DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জেইলৰ ভিতৰত এতিয়া কেনে আছে অখিল গগৈ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 8, 2020 9:17 am
index

কৃষক নেতা অখিল গগৈ (ফাইল ফ'টো)

516
VIEWS
Share on FacebookShare on Twitter

যোৱা বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা বিগত প্ৰায় ২১০ দিন ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈ পুনৰ অসুস্থ বুলি যোৱা দুদিন ধৰি বাতৰি প্ৰচাৰ হৈ আহিছে।

প্ৰচাৰিত বাতৰি অনুসৰি কৃষক নেতাগৰাকী প্ৰচণ্ড জ্বৰ, কাঁহত আক্ৰান্ত হোৱাৰ লগতে দেখা দিছে মহামাৰী ক’ৰ’নাৰ প্ৰায়বোৰ লক্ষণ।

এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যজুৰি বিভিন্ন সংগঠন তথা ব্যক্তিয়ে গগৈৰ উপযুক্ত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনাচৰ্তে মুকলি কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে।

তেনে সময়তে এই সন্দৰ্ভত বৰ্তমান অখিল গগৈ জেইলৰ ভিতৰত কেনে আছে জানিবলৈ নৰ্থ ইষ্ট নাওৰ সাংবাদিকে যোগাযোগ কৰিছিল জেইলৰ অধীক্ষক ৰঞ্জিত বৈশ্যৰ সৈতে।

“অখিল গগৈৰ বৰ্তমান অৱস্থা ঠিকেই আছে। তেওঁৰ ক’ৰ’ণা হৈছে বুলি চিকিৎসকেও নকয়। পেপাৰ-টিভিয়ে তেওঁৰ ক’ৰ’ণা লক্ষণ পোৱা বুলি কয়। এতিয়া তেওঁৰ কি হৈছে চিকিৎসকে জানিব। সময় মতে যিবোৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে কৰাই থকা হৈছে।” আমাৰ সাংবাদিকৰ আগত বৈশ্যই এইদৰে কয়।

ইপিনে, ক’ৰ’ণাৰ উপসৰ্গই দেখা দিয়াৰ পাছত উচ্চ ন্যায়ালয়ে কোভিড টেষ্ট কৰাবলৈ নিৰ্দেশনা দিছিল জেইল কতৃপক্ষক।

সেই নিৰ্দেশনা অনুসৰি আজি পুৱাৰ ভাগত কৃষক নেতাগৰাকীৰ স্বাৱ টেষ্ট কৰোৱা হ’ল বুলি বৈশ্যই আমাৰ সাংবাদিকৰ আগত কয়।

বৰ্তমানলৈকে টেষ্টৰ ৰিজাল্ট অহা নাই বুলি অধীক্ষকগৰাকীয়ে কয়।

জানিব পৰা মতে, বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ১০৮৯ গৰাকী কয়দী আছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কৃষক নেতা ধৈৰ্য কোঁৱৰে জেইলৰ ভিতৰত সামাজিক দূৰত্ব একেবাৰে মানি চলা নহয় বুলি সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

বৰ্তমানলৈকে দুগৰাকীকৈ অপৰাধীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে আৰু দুবাৰকৈ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল কাৰাগাৰখন।

Recent News

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd