লোকেশ্বন। ছিদ্দিকক গুলিয়াই হত্যা কৰাৰ সময়তো ছিদ্দিক ক’ত আছিল শ্বুটাৰক জনাইছিল জিচান আখতাৰে। গুজৰাট কাৰাগাৰত আবদ্ধ থাঁকোতেই এইজন গেঙষ্টাৰ লৰেন্স বিস্নয়ে টাৰ্গেট কৰি শ্বুটাৰৰ সহায়ত হত্যা কৰিছিল সংগীত শিল্পী সিদ্ধু মুছেৱালাক। কেইমাহমান পূৰ্বে চলমান খানৰ গেলেক্সি এপাৰ্টমেন্টতো গেঙষ্টাৰ লৰেন্স বিস্নয় গেঙৰ দুই সদস্যই গুলি কৰি ৱাল ফুটাই থৈ গৈছিল।

এতিয়া প্ৰশ্ন হয়, কাৰ সাহসত বলিয়ান হৈ কাৰাগাৰত থাকিয়ে এটাৰ পাছত আন এটা হত্যাকাণ্ড সংঘটিত কৰি গৈ আছে লৰেন্স বিস্নয়ৰ গেঙে? কাৰাগাৰত থাকিয়ে কেনেকৈ ৭০০তকৈয়ো অধিক শ্বুটাৰ পুহি ৰাখিছে লৰেন্স বিস্নয়ে?

কেনেকৈ কানাডা, জাৰ্মানীতো আন্তঃৰাষ্ট্ৰীয় যোগাযোগ বা সংযোগ স্থাপন কৰিব পাৰিলে লৰেন্স গেঙে? ইয়াৰ পাছতো এই গেঙৰ কোনেও একো ক্ষতি কৰিব পৰা নাই সেয়া বৰ্তমানো সন্দেহৰ আৱৰ্তত। কিয় ২০২৩ চনৰ এপ্ৰিল মাহত তিহাৰ জেইলত কাৰাৰুদ্ধ লৰেন্স বিস্নয়ক গুজৰাটৰ সবৰমতী জেইললৈ লৈ যোৱা হ’ল সেয়াও সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। কিয়নো সবৰমতী জেইলৰ পৰাই ফোন, ভিডিঅ’ কলিঙৰ জৰিয়তে লৰেন্স বিসন্য়ে তেওঁৰ গেঙ পৰিচালনা কৰাৰ লগতে কেইবাটাও হত্যাকাণ্ড সংঘটিত কৰিছে। সেয়েহে গুজৰাট চৰকাৰৰ গৃহবিভাগৰ ভূমিকাক লৈয়ো এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।

এই সন্দৰ্ভত NCP নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে এক্সযোগে লিখি কয় গুজৰাটৰ সাবৰমতী কাৰাগাৰত আৱদ্ধ হৈ থকা এজন লোকে মুম্বাইত ভাবুকি দি ঠিকাভিত্তিকভাৱে হত্যাৰ কাম অব্যাহত ৰাখিছে। পূৰ্বতে আমাৰ মুম্বাই আৰক্ষী কেতিয়াও ইমান অসহায় আৰু দন্তহীন নাছিল।

নিশ্চয়কৈ, কাৰাগাৰত আৱদ্ধ থকাৰ পাছতো কেনেকৈ লৰেন্স বিস্নয়ে ইমান বৃহৎ নেটৱৰ্ক চলাই আছে বা সেইবোৰ দেখি শুনিও কিয় অমিত শ্বাহ নেতৃত্বাধীন কেন্দ্ৰৰ গৃহবিভাগে চকু মুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছে সেয়াও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd