বৰপেটাৰ হাউলীত আৰক্ষীয়ে অভিযান চলাই চাৰিটাকৈ দুৰ্ধৰ্ষ ডকাইতক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ডকাইতকেইটাক ক্ৰমে নলবাৰী জিলাৰ মুকালমুৱাৰ মুজাকিৰ হুছেইন, দেবব্ৰত হৰিজন আৰু বৰপেটাৰ হাউলীৰ চাইফুল ইছলাম খান আৰু নুৰজামাল হক বুলি চিনাক্ত কৰা হৈছে।
এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই চাৰিওটা ডকাইতক আটক কৰিবলৈ সক্ষম হয়। অৱশ্যে অভিযানৰ সময়ত আন্ধাৰৰ সুযোগ লৈ আন দুটা ডকাইত ঘটনাস্থলীৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে আটকাধীন ডকাইতকেইটাৰ পৰা তেওঁলোকে ব্যৱহাৰ কৰা এ এছ ০৬ ই ৮৪১৬ নম্বৰৰ এখন এল্ট’ৰ লগতে দুটা পুতলা পিষ্টল আৰু দুটা সজীৱ গুলী জব্দ কৰে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আটকাধীন ডকাইত চাৰিটাই বৰপেটা, হাউলী আৰু বৰপেটাৰোড চহৰত ডকাইতি কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা আহিছিল।