কলা শাখাত মহানগৰীৰ নাক বচালে মাত্ৰ এজনে, দশম স্থানত অসম জাতীয় বিদ্যালয়ৰ গুঞ্জন দাস

Cotton-University-1140x570

কটন বিশ্ববিদ্যালয়ৰ ফাইল ফটো।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাই হওক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক এতিয়া স্থান প্ৰাপ্তৰ তালিকাখন অধিকাংশ পূৰ কৰে গ্ৰাম্যাঞ্চল বা মফচলীয় বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েহে। ইয়াৰ বিপৰীতে যোৱা কেইবাবছৰ ধৰি তেনেই কম সংখ্যকে স্থান লাভ কৰি আহিছে ৰাজধানী মহানগৰীৰ শিক্ষানুষ্ঠানৰ পৰা।

দুবছৰ ধৰি কলা বা বিজ্ঞান কোনো এটা শাখাতেই এটাও স্থান লাভ কৰিব পৰা নাই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ পৰা। একেই অৱস্থা মহানগৰীৰ আন বহুকেইখন নামজ্বলা শিক্ষানুষ্ঠানৰ।

আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাত সমগ্ৰ মহানগৰীৰ ভিতৰত মাত্ৰ এজন ছাত্ৰইহে প্ৰথম দহটা স্থানৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে, তেওঁ হ’ল- অসম জাতীয় বিদ্যালয়ৰ গুঞ্জন দাস। একেদৰে বিজ্ঞান শাখাতো মাত্ৰ সাই বিকাশ কনিষ্ঠ মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰই স্থান দখল কৰিবলৈ সক্ষম হয়।

গুঞ্জনে ৪৬৪ নম্বৰসহ ৰাজ্যৰ ভিতৰত দশম স্থান লাভ কৰিছে। তেওঁ ইংৰাজীত ৮৮, ঐচ্ছিক ইংৰাজীত ৯০, ৰাজনীতি বিজ্ঞান ৯৮, অৰ্থনীতিত ৯০, তৰ্ক আৰু দৰ্শনত ৯৮, শিক্ষাত ৬৭ নম্বৰ লাভ কৰে।

তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত ইংৰাজী বা ৰাজনীতি বিজ্ঞানক গুৰু বিষয় হিচাপে লৈ পঢ়াৰ মন বুলি জানিবলৈ দিয়ে। ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ মন মেধাৱী ছাত্ৰজনৰ।

ফলাফল লাভ কৰাৰ পাছতেই ছাত্ৰ গুঞ্জনে সাংবাদিকৰ আগত কয়, “অসম জাতীয় বিদ্যালয়ৰ শিক্ষাগুৰুসকলে মোক সৰুৰে পৰা এতিয়ালৈ যি অৱদান আগ বঢ়াইছে সেয়া অতুলনীয়। শিক্ষাগুৰুসকলে মোক স্থান লাভ কৰোৱাতকৈ এজন মানুহ হিচাপে গঢ়াতহে অধিক গুৰুত্ব দিছে”।

উল্লেখযোগ্য যে বিদ্যালয়খনৰ পৰা কলা শাখাত এইবাৰ ১০০ শতাংশ পৰীক্ষাৰ্থীয়েই উত্তীৰ্ণ হৈছে। মুঠ ৬১গৰাকী ছাত্ৰ-ছাত্ৰীৰ ১৮গৰাকীয়ে ষ্টাৰ মাৰ্ক, ৪৭গৰাকীয়ে প্ৰথম বিভাগত আৰু ১৪গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত ৬০গৰাকীৰ ভিতৰত ৫৯গৰাকীয়ে উত্তীৰ্ণ হৈছে। ইয়াৰে ১৩গৰাকীয়ে ষ্টাৰ মাৰ্ক, প্ৰথম বিভাগত ৫০গৰাকী আৰু ৯গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।

বিদ্যালয়খনৰ পৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো এগৰাকী ছাত্ৰী পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

ব্যক্তিগত খণ্ডৰ আন এখন শিক্ষানুষ্ঠান সাই বিকাশ কনিষ্ঠ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ সপ্তদ্বীপ সাহাই ৪৭২ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান আৰু জীৱন জ্যোতি কলিতাই ৪৭০ নম্বৰ সহ অষ্টম স্থান লাভ কৰিছে।

আনহাতে বাণিজ্য শাখাত মহানগৰীৰ কে চি দাস বাণিজ্য মহাবিদ্যালয়ৰ ছগৰাকী আৰু গুৱাহাটী কমাৰ্চ কলেজৰ তিনিগৰাকী ১০টা শীৰ্ষ স্থানত নাম লিখিবলৈ সক্ষম হয়।