DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩০ জুলাইত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, কেনেকৈ চাব পাৰিব ৰিজাল্ট?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2021 2:38 pm
seba
515
VIEWS
Share on FacebookShare on Twitter

কোভিড পৰিস্থিতিৰ বাবে বাতিল হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শিক্ষাৰ্থীয়ে পৰ্বৰ কেতবোৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

ইয়াৰ মাজতো ধনৰ বিনিময়ত নম্বৰ প্ৰদানৰ গুৰুতৰ অভিযোগে ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

এনে বহু বিতৰ্কত আৰু প্ৰতিক্ৰিয়াৰ মাজতেই অহা ৩০ জুলাইৰ দিনৰ ১১ বজাত ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।

আজি ছেবাৰ অধ্যক্ষ আৰ চি জৈনে ৩০ জুলাইত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি প্ৰকাশ কৰিছে।

শিক্ষাৰ্থীসকলে Google play store লৈ গৈ “ SEBA Results 2021” এপ ডাউনলোড কৰি ৰিজাল্ট লাভ কৰিব পাৰিব।

নতুবা sebaonline.org ৱেবচাইটতো ৰিজাল্ট উপলব্ধ হ’ব।

ছেবাৰ অধীনত থকা মুঠ ৭,৩০১ খন বিদ্যালয়ত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,২৬,৫৫গৰাকী। ইয়াৰে ১,৯৭,৬৫৫ গৰাকী ছাত্ৰ আৰু ২,২৮,৯৮৮ গৰাকী ছাত্ৰী।

একেদৰে অসম হাইমাদ্ৰাছাৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা ১২,২৭৫ গৰাকী। ইয়াৰে ৪৭২৩ গৰাকী ছাত্ৰ আৰু ৭,৫৫২ গৰাকী ছাত্ৰী।

ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেল মাৰ্কশ্বিটৰ জৰিয়তে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিব পাৰিব।

কোনো অভিযোগ থাকিলে শিক্ষাৰ্থীয়ে সংশ্লিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে জিলা খনৰ অতিৰিক্ত উপায়ুক্ত(শিক্ষা)ক অভিযোগ দাখিল কৰিব পাৰিব।

বিদ্যালয় মূল্যায়ন সমিতিয়ে যুগুত কৰা পদ্ধতিৰ ফলাফলকলৈ যদি কোনো ছাত্ৰ-ছাত্ৰী সন্তুষ্ট নহয় তেন্তে বিশেষ পৰীক্ষাত বহিব পাৰিব।

এইক্ষেত্ৰত শিক্ষাৰ্থীসকলে সৰ্বমুঠ ৬ খন থিয়ৰিৰ পৰীক্ষাত বহিব লাগিব।আভ্যন্তৰীণ মূল্যায়ন আৰু ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ ছেবাৰ হাতত পূৰ্বৰে পৰা থকা খিনিয়েই ধৰা হ’ব।

বিশেষ পৰীক্ষাত বহিব বিচৰাসকলে sebaonline.org ৱেবচাইটত অন-লাইন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। ছবোৰ অন লাইন পোৰ্টেল ৫ আগষ্টৰ পৰা ১২ আগষ্ট পৰ্যন্ত উপলব্ধ হ’ব। বিশেষ পৰীক্ষাৰ সময়সূচী পৰৱৰ্তী সময়ত ছেবাই প্ৰকাশ কৰিব।

উল্লেখ্য বাতিল হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ নামতো সংঘটিত হৈছিল ‘ধনৰ বিনিময়ত নম্বৰ’ কেলেংকাৰী ।

এই কেলেংকাৰীৰ আঁত ধৰিয়েই কামৰূপ আৰক্ষীয়ে  কামৰূপৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ব্যাপক অভিযান চলাইছিল।

ধনৰ বিনিময়ত মেট্ৰিকত প্ৰথম বিভাগ, ষ্টাৰ, ডিষ্টিংচন আদি দিয়াৰ গুৰুতৰ অভিযোগ উঠিছিল।

আৰক্ষীয়ে  কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ৪ ঘণ্টা ধৰি অভিযান চলাইছিল।

অভিযান কালত জেৰাৰ বাবে আৰক্ষীয়ে চাৰিজন বিষয়াক আটক কৰি কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ নিছিল।

আৰক্ষীয়ে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ ডেকা, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা ছেবাৰ সমন্বয়ক  ফুলপাহী নাথ, কাৰ্যালয়টোৰ কৰ্মচাৰী প্ৰশান্ত দাস আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱেশ্বৰ কলিতাক জেৰাৰ বাবে নিছিল।

তদুপৰি, আৰক্ষীয়ে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা কেইবাটাও লেপটপ, মোবাইলৰ লগতে বহুতো নথি–পত্ৰ জব্দ কৰা হৈছিল।

আনহাতে, দক্ষিণ কামৰূপৰ গৰৈমাৰীত ছয়গাঁও আৰক্ষীয়ে অভিযান চলাই গৰৈমাৰীৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ আৰু গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হবিবৰ ৰহমানক আটক কৰিছিল।

Recent News

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

Horror in Texas: গা শিয়ৰি উঠা ঘটনা! আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত এখন ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪২ টা মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd