• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

হৃদৰোগ প্ৰতিৰোধ কৰিব কিদৰে? – ডাঃ মৃন্ময় বৰকটকী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 24, 2024 2:54 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৃদৰোগৰ বিষয়ে আমি সকলোৱেই কম-বেছি পৰিমাণে অৱগত। আন নহ’লেও অন্ততঃ হৃদৰোগ বা হাৰ্টৰ অসুখ জাতীয় শব্দবোৰৰ সৈতেই আমি পৰিচিত। হৃদৰোগে মানৱদেহৰ হৃদযন্ত্ৰৰ কোনো ৰোগকে সূচাই। হৃদৰোগৰো ভিন্ন প্ৰকাৰ আছে। বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত চাবলৈ গ’লে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমশঃ বহুত বৃদ্ধি পাইছে। মাথোঁ বয়স্ক ব্যক্তিয়েই হে যে হৃদৰোগত আক্ৰান্ত হৈছে এনে নহয়,কম বয়সীয়াৰ পৰা যুৱ প্ৰজন্মও হৃদৰোগত আক্ৰান্ত হোৱা বা আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ বহু ঘটনাও পোহৰলৈ আহি থাকে। কোৱা হয় যিকোনো এক দুৰৱস্থাকেই ঘটাৰ পিছত পুনৰ সুস্থিৰ অৱস্থালৈ অনাৰ পূৰ্বতেই বাধা দিব পাৰিলে ভাল। ইংৰাজীত যাক কোৱা হয়-“Prevention is better than cure”বুলি। আজি এই লিখাত হৃদৰোগকে(প্ৰধানতঃ ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ)ই কিদৰে প্ৰতিৰোধ কৰিব পাৰি,অৰ্থাৎ হোৱাৰ আগতেই আমি কিদৰে বাধা নিষেধ কৰিব পাৰো নিজৰ ফালৰ পৰা,সেই বিষয়ে কিছু কথা জনাবলৈ লৈছো।
হৃদৰোগ,উচ্চ ৰক্তচাপ,মধুমেহ আদি ভিন্ন ৰোগৰ ক্ষেত্ৰত আমাৰ খাদ্যাভাসে এক বিশেষ ভূমিকা পালন কৰে। অ-স্বাস্থ্যসন্মত খাদ্যাভাসৰ ফলতো কেতিয়াবা এনেধৰণৰ ৰোগ হোৱা দেখা যায়। গতিকে আজি প্ৰথমেই আহিছো আমাৰ খাদ্যাভাসৰ দিশলৈ। আমি গ্ৰহণ কৰা খাদ্যত থকা চৰ্বী দুই প্ৰকাৰৰ হয়-সংপৃক্ত আৰু অ-সংপৃক্ত। এই সংপৃক্ত চৰ্বীবিধ আমাৰ দেহৰ বাবে উপকাৰী নহয়। অ-সংপৃক্ত বিধ হে উপকাৰী। গতিকে আমি নিজৰ খাদ্যত যিমান পাৰি অ-সংপৃক্ত চৰ্বীহে যোগ কৰিব লাগে। এনে কেইবিধমান অ-সংপৃক্ত চৰ্বী থকা খাদ্য হৈছে-

১) তেলাল মাছ,
২) বাদামজাতীয় ফল আৰু শস্যৰ গুটি,
৩) সূৰ্যমুখী,জলফাইজাতীয় উদ্ভিদৰ পৰা প্ৰস্তুত কৰা তেল।
আনাহাতে,সংপৃক্ত চৰ্বীযুক্ত কিছু খাদ্য,যিবোৰ আমি পৰাপক্ষত খাব নেলাগে,তেনে খাদ্য হৈছে-
১) বাটাৰ,
২) ঘী,
৩) ডালডা,
৪) ক্ৰীম,
৫) চীজ(কঠিন বিধ),
৬) সেইবোৰ খাদ্য,য’ত নাৰিকলৰ তেল বা পাম(তালজাতীত উদ্ভিদ)ৰ তেল দিয়া থাকে।
উপৰুক্ত খাদ্যসমূহৰ পৰা যিমান দূৰৈত থাকিব,সিমানেই স্বাস্থ্যৰ পক্ষে উপযোগী হ’ব। লগতে খাবলগীয়া বা খাব পৰা অৰ্থাৎ হৃদযন্ত্ৰ আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী খাদ্যৰ কিছু তালিকা তলত দিয়া হৈছেঃ-

Apply Now

১)শস্যজাতীয় আহাৰ,
২)শাক-পাচলি,
৩)ফল-মূল,
৪)কম চৰ্বীযুক্ত বা চৰ্বীবিহীন দুগ্ধজাত সামগ্ৰী,
৫)চৰ্বীবিহীন মাংস,মাছ,হাঁ‌হ-মূৰ্গীৰ মাংস,
৬)তেল(সপ্তাহিক হিচাপত কম পৰিমাণে)।

ইয়াৰ পিছতে আহিব লগীয়া দিশটো হৈছে এক সুস্থিৰ ওজন বৰ্তাই ৰখাতো। উপযুক্ত খাদ্যাভাস আৰু সুস্থিৰ ওজনে সন্মিলিতভাৱে হৃদৰোগক প্ৰতিৰোধ কৰাত যথেষ্ট সহায়ক হয় বুলি প্ৰমাণিত। কাৰণ এক যথোপযুক্ত ওজনে শৰীৰৰ কলেষ্টেৰল(LDL)ৰ মাত্ৰা কমাই ৰাখি,তেজৰ চলাচল সুকলমে আৰু সুস্থিৰে ৰাখি উচ্চ ৰক্তচাপ সৃষ্টি হোৱাতো বাধা দিয়ে। গতিকে ইয়াৰ বাবে আপুনি শাৰিৰীক পৰিশ্ৰম বা ব্যায়াম কৰিব লাগিব। প্ৰতিনিয়ত কৰা আসনে হৃদযন্ত্ৰক ইয়াৰ কাম-কাজসমূহ সুকলমে কৰি যাবলৈ সক্ৰিয় কৰি ৰাখে। হৃদযন্ত্ৰও এবিধ মাংসপেশীয়েই। আসন বা ব্যায়ামৰ দ্বাৰা যিদৰে দেহৰ আন আন মাংসপেশী লাভান্বিত হয় বা এক শক্তিশালী গঠন লয়,হৃদযন্ত্ৰৰ ক্ষেত্ৰতো একেই হয়। এক শক্তিশালী হৃদযন্ত্ৰই দেহৰ বিভিন্ন অংশলৈ সহজে অধিক তেজ পাম্প কৰিব পাৰে,যিটো কথা হৃদযন্ত্ৰৰ সুস্থতাৰ লগত জড়িত। যিকোনো ধৰণৰ এৰ’বিক বা আসন যেনে খোজকঢ়া, সাঁ‌তোৰা,দৌৰা বা নৃত্য কৰা আদি হৃদযন্ত্ৰৰ বাবে উপকাৰী। অৱশ্যে দৌৰাৰ ক্ষেত্ৰত কথাটো কিছু বেলেগ। ঘন্টাত ৩কিলোমিটাৰৰ পৰা ৬ কিলোমিটাৰ বেগত খোজ কঢ়াৰ অভ্যাস হৃদযন্ত্ৰৰ বাবে এক অতি উপযোগী আসন বা ব্যায়াম। আনকি বৰ্তমান সময়ত এইখিনিক চিকিৎসা বিজ্ঞানেও দৌৰাতকৈয়ো অধিক উপকাৰী বুলি মান্যতা প্ৰদান কৰিছে। দৈনিক ৪০ মিনিটৰ বাবে সপ্তাহত ৫ দিনকৈ কৰা এনে মধ্যমীয়া চাপৰ ব্যায়াম হৃদযন্ত্ৰৰ সুৰক্ষাৰ লগতে সমগ্ৰ দেহৰ বাবেও উপযোগী। মধ্যমীয়া মাত্ৰাত কৰা যিকোনো আসনেই অৱশ্যে স্বাস্থ্যৰ পক্ষে উপকাৰী। গতিকে নিয়মিতভাৱে ইয়াৰে কোনোবাটো আসন কৰা আৰম্ভ কৰক নিজৰ হৃদযন্ত্ৰৰ সুস্থতাৰ বাবে এতিয়া আহিছো আন এটি দিশলৈ। সেইটো হৈছে-ধূম্ৰপান ত্যাগ কৰা। ধূম্ৰপান বা ধঁ‌পাতজাতীয় সামগ্ৰীৰ সেৱন এনেয়ো স্বাস্থ্যৰ বাবে উপকাৰী নহয়। ধূম্ৰপানৰ ফলত হৃদযন্ত্ৰৰ তেজ পৰিবাহী ধমনীসমূহৰ বেৰখনৰ সংকোচন আৰু প্ৰসাৰণৰ দিশটো দুৰ্বল কৰি তোলে। ইয়াৰ ফলত ধমনীত সঞ্চিত বা জমা হোৱা মলৰ সৃষ্টি হ’ব পাৰে। যিয়ে তেজৰ চলাচলত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। গতিকে হৃদযন্ত্ৰক সুৰক্ষিত কৰি ৰাখিবলৈ ধূম্ৰপান কৰে যদি,এই অভ্যাস পৰিত্যাগ কৰক। প্ৰয়োজন হ’লে,পৰামৰ্শৰ বাবে নিচামুক্তি কেন্দ্ৰ বা তেনেধৰণৰ কোনো বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপক।

ডাঃ মৃন্ময় বৰকটকী।
হৃদৰোগ বিভাগ,
নাৰায়ণা হস্পিটেল,
আমিনগাওঁ‌।
(ৰেজিষ্ট্ৰেচন নাম্বাৰ-১৭৩৯১ এ এম চি)

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd