• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰযুক্তি বিদ্যাৰ প্ৰতিষ্ঠান IIT গুৱাহাটী RSSৰ উত্তৰ পূৱৰ ঘাটি!

নর্থ ইষ্ট নাও by নর্থ ইষ্ট নাও
September 5, 2021 5:27 pm
Ghy IIt
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৱৰ প্ৰযুক্তি বিদ্যাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIT গুৱাহাটী RSSৰ ঘাটি হৈ পৰিছে।

এই বিস্ফোৰক অভিযোগেৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ পত্ৰ India Tomorrowএ।

Apply Now

সংবাদ পত্ৰখনৰ মতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে হিন্দুত্ববাদী আদৰ্শ আৰু দৰ্শন সম্প্ৰসাৰণৰ বাবে IIT গুৱাহাটীক মূল ঘাটি হিচাপে ব্যৱহাৰ কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই।

প্ৰতিবেদনখনৰ মতে উত্তৰ পূৱৰ প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIT গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ মাজত কাৰিকৰী শিক্ষা প্ৰদানৰ পৰিৱৰ্তে RSSৰ আদৰ্শ আৰু দৰ্শনহে প্ৰচাৰ কৰি থকা হৈছে।

প্ৰতিবেদনখনৰ মতে RSSৰ আদৰ্শৰ পৰিপন্থী অথবা বিৰোধী শিক্ষকসকলক প্ৰযুক্তিবদ্যাৰ প্ৰতিষ্ঠানখনৰ পৰা বৰ্খাস্ত কৰি RSSৰ অনুগত শিক্ষকক নিযুক্তি প্ৰদান কৰি শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ ধ্বংস কৰা হৈছে।

উল্লেখ্য যে ভাৰতীয় প্ৰযুক্তি বিদ্যাৰ প্ৰতিষ্ঠানসমূহত দেশৰ অতি মেধাৱী শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰি বিশ্বৰ বিভিন্ন দেশৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত সেৱা আগবঢ়াই আহিছে। এই ক্ষেত্ৰত ভাৰতীয় প্ৰযুক্তি বিদ্যাৰ প্ৰতিষ্ঠানসমূহৰ সমগ্ৰ বিশ্বতে বিশেষ সুনাম আছে।

কিন্তু বিজেপিয়ে ক্ষমতালৈ অহাৰ পিছতে দেশৰ প্ৰযুক্তি বিদ্যাৰ প্ৰতিষ্ঠানসমূহ RSSৰ অধীন হৈ পৰিছে।

IIT গুৱাহাটী সঞ্চালক টিজি সাথিৰাম হৈছে RSSৰ সৈতে জড়িত এগৰাকী ব্যক্তি। পূৰ্বে বাংগালুৰুত কৰ্মৰত সঞ্চালক টিজি সাথিৰাম RSSৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোচাবেলৰ অতি ঘনিষ্ঠ।

প্ৰকাশ পোৱা মতে সঞ্চালক সাথিৰামে IIT গুৱাহাটীৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিলেও তেওঁৰ মুখ্য কাম হৈছে উত্তৰ পূৱত RSSৰ আদৰ্শ প্ৰচাৰ কৰাহে।

এই সাথিৰামে উত্তৰ পূৱত RSSৰ কেবাখনো সভা আয়োজন কৰা বুলিও অভিযোগ আছে, য’ত অসমৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল।

আনহাতে কেন্দ্ৰীয় চৰকাৰে IIT সমূহত RSSৰ অনুগত শিক্ষকক নিযুক্তি দিয়াতো এতিয়া কোনো নতুন কথা হৈ থকা নাই।

ইফালে RSSৰ আদৰ্শক বিৰুদ্ধাচৰণ কৰাৰ বাবেই IIT গুৱাহাটীৰ  Electronics, Electrical আৰু Engineering বিভাগৰ সহকাৰী অধ্যাপক ব্ৰীজেশ কুমাৰ ৰায়ক বৰ্খাস্ত কৰা হৈছিল।

উল্লেখ্য যে অধ্যাপক কুমাৰে ফ্ৰান্সৰ এটা বিখ্যাত কোম্পানীৰ লোভনীয় চাকৰি এৰি সেৱা কৰাৰ মানসেৰে ভাৰতলৈ ঘূৰি আহি IIT গুৱাহাটীত যোগদান কৰিছিল।

শিক্ষাদানৰ দক্ষতাৰ বাবে শিক্ষাৰ্থীসকলৰ মাজত জনপ্ৰিয় হৈ পৰা অধ্যাপক ৰায়ক টিজি সাথিৰামে RSSক সমৰ্থন কৰিবলৈ সৈমান কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল যদিও তেওঁ মান্তি হোৱা নাছিল। ইয়াৰ পিছতে ৰায়ক IIT গুৱাহাটীৰ পৰা বৰ্খাস্ত কৰা হয়।

ইফালে বৰ্খাস্তকৰণ পিছতে অধ্যাপক ৰায়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ওচৰত অভিযোগ দাখিল কৰে যদিও এতিয়ালৈকে তেওঁৰ বৰ্খাস্তকৰণ সম্পৰ্কে কোনো ব্যৱস্থা লোৱা নাই।

আনকি RSSৰ আদৰ্শক সমৰ্থন নকৰা বহু শিক্ষাৰ্থী আৰু গৱেষক শিক্ষাৰ্থীসকলকো IIT গুৱাহাটীয়ে লক্ষ্য কৰি লোৱা বুলি অভিযোগ উঠিছে। ইতিমধ্যে RSSৰ আদৰ্শক বিৰোধ কৰাৰ বাবেই Phdৰ এজন গৱেষক বিক্ৰান্ত সিঙক বৰ্খাস্ত কৰা হৈছিল।

প্ৰতিবেদখনত প্ৰকাশ পোৱা অনুসৰি উত্তৰ পূৱাঞ্চলত RSSৰ আদৰ্শ সম্প্ৰাসৰণৰ খোপনি পুটিবলৈ IIT গুৱাহাটীক লাঞ্চিং পেড হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।

উত্তৰ পূৱত হিন্দুত্ববাদ তথা নিজৰ আদৰ্শ প্ৰচাৰৰ বাবে RSSৰ অভিকেন্দ্ৰ হৈছে অসম।

অসমত হিন্দু-মুছলমানৰ লগতে বহু অনাঅসমীয়া লোকে বসবাস কৰে। অসম আৰু উত্তৰ পূৱৰ আন ৰাজ্যসমূহত RSSএ নিজৰ আদৰ্শ প্ৰচাৰৰ বাবে দীৰ্ঘদিন প্ৰচেষ্টা কৰি আহিলেও অঞ্চলটোৰ সুদৃঢ় ধৰ্মনিৰপেক্ষতাৰ বাবে সফল হোৱা নাছিল।

কিন্তু ২০১৪ত কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ লগে লগে RSSএ উত্তৰ পূৰ্বাঞ্চলত নিজৰ আদৰ্শ প্ৰচাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহক ব্যৱহাৰ কৰিবলৈ ধৰিলে।

এই পৰিকল্পনাৰ অংশ হিচাপে IIT গুৱাহাটীক RSSএ উত্তৰ পূৱত নিজৰ আদৰ্শ প্ৰচাৰৰ বাবে মূল ঘাটি অৰ্থাৎ কেন্দ্ৰ পাতি লৈছে।

ইয়াৰ অংশ হিচাপে অলপতে IIT গুৱাহাটীৰ সঞ্চালক সাথিৰামক সহায় কৰিবলৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে মুম্বাই IITৰ অধ্যাপক ভৰদ্ৰাজ বাপটক IIT গুৱাহাটী আৰু মণিপুৰৰ গৰ্ভনিং ব’ডীৰ সদস্য হিচাপে নিযুক্তি প্ৰদান কৰিছে।

বাপটৰ এই নিযুক্তি নিয়মবৰ্হিভূত বুলিও অভিযোগ উঠিছে। এই বাপট দীৰ্ঘদিন ধৰি মুম্বাই RSSৰ ছাত্ৰ সংগঠন ABVPৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

এইদৰেই RSSএ কেন্দ্ৰীয় চৰকাৰক ব্যৱহাৰ কৰি IITসমূহত প্ৰযুক্তি বিদ্যাৰ শিক্ষা প্ৰদান কৰাতকৈ নিজা আদৰ্শ প্ৰচাৰতহে লাগিছে।

এই পৰিকল্পনাৰেই উত্তৰ পূৱ ভাৰতৰ মূল ঘাটি হিচাপে IIT গুৱাহাটীক RSSএ ব্যৱহাৰ কৰি আহিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই।

নর্থ ইষ্ট নাও

নর্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd