পাছৱৰ্ড নিদিয়াকৈ কেনেকৈ শ্বেয়াৰ কৰিব ৱাই-ফাই; চাই লওক এই টিপছ্

All villages in India to get free WiFi till March 2020: Ravi Shankar Prasad

প্ৰতিনিধিত্বমূলক ফটো

বৰ্তমান সকলোকে ইন্টাৰনেটৰ প্ৰয়োজন হয়েই। কাৰ্যালয়ৰ কামকে ধৰি ভ্ৰমণলৈকে সকলো সময়তে আমি ইন্টাৰনেট ব্যৱহাৰ কৰো।

অধিক সময়ত আমি ইন্টাৰনেটৰ ব্যৱহাৰ নিজৰ স্মাৰ্ট ফোনৰ মোবাইল ডাটাৰ জৰিয়তে কৰো।

কেতিয়াবা আমাক দ্ৰুত ইন্টাৰনেট সেৱাৰ বাবে ৱাই-ফাইৰ প্ৰয়োজন হয়।

আপোনাৰ ঘৰলৈ অহা বন্ধু বা আলহীয়ে নিশ্চয় আপোনাৰ পৰা ৱাই-ফাইৰ পাছৱৰ্ড বিচাৰে।

কিন্তু আপুনি সকলোৰে সৈতে ৱাই-ফাই পাছৱৰ্ড শ্বেয়াৰ কৰাটো নিশ্চয় নিবিচাৰে।

এনেকুৱা পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ এনেকুৱা টিপছ্ এটা জানি লওক যাৰ দ্বাৰা আপুনি পাছৱৰ্ড শ্বেয়াৰো কৰিব পাৰিব আৰু সন্মুখত থকাজনে একো গমো নাপাব।

এই পদ্ধতিটো হৈছে  QR কোড। আপুনি পাছৱৰ্ডৰ ঠাইত পাছৱৰ্ডৰ QR কোড শ্বেয়াৰ কৰিব পাৰে।

ইয়াৰ দ্বাৰা কেৱল কানেক্ট হোৱাৰ প্ৰক্ৰিয়া দ্ৰুত হোৱাই নহয়, লগতে আপোনাৰ পাছৱৰ্ডো সন্মুখৰজনে জানিব নোৱাৰিব।

মাথোঁ ,সন্মুখত থকা য়ুজাৰজনে QR কোড স্কেন কৰিব লাগিব আৰু তেওঁ লগে লগে ৱাই-ফাইৰ সৈতে কানেক্ট হৈ পৰিব।

এই পদ্ধতি ios আৰু এন্ড্ৰইড য়ুজাৰ দুয়োটাৰ বাবে অতি সহজ।

জানি থওক, এনেকুৱা বহুকেইটা ৱেবছাইট আছে যিয়ে ৱাই-ফাই নাম আৰু পাছৱৰ্ডক QR কোডত কানেক্ট কৰে।

এইক্ষেত্ৰত জনপ্ৰিয় ৱেবছাইট হৈছেঃ www.qrstuff.com আৰু zxing.appspot.com/generator অন্যতম।

এই পদ্ধতিৰে কেনেকৈ কানেক্ট কৰিব ৱাই-ফাই :

১. ওপৰত উল্লেখ কৰা যিকোনো এটা ৱেবছাইটত গৈ ‘WiFi Network’ বা ‘WiFi Login’ৰ অপশ্যন  বাচি লওক।

২. ‘SSID’শাখাত গৈ ৱাই-ফাই নেটৱৰ্কৰ নাম টাইপ কৰক।

৩. ইয়াৰ পাছত ডেডিকেটেড শাখাত পাছৱৰ্ড টাইপ কৰক।

৪. তাৰ পাছত নেটৱৰ্ক টাইপ ছিলেক্ট কৰক। সাধাৰণতে Wi-Fi ইয়াত ‘WPA’ হিচাপে থাকে।

৫. ‘জেনেৰেট’ ত ক্লিক কৰক আৰু QR কোড ডাউনলোড কৰক।

এবাৰ ডাউনলোড হোৱাৰ পাছত আপুনি QR কোডৰ প্ৰিন্ট আউট ল’ব পাৰে। ইয়াক কোনোৱে স্কেন কৰি ৱাই-ফাইৰ সৈতে কানেক্ট কৰিব পাৰে।

iPhone য়ুজাৰে অতি অনায়াসে কেমেৰা এপ অ’পেন কৰাৰ পাছত QR কোডত পইন্ট কৰিব পাৰে। তাৰ পাছত ইয়াত জইন অউশ্যন আহি যাব।

আনহাতে, এণ্ড্ৰইড স্মাৰ্টফোন য়ুজাৰেও এইটো কাম কেমেৰাৰে কৰিব পাৰে।

অৱশ্যে, কিছুমান এণ্ড্ৰইড স্মাৰ্টফোনত এই ফিচাৰ নাহে যদিও এনেকুৱা য়ুজাৰে গুগল প্লে’ ষ্ট’ৰৰ পৰা  QR কোড স্কেনিং এপ ডাউনলোড কৰিব পাৰে।