• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

দীৰ্ঘ সময়লৈকে কিদৰে ধৰি ৰাখিব যৌৱন? পুৰুষ-মহিলা সকলোৰে বাবে কেইটামান বৈজ্ঞানিক উপায়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 17, 2024 9:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি সাধাৰণতে ভাবো যে বয়স বঢ়াৰ লগে লগে আমাৰ সৌন্দৰ্য্য ম্লান হৈ পৰে। যৌৱনকালত হৃদয়ত যি কোমল আৰু উন্মাদ অনুভূতি থাকে, সেয়াও হেৰাই যায়। বয়স বৃদ্ধিৰ লগে লগে মুখমণ্ডলত বাৰ্ধক্যৰ ছাপ পৰে। তদুপৰি বহু লোকৰ ক্ষেত্ৰত অকালতে বাৰ্ধক্য আহে।

যদিও বয়সৰ লগে লগে যৌৱন টুটি অহা আৰু বাৰ্ধক্যৰ ফালে গতি কৰাতো এক স্বাভাৱিক তথা প্ৰাকৃতিক নিয়ম, তথাপি বিভিন্ন কৌশল আৰু নীতি-নিয়মৰ দ্বাৰা দীৰ্ঘ সময়লৈকে যৌৱন ধৰি ৰাখিব পাৰি। ইয়াৰ লগতে শৰীৰ আৰু মনটোক সুস্থ কৰি ৰাখিব পাৰি।

Apply Now

দীৰ্ঘ সময়লৈকে যৌৱনটো ধৰি ৰাখিব পাৰিলে জীৱনৰ সুখ-স্বাচ্ছন্দ্য বৰ্তি থাকে। অকালতে বাৰ্ধ্যক বা ৰোগৰ বলি হ’বলগীয়া হ’লে জীৱন নৰকসৰ্দৃশ হয়। জীয়াই থকাত কোনো আনন্দ নাথাকে। গতিকে দীৰ্ঘসময়লৈকে যৌৱন ধৰি ৰখাটো সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ বিষয়।

বাৰ্ধক্য ৰোধ কৰিবলৈ কি কৰিব লাগে?

সময়ৰ লগে লগে আমাৰ কপালত বলিৰেখা পৰিবলৈ ধৰে। মুখত বলিৰেখাৰ ছাপ পৰে। পৰিৱৰ্তিত জলবায়ু, অতিৰিক্ত প্ৰদূষণে আমাৰ ছালখন ক্ষতিগ্ৰস্ত কৰে।

কিছু বছৰ আগলৈকে অকাল বাৰ্ধক্যৰ সমস্যা বৰকৈ দেখা পোৱা নগৈছিল। কিন্তু আজিকালি প্ৰদূষণ, খাদ্যাভাস আৰু জীৱনশৈলীৰ বাবে মানুহ অকালতে বুঢ়া হ’বলৈ ধৰিছে।

উল্লেখ্য যে যৌৱন কেৱল যৌৱনেই নহয়। বয়স মাথোঁ এটা সংখ্যা। মনৰ সজীৱতা এটা ডাঙৰ বস্তু। নব্বৈৰ দশকৰ বহু নায়িকাই এতিয়াও নিজৰ সৌন্দৰ্য্য ধৰি ৰাখিছে। তেওঁলোকৰ বহুতে এতিয়াও যৌৱনকালীন ৰূপ-লাৱণ্য আৰু মানসিকতাৰে বহু লোকৰ হৃদয় জয় কৰি আছে। আজিও নিজৰ ৰূপৰ প্ৰাণৱন্ততাৰে হাজাৰ হাজাৰ যুৱকৰ টোপনি কাঢ়ি নিয়ে নব্বৈ দশকৰ কিছুমান নায়িকাই।

যৌৱন ধৰি ৰখাৰ এক উজ্জ্বল নিদৰ্শন হৈছে নব্বৈৰ দশকৰ জনপ্ৰিয় নায়িকা ৰেখা। সত্তৰ বছৰৰ ওচৰ চাপিলেও তেওঁ যৌৱন বজাই ৰাখিছে। মুখত কোনো বলিৰেখা নাই ৰেখাৰ। বিভিন্ন অনুষ্ঠানত ৰেখাৰ সাজ-পোছাক চাই কোনোৱেই তেওঁক সত্তৰৰ দশকৰ মহিলা বুলি নাভাবে।

কিন্তু সত্তৰ বছৰ বয়সতো যৌৱন ধৰি ৰখাটো কেনেকৈ সম্ভৱ? ইয়াৰ আঁৰৰ কাৰণ কি? কিছুমান নিয়ম যুৱক-যুৱতীসকলে দীৰ্ঘদিন ধৰি মানি চলিব লাগিব। আহকচোন কিছুমান অভ্যাসৰ বিষয়ে জানো যিবোৰে আপোনাক দীৰ্ঘদিনলৈ ডেকা কৰি ৰাখিব-

১. পানীযুক্ত ফল বেছিকৈ খাব লাগে। আঙুৰ, তৰমুজ, মধুৰীআম আদি ফলমূল নিয়মীয়াকৈ খাব।

২. সদায় মন খুলি হাঁহিব। মনটো ভাল থাকিলে শৰীৰত সহজে বয়সৰ চাপ নপৰে।

৩. খাদ্যত সেউজীয়া আৰু ৰঙা খাদ্য ৰাখিব লাগে। এই খাদ্যসমূহত থকা ভিটামিন চি আৰু কেয়ে শৰীৰক সুস্থ কৰি ৰাখে। বিলাহী, কেপচিকাম, ব্ৰকলিকে ধৰি বিভিন্ন সেউজীয়া আৰু শাক-পাচলি খাব।

৪. খাদ্য তালিকাত তেলীয়া মাছ অন্তৰ্ভুক্ত কৰক। সপ্তাহত দুদিন তিনিদিন তেলীয়া মাছ খাব লাগে।

৫. বলিৰেখামুক্ত ছাল আৰু সুস্থ শৰীৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। পানীয়ে শৰীৰৰ পৰা ক্ষতিকাৰক উপাদানসমূহ আঁতৰাই শৰীৰক সুস্থ কৰি ৰাখে।

৬. চেনিযুক্ত খাদ্য কমাই খাওক। অত্যধিক নিমখ সেৱন নকৰিব।

৭. প্ৰটিন সমৃদ্ধ খাদ্য খাওক। পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিনে কোষবোৰক দীৰ্ঘদিনলৈ সৰু কৰি ৰাখিব পাৰে।

৮. মানসিক চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰক। অপ্ৰয়োজনীয় উদ্বেগে আপোনাৰ শৰীৰত বয়সৰ ছাপ সোনকালে পেলাব পাৰে।

৯. অচল জীৱন এৰি শাৰীৰিক পৰিশ্ৰম কৰক। শাৰীৰিক ক্ৰিয়া-কলাপে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু শৰীৰত সঠিক পৰিমাণৰ অক্সিজেন যোগান ধৰে, যিয়ে কোষবোৰ সতেজ কৰি ৰখাত সহায় কৰে। সুস্থ হৈ থাকিবলৈ আৰু ডেকা হৈ থাকিবলৈ কঠোৰ পৰিশ্ৰম কৰক।

১০. অধিক তেল আৰু মছলাযুক্ত খাদ্য খাব নালাগে। ভজা খাদ্য, ফাষ্ট ফুডক একেবাৰেই খাব নালাগে। খাদ্য কম তেল আৰু মছলা দি খাব লাগে।

লগতে যৌৱন হৈ থাকিবলৈ আন কিছুমান অভ্যাস গঢ়ি তুলিব লাগিব। আপোনাৰ নিজৰ অভ্যাসে অকাল বাৰ্ধক্যক আঁতৰাই ৰাখিব পাৰে! এই অকাল বয়স বৃদ্ধিৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে জানি লওক:

টোপনি

টোপনিৰ অভাৱে ছালৰ স্বাস্থ্য বেয়া কৰে। টোপনিৰ সময়ত ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত ছালখন বলিৰেখাৰ পৰা ৰক্ষা পৰে। গতিকে বিশেষজ্ঞসকলে প্ৰতিদিনে ৭-৯ ঘণ্টা শুবলৈ পৰামৰ্শ দিয়ে। তেওঁলোকৰ মতে কম টোপনিয়ে মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি কৰে। ফলত দেহত বাৰ্ধক্যই সোনকালে দেখা দিয়ে।

ৰ’দ

ৰ’দে আমাৰ ছালখনক সোনকালে বয়সীয়াল কৰি তুলিব পাৰে। গতিকে, ৰ’দত ওলাই গ’লে ছাতি, টুপী, ক’লা চশমা লগত ৰাখিব। অৱশ্যেই ছানস্ক্ৰীণ লোচন লগাবলৈ নাপাহৰিব। ডাৱৰীয়া দিনতো ৰ’দ পৰিলে ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব।

ছাল আৰ্দ্ৰ কৰি ৰাখক

এটা নিৰ্দিষ্ট বয়সৰ পিছত দৈনিক ছালখন মইশ্ব’ৰাইজ কৰাটো গুৰুত্বপূৰ্ণ। কাৰণ মুখত মইশ্ব’ৰাইজাৰ লগালে ছালখন বহুত বেছি আৰ্দ্ৰ আৰু সতেজ হয়। বলিৰেখাৰ সমস্যাও কমি যায়। কিন্তু মইশ্ব’ৰাইজাৰ কিনাৰ আগতে ইয়াত ভিটামিন চি বা ভিটামিন এ আছে নে নাই পৰীক্ষা কৰিব।

পুষ্টিকৰ খাদ্য

প্ৰতিদিনে খাদ্যত অধিক পৰিমাণে এন্টিঅক্সিডেন্ট থকা খাদ্য অন্তৰ্ভুক্ত কৰক। কাৰণ এন্টি-অক্সিডেন্ট সমৃদ্ধ খাদ্যই ছালখন কোমল কৰি তোলে আৰু অকাল বাৰ্ধক্য সহজে ৰোধ কৰে। খাদ্যত জলকীয়া, ব্ৰকলি, বিলাহী আৰু সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক। আৰু প্ৰতিদিনে অন্ততঃ যিকোনো ফল যেনে কুঁহিয়াৰ, ব্লুবেৰী, এভোকেডো খাব। দিনটোত এবাৰ হ’লেও গ্ৰীণ টি খাব পাৰে।

মেক আপ

আজিকালি আমি সকলোৱে বাহিৰলৈ ওলাই গ’লে মুখত লঘু প্ৰসাধন সামগ্ৰী প্ৰয়োগ নকৰো। এই কৃত্ৰিম প্ৰসাধন সামগ্ৰীয়ে আমাৰ ছালৰ বহু ক্ষতি কৰে। গতিকে বাহিৰৰ পৰা আহি ভালকৈ মুখখন ধুব।

প্ৰাকৃতিক পদ্ধতিৰে

প্ৰাকৃতিক উপায়েৰে ছালৰ যত্ন লোৱাটো কৃত্ৰিম উপায়তকৈ স্বাস্থ্যকৰ। সপ্তাহত দুবাৰকৈ প্ৰাকৃতিক উপাদান ফেচ পেক ব্যৱহাৰ কৰক। ছালৰ প্ৰকাৰ অনুসৰি মৌ, এলোভেৰা, বেচন, চন্দন, কল, টেঙা দৈ, মুলতানি মাটি, মচুৰ দাইল আদি বাছি ল’ব পাৰে। লগতে মৰ্নিং ৱাক, চাইকেল চলোৱা বা দৈনিক কিছু ব্যায়াম কৰক। প্ৰতিদিনে কিছু সময় ছালখন মালিচ কৰিব লাগে।

ছালৰ বলিৰেখা আঁতৰাই যৌৱন ধৰি ৰখাৰ বাবে কিছুমান ঘৰুৱা উপায় জানো আহক :

১. হালধীত প্ৰাকৃতিক এন্টি-অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে। মুখত হালধীৰ ৰসেৰে তৈয়াৰী ফেচ পেক ব্যৱহাৰ কৰিলে ছালৰ বলিৰেখা আঁতৰ হয়।

২. দৈনিক নাৰিকল তেল ছালত মালিচ কৰিলেও ছালত বলিৰেখা নাথাকে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে। ইয়াৰ উপৰিও ইয়াৰ এন্টি এজিং গুণ আছে, যিয়ে ছালৰ বলিৰেখা ৰোধ কৰে।

৩. দুচামুচ এলোভেৰা জেল আৰু এটা কণীৰ কুহুম একেলগে মিহলাই পেষ্ট বনাওক। কপালৰ বলিৰেখাত এই পেক ব্যৱহাৰ কৰক। ইচ্ছা কৰিলে এই পেকটো গোটেই মুখখনতে ব্যৱহাৰ কৰিব পাৰে। ১০-১৫ মিনিটৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুব। এই পেকটো সপ্তাহত দুবাৰৰ পৰা তিনিবাৰ ব্যৱহাৰ কৰক। এলোভেৰা জেল আৰু কণীৰ কুহুম ভিটামিন ইৰ ভাল উৎস। ছালৰ বাবে ভিটামিন ই বহু প্ৰয়োজন। এলোভেৰা জেলত থকা মেলিক এচিডে ছালৰ বলিৰেখা কমোৱাত সহায় কৰে। কণীৰ কুহুমত থকা এলবুমিনে ছালখন কোমল কৰি ৰাখে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd