কেনে আছে কাৰাবন্দী কেজৰিৱাল? এইমছৰ চিকিৎসকে পৰীক্ষা কৰিছে কেজৰিৱালৰ স্বাস্থ্য

দিল্লীৰ কথিত সুৰা কেলেংকাৰীৰ গোচৰত কাৰাবন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। তাৰ মাজতে কেজৰিৱালৰ স্বাস্থ্যৰ অৱস্থাক লৈ চিন্তিত হৈ পৰিছে কেজৰিৱালৰ অনুৰাগীসকল তথা আম আদমী পাৰ্টি। মধুমেহ ৰোগত আক্ৰান্ত কেজৰিৱালৰ স্বাস্থ্য বিষয়টো গৈ পাইছে ন্যায়ালয়ৰ মজিয়া।

আজি দিল্লীস্থিত এইমছৰ পাঁচজনীয়া চিকিৎসকৰ এটি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্য পৰীক্ষা কৰে। সূত্ৰ অনুসৰি পাঁচজনীয়া চিকিৎসকৰ জানিবলৈ দিয়া মতে বৰ্তমান সুস্থ অৱস্থাত আছে মুখ্যমন্ত্ৰীগৰাকী।

চিকিৎসকৰ দলটোৱে স্বাস্থ্য পৰীক্ষা কৰি অৰবিন্দ কেজৰিৱালক নিয়মিতভাবে ইনচুলিন প্ৰদান কৰিবলৈ জেল কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে।

দিল্লীৰ আদালতৰ নিৰ্দেশত পাঁচজনীয়া চিকিৎসকৰ দলে অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্য পৰীক্ষা কৰে।

তিহাৰ জেলৰ এক সূত্ৰই জনোৱা মতে, তেওঁলোকে কেজৰিৱালক দৈনিক দুটা ড’জ ইনচুলিন লোৱাৰ পৰামৰ্শ দিয়ে। ঔষধৰ নিৰ্ধাৰিত তালিকাত কোনো পৰিৱৰ্তন হোৱা নাই আৰু কেজৰিৱাল “সম্পূৰ্ণ সুস্থ” বুলি চিকিৎসকে জানিবলৈ দিয়ে। এসপ্তাহৰ পাছত পুনৰ কেজৰিৱালৰ স্বাস্থ্যৰ পৰ্যালোচনা কৰিব চিকিৎসকৰ দলতটোৱে।

ইয়াৰ উপৰিও আদালতে কেজৰিৱালক ঘৰতে ৰন্ধা খাদ্য খোৱাৰ অনুমতি প্ৰদান কৰে। অৱশ্যে আদালতে কয় যে চিকিৎসকে দিয়া খাদ্য তালিকা অনুসৰণ কৰিব লাগিব।