লোকসভাৰ লগতে বিধানসভা নিৰ্বাচনৰো প্ৰাৰ্থী হ’ব হামৰো ছিকিমৰ মুখপাত্ৰ বিৰাজ অধিকাৰী

হামৰো ছিকিম পাৰ্টীয়ে ১৯ মাৰ্চত প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা

hsp-third-

ফটো : নর্থ-ইষ্ট নাও

ছিকিমত লোকসভাৰ সমান্তৰালকে অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে হামৰো ছিকিম পাৰ্টীয়ে ১৯ মাৰ্চত তৃতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। প্ৰকাশিত তালিকা অনুসৰি দলটোৱে ৰাজ্যখনৰ একমাত্ৰ লোকসভা সমষ্টিটোৰ বাবে অভিজ্ঞ ৰাজনৈতিক নেতা তথা হামৰো ছিকিম পাৰ্টীৰ মুখপাত্ৰ বিৰাজ অধিকাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

ইয়াৰ উপৰি পূব ছিকিম বিধানসভা সমষ্টিতো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিৰাজ অধিকাৰীয়ে। ৰাজ্যৰ ৰাজনীতিত ২০ বছৰৰ অভিজ্ঞতা থকা নেতাগৰাকীয়ে ইয়াৰ পূৰ্বে কংগ্ৰেছৰ হৈ ২০০৪ চনত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

আনহাতে অলপতে শাসনাধিষ্ঠ দল ত্যাগ কৰি হামৰো ছিকিম পাৰ্টীত যোগ দিয়া ৰুদ্ৰ খাতিৱাৰাই পূব ছিকিমৰ চুজাচেন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আন আন প্ৰাৰ্থীসকল হ’ল পশ্চিম ছিকিমৰ য়াকছম-টাছিডিং সমষ্টিৰ পৰা ফুৰকিট লেপছা আৰু নাথাং-মাছং সমষ্টিৰ পৰা সঞ্জয় চপেল ভুটীয়া।

ছিকিমৰ একমাত্ৰ লোকসভা সমষ্টিটোৰ বাবে হামৰো ছিকিম পাৰ্টীৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰা বিৰাজ অধিকাৰীয়ে মঙলবাৰে গেংটকত এখন সংবাদমেল সম্বোধন কৰি শাসনাধিষ্ঠ দলক ক্ষুৰধাৰ সমালোচনা কৰে। ‘ছিকিমৰ উন্নয়ন তথা ৰাইজৰ হৈ কাম কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে মুখ্য মন্ত্ৰী পৱন সিং চামলিং’। এই মন্তব্য অধিকাৰীৰ।

তেওঁ লগতে কয়, ‘ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট নেতৃত্বাধীন চৰকাৰখনে চলোৱা ২৫ বছৰীয়া শাসনত ৰাজ্যখনত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত হৈছে। সেয়ে হামৰো ছিকিম পাৰ্টীৰ লক্ষ্য এখন ‘নতুন ছিকিম’ গঢ়াৰ।