• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Snoring nose: নাকৰ শব্দত দুৰ্বিষহ জীৱন কটাইছে নেকি আপুনি? জানো আহক নাকৰ শব্দ কেনেকৈ ৰোধ কৰিব

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 17, 2022 8:45 am
Snoring nose
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাকৰ শব্দ মানে ৰাতি শোৱাৰ সময়ত আনৰ টোপনিত ব্যাঘাত জন্মোৱা নাকৰ শব্দটোৰ কথা কোৱা হৈছে। শোৱনী কোঠাৰ নাকৰ শব্দই বহুতৰে জীৱন বিপন্ন কৰিব পাৰে। আনকি নিজৰ জীৱনৰ প্ৰতিও সংশয়ৰ সৃষ্টি কৰিব পাৰে।ভাৰতবৰ্ষত বিষয়টোক সাধাৰণভাৱে লোৱা হয় যদিও, বিদেশত এনেকুৱা সমস্যাৰ ওপৰত অধ্যয়ন বা গৱেষণা কৰা হয়।

এই অধ্যয়ন অনুযায়ী ৩০ শতাংশ প্ৰাপ্তবয়স্ক লোক আৰু সমুদায় ৫০ শতাংশ লোকৰে শোৱাৰ সময়ত নাকৰ শব্দ ওলায়।পৃথিৱীত নাকৰ শব্দৰ কাৰণে সংসাৰ ভাগি যোৱাৰো উদাহৰণ বিৰল নহয়।

আমাৰ দেশত শোৱনী কোঠাৰ পৰা নাকৰ শব্দ ওলোৱাটো সাধাৰণ কথা বুলি ভবা হয় যদিও স্বাস্থ্যৰ পক্ষে ই অতি ক্ষতিকাৰক আৰু ইয়াক প্ৰতিৰোধ কৰাটোও এক গুৰুত্বপুৰ্ণ বিষয়।

নাকৰ শব্দৰ দ্বাৰা নিজৰ লগতে কোঠাটোত বা ঘৰটোত থকা আন সদস্যবোৰৰ টোপনিত ব্যাঘাত জন্মে।ফলত পাছদিনা গোটেই দিনটো টোপনিৰ ভাব লাগি থকাৰ উপৰিও অমনোযোগী আৰু খিংখিঙীয়া স্বভাৱৰ হৈ থাকে।

 

বহুতো গৱেষণাৰ পৰা বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে ডাঙৰ ডাঙৰকৈ নাকৰ শব্দ কৰি শোৱা মানুহৰ প্ৰায় ৩৪ শতাংশৰে হাৰ্ট এটাক আৰু প্ৰায় ৬৭ শতাংশৰ ষ্ট্ৰোক হোৱাৰ আংশকা থাকে।

যদিও নাকৰ শব্দ এটা সআধাৰণ সমস্যা, তথাপি শল্য চিকিৎসাৰ দ্বাৰা এই শব্দ বন্ধ কৰাৰ পাছত নিজৰ পৰিয়ালৰ লগত সম্পৰ্কৰো উন্নতি হোৱা দেখা যায়।

Also read : High Blood Pressure at Early Age: কম বয়সত উচ্চ ৰক্তচাপৰ কাৰণ কি জানেনে?

শোৱাৰ পাছত হোৱা নাকৰ শব্দৰ আঁৰৰ কাৰণবোৰ হ’ল- নাকৰ বায়ু সংবহনকাৰী নলীকাত বাধা, ডিঙি আৰু জিভাৰ মাংসপেশী ঢিলা হৈ পৰে, ডিঙিৰ মাসপেশী উখহা, দীঘল কোমল পেলেট আৰু আলজিভা, বৰ্ধিত শৰীৰৰ ওজন ইত্যাদি।

নাকৰ শব্দ ৰোধ কৰিবলৈ কৰণীয় সমুহ হ’ল:

শৰীৰচৰ্চা: টোপনিত হোৱা নাকৰ শব্দ কম কৰিবলৈ বা নিৰ্মুল কৰিবলৈ শৰীৰচৰ্চা কৰাটো অতি প্ৰয়োজনীয়। শৰীৰত অক্সিজেনৰ পৰিমাণ কম নহ’বলৈ তথা নাকৰ ভিতৰত থকা নলীবোৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ শৰীৰচৰ্চা অতি প্ৰয়োজনীয়।

উশাহ-নিশাহ লোৱাত বাধাৰ সৃষ্টি কৰা কাৰকবোৰ শৰীৰচৰ্চা, যোগ-প্ৰাণায়াম আদিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। লক্ষ্যণীয় যে সকলোৱে শৰীৰ চৰ্চা আৰম্ভ ঠিকেই কৰে যদিও ইয়াক নিৰন্তৰভাৱে ৰাখিব নোৱাৰে।

তাৰ কাৰণে লাগে ইচ্চা শক্তি আৰু মনোবল। নিজক উৎসাহিত কৰি ৰাখিবলৈ নিতৌ এইধৰণৰ কথা নিজৰ সংগীৰ লগত পাতিব পাৰে আৰু যোগ তথা শৰীৰ চৰ্চা আদিৰ টিভি প্ৰোগাম চাব পাৰে, নতুবা ইণ্টাৰনেটত উদগণিমুলক ভিডিঅ’ চাই নিজৰ উৎসাহ অটুট ৰাখিব পাৰে।

অধিক পানী খোৱা:- শৰীৰত পানীৰ পৰিমাণ কম হ’লে শুই থকা সময়ত শ্বাস-প্ৰশ্বাস নলীবোৰ শুকান হৈ পৰে।ইয়াৰ ফলতো নাকৰ শব্দৰ সৃষ্টি হ’ব পাৰে।

যিহেতু পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি সকলোৱে জানে, গতিকে সঠিক পৰিমাণে পানী খাই শৰীৰটো সুস্থ কৰি ৰখাটো আটাইৰে দায়িত্ব। আমি সাধাৰণতে পিয়াহ লাগিলেহে পানী খাওঁ যদিও শৰীৰৰ বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বাবে পানী পানী পৰ্যাপ্ত মাত্ৰাত প্ৰয়োজন হয় বাবে নিৰ্দিষ্ট মাত্ৰাত পানী সেৱন নকৰিলে শৰীৰ অনেক প্ৰকাৰে অসুস্থ হৈ পৰে।

নিৰ্দিষ্ট মাত্ৰাত, মানে শৰীৰৰ প্ৰতি ২০ কিলো ওজনৰ বিপৰীতে দৈনিক এক লিটাৰ পানী খোৱা প্ৰয়োজন। অৰ্থাৎ ৬০ কিলো ওজনৰ লোক এজনে দৈনিক তিনি লিটাৰ পানী খালে শৰীৰ নিৰোগী হৈ থকাৰ আশা সৰ্বাধিক হয়।

Also read : Benefits of Exercise : আমি নিতৌ ব্যায়াম কৰিব লাগে; ব্যায়াম আমাৰ শৰীৰৰ বাবে কিমান উপকাৰি জানেনে?

চিগাৰেট, মদ আদি মাদক দ্ৰব্যৰ সেৱন বন্ধ কৰা:- চিগাৰেট, মদ আদি মাদক দ্ৰব্য সেৱনৰ ফলত ডিঙিৰ মাংসপেশীবোৰ শিথিল হৈ পৰে আৰু ফলত নাকৰ শব্দ বাঢ়ি যায়। গতিকে নাকৰ শব্দ হৃদৰোগলৈ ৰুপান্তৰ হোৱাৰ আগতেই মাদক দ্ৰব্য সেৱনৰ অভ্যাস ত্যাগ কৰা উচিত।

শৰীৰৰ ওজন কম কৰা:- শৰীৰৰ ওজন বৃদ্ধিৰ প্ৰধান কাৰণ মেদবহুলতা।ডিঙিৰ ভিতৰফালে চৰ্বি বৃদ্ধিৰ ফলতো নাকৰ সুৰুঙা বাধাগ্ৰস্থ হয়। ফলত শুই থকাৰ সময়ত নাকৰ শব্দ হ’বলৈ আৰম্ভ কৰে।

মনোযোগ নিদিয়াৰ ফলত নাকৰ শব্দ দিনে দিনে বাঢ়ি গৈ থাকে। শৰীৰৰ ওজন সঠিকভাৱে নিয়ন্ত্ৰণ কৰাটো নাকৰ শব্দ বন্ধ কৰাৰ এক জৰুৰী অৱস্থা।

অতি প্ৰয়োজন নহ’লে টোপনি অনাৰ বাবে দৰব ব্যৱহাৰ নকৰিব:- বহুলোকে অপ্ৰয়োজনীয়ভাৱে টোপনি অহা দৰবো ব্যৱহাৰ কৰা দেখা যায়। এনে ক্ষেত্ৰত নাকৰ ভিতৰত মাংসপেশী ঢিলা হৈ পৰাৰ আশংকা অধিক হয়।

ফলত নাকৰ শব্দ দিনে দিনে বাঢ়ি যায়। টোপনি যোৱা অৱস্থাত নাকৰ শব্দ কম কৰিবলৈ হ’লে অপ্ৰয়োজনীয়ভাৱে টোপনি অহাৰ দৰব বা নাৰ্কোটিক দৰবৰ প্ৰয়োগ এৰাই চলা উচিত।

প্ৰয়োজনত সঠিক চিকিৎসা লোৱা অৰ্থাৎ চিকিৎসাত অৱহেলা নকৰা:- নাকৰ শব্দক তুচ্ছ বুলি ভাবি অৱহেলা কৰিলে পাছলৈ শৰীৰত বিভিন্ন হানিকাৰক পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে। নাকৰ শব্দ প্ৰতিৰোধৰ বাবে প্ৰয়োজনত সঠিক চিকিৎসাৰ উপদেশ পালন কৰা আৰু চিকিৎসাত অৱহেলা নকৰাটোৱে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ অন্তিম উপায়।

চিকিৎসা শাস্ত্ৰত বিভিন্ন বিধান থাকিলেও নাকৰ শব্দৰ দ্বাৰা দুৰ্বিষহ হোৱা জীৱনলৈ শান্তি ঘুৰাই অনাৰ চেষ্টা নিজে কৰিব লাগিব। বহুতে নাকৰ শব্দৰ বাবে অকলশৰীয়া হৈ পৰে। আলহীৰ ঘৰতো ৰাতি থকাকৈ যাব নোৱাৰে।

আনৰ টোপনিত ব্যাঘাত জন্মাই নিজেও হীনমন্যতাত ভোগে। গতিকে সময় থাকোতে বা ৰোগ অতিমাত্ৰা নৌহওঁতেই নিজৰ জীৱনশৈলী শুধৰাই লগতে চিকিৎসকৰ পৰামৰ্শ মানি চলি সুখী জীৱন তথা নিৰোগী হৈ আনন্দৰে পাৰ কৰক।

Also read : Independence Day 2022: National Flagস্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd