দিনটোৰ অধিকাংশ সময় ঘৰত শান্ত হৈ শুই থকা শিশুক দেখি পিতৃ-মাতৃয়ে এক অদ্ভুত মানসিক শান্তি লাভ কৰে। অৱশ্যে এই শান্তি কেতিয়াবা চিন্তাৰ কাৰণ হৈ পৰে যদিহে শিশুটিয়ে অত্যধিক সময় ধৰি শুই থাকে বা গভীৰ টোপনিৰ পৰা সাৰ পাব নিবিচাৰে। ইয়াৰ বিপৰীতে বহু শিশুৱে আকৌ ৰাতি চকু মুদিবলৈ বা শুবলৈ অনিচ্ছা প্ৰকাশ কৰে। আচলতে শিশুৰ সঠিক শাৰীৰিক আৰু মানসিক বিকাশৰ লগত টোপনিৰ এক গভীৰ সম্পৰ্ক আছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় টোপনি ফাউণ্ডেশ্যনে প্ৰদান কৰা তথ্য অনুসৰি, শিশুৰ বয়স অনুযায়ী টোপনিৰ এক নিৰ্দিষ্ট পৰিমাণ থকাটো আৱশ্যক। এই স্বাভাৱিক নিয়মৰ পৰা সামান্য বিচ্যুতিয়েও ভৱিষ্যতে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
বিশেষজ্ঞসকলৰ মতে, নৱজাতক অৰ্থাৎ জন্মৰ পৰা তিনি মাহ বয়সৰ শিশুৰ বাবে টোপনি অতি প্ৰয়োজনীয়। এই সময়ছোৱাত দিনটোৰ ১৭ৰ পৰা ১৮ ঘণ্টা শুব পাৰিলে শিশুটি সম্পূৰ্ণ সুস্থ বুলি ধৰিব পাৰি। ৪ মাহৰ পৰা ১১ মাহ বয়সৰ কেঁচুৱাৰ বাবে ১২ৰ পৰা ১৫ ঘণ্টা টোপনিৰ প্ৰয়োজন হয় আৰু এই সময়ত ১০ ঘণ্টাৰ কম টোপনি শিশুৰ স্বাস্হ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আনহাতে, ১ৰ পৰা ২ বছৰ বয়সৰ শিশুৰ বাবে ১১ৰ পৰা ১৪ ঘণ্টা টোপনি অহাটো আটাইতকৈ আদৰ্শ। ৩ৰ পৰা ৫ বছৰ বয়সীয়া প্ৰিস্কুলৰ শিশুসকলৰ বাবে ১০ৰ পৰা ১৩ ঘণ্টা আৰু ৬ৰ পৰা ১৩ বছৰ বয়সৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে কমেও ৯ ঘণ্টা গভীৰ টোপনিৰ প্ৰয়োজন। কিশোৰ-কিশোৰী অৱস্থাত অৰ্থাৎ ১৪ৰ পৰা ১৭ বছৰ বয়সত ৮ৰ পৰা ১০ ঘণ্টা নিদ্ৰা তেওঁলোকৰ মগজুৰ বিকাশৰ বাবে অপৰিহাৰ্য।
যদি আপুনি লক্ষ্য কৰিছে যে শিশুটিয়ে পৰ্যাপ্ত টোপনিৰ পিছতো দিনটো অনবৰতে টোপনি ভাব অনুভৱ কৰিছে বা অত্যধিক এলেহুৱা হৈ পৰিছে, তেন্তে এই বিষয়টোক লৈ সাৱধান হোৱা উচিত। চিকিৎসকে জনোৱা মতে, ৰক্তহীনতা, থাইৰয়ড বা মেদবহুলতাৰ দৰে ৰোগৰ লক্ষণ হিচাপেও টোপনিৰ এই অস্বাভাৱিকতা দেখা দিব পাৰে। ইয়াৰ উপৰি, মোবাইল বা টেবলেটৰ পৰা ওলোৱা নীলা পোহৰে শৰীৰত মেলাটনিন নামৰ হৰম’ন নিৰ্গত হোৱাত বাধা প্ৰদান কৰে, যাৰ ফলত শিশুৰ টোপনি অহাত বাধা হয়।
সন্তানৰ সু-নিদ্ৰাৰ বাবে অভিভাৱকসকলে কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰিব পাৰে। প্ৰতিদিনে একে সময়তে শুবলৈ আৰু সাৰ পাবলৈ শিশুৰ মাজত এটা ৰুটিন গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। শোৱা কোঠাটো শীতল আৰু আৰামদায়ক কৰি ৰখাৰ লগতে নিয়মিতভাৱে বিচনাৰ চাদৰ আৰু আঠুৱা পৰিষ্কাৰ কৰি ৰাখিব লাগে। শিশুৱে যাতে অতি কমেও শোৱাৰ এঘণ্টা আগতে সকলো ধৰণৰ ডিজিটেল গেজেটৰ পৰা দূৰত থাকে, সেই দিশত নজৰ ৰাখিব লাগে। ৰাতিৰ আহাৰত অত্যধিক টেঙা বা চেনিযুক্ত খাদ্য আৰু পানীয় পৰিহাৰ কৰাটো বুদ্ধিমানৰ কাম। ইয়াৰ উপৰি, দিনৰ ভাগত অলপ ব্যায়াম আৰু ৰাতি শোৱাৰ আগেয়ে পাঁচ মিনিট ধ্যান কৰাৰ অভ্যাস গঢ়ি তুলিলে শিশুক টোপনিৰ সমস্যাৰ পৰা মুক্ত কৰি ৰাখিব পাৰি।





