নাতাশাক কিমান টকা দিব লাগিব হাৰ্ডিক পাণ্ডিয়াই? বিবাহ বিচ্ছেদৰ পৰা সম্পত্তিক লৈ চলিছে তীব্ৰ জল্পনা-কল্পনা

দীৰ্ঘদিন ধৰি আউল লাগি আছিল হাৰ্ডিক আৰু নাতাশাৰ সংসাৰত। টি-২০ বিশ্বকাপৰ মাজতো বেয়া সময়ে লগ এৰা নাছিল হাৰ্ডিক পাণ্ডিয়াক। সৰ্বত্ৰে আলোচনা চলিছিল দম্পতীহালৰ বিবাহ বিচ্ছেদৰ কথা।

ইয়াৰ মাজতে বৃহস্পতিবাৰে চূড়ান্ত হয় হাৰ্ডিক-নাতাশাৰ বিবাহ বিচ্ছেদৰ কথা।  ইয়াৰ পিছত স্বাভাৱিকতে চৰ্চালৈ সম্পত্তিৰ ভাগ-বতোৱাৰ কথা। হাৰ্দিকৰ সম্পত্তিৰ কিমান শতাংশ তেওঁ লাভ কৰিব পত্নী নাতাশাই? বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিচ্ছেদৰ কথা ঘোষণা কৰাৰ লগে লগে চৰ্চালৈ আহিল এক নতুন প্ৰশ্ন।

হাৰ্দিক-নাতাশা বিচ্ছেদৰ পিছত এতিয়াও স্পষ্ট হোৱা নাই যে কিমান টকা দাবী কৰিব নাতাশাই। বৰ্তমান হাৰ্ডিক পাণ্ডিয়া এজন সফল আৰু জনপ্ৰিয় ক্ৰিকেটাৰ। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯১ কোটি টকা। এটা সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁৰ নিজৰ সম্পত্তিৰ আধাখিনি মাকৰ নামত আছে। হাৰ্দিকৰ মতে তেওঁৰ নিজৰ ওপৰত কোনো বিশ্বাস নাই সেইবাবেই তেওঁ সকলো সম্পত্তি নিজৰ নামত ৰাখিব নিবিচাৰে। সেই কাৰণে তেওঁ সম্পত্তিৰ আধাখিনি মাকৰ নামলৈ হস্তান্তৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

ভাৰতীয় আইন অনুসৰি নাতাশাই বিচ্ছেদৰ পিছত হাৰ্দিকৰ সম্পত্তিৰ পৰা দাবী কৰিব পাৰে। কিন্তু হাৰ্দিকৰ সম্পত্তিৰ কিমান শতাংশ তেওঁ দাবী কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। প্ৰায় চাৰি বছৰ আগতে হাৰ্দিক আৰু নাতাশাৰ বিয়া হৈছিল। দুয়ো একেলগে থাকিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয়। গতিকে দম্পতীহালে একেলগে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে।