• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ নেত্ৰীৰ ঘৰত কেইবা লাখ টকাৰ সুৰা জব্দ; স্বামীসহ ১০ জনক আটক

প্ৰধান মন্ত্ৰীৰ আহ্বানক ভেঙুচালি দলীয় নেত্ৰীৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
March 29, 2020 6:34 am
FB_IMG_1585422957750

শিৱসাগৰৰ বিজেপি নেত্ৰীৰ ঘৰত জব্দ কৰা সুৰা। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বত কৰোনাভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে দেশত কৰোনাভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া লকডাউন ঘোষণা কৰিছিল।

কিন্তু প্ৰধান মন্ত্ৰীৰ এই আহ্বানক সমগ্ৰ দেশবাসীয়ে সঁহাৰি জনোৱাৰ পৰিৱৰ্তে বিজেপি দলৰ একাংশ কৰ্মীয়ে যেন বুঢ়া আঙুলি দেখুৱাইছে।

Apply Now

লকডাউনৰ সময়ত ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী বাদে সকলো সামগ্ৰী কিনা বেচা বন্ধ থকাৰ সময়ত শিৱসাগৰত শনিবাৰে নিশা বিজেপি দলৰ এগৰাকী শীৰ্ষ নেত্ৰীৰ ঘৰত উদ্ধাৰ কৰা হয় কাৰ্টুনে কাৰ্টুনে বিদেশী সুৰা।

এক গোপন সুত্ৰৰ পম খেদি শনিবাৰে নিশা প্ৰায় ৭ মান বজাত শিৱসাগৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ দল এটাই চহৰৰ দৰিকাপাৰৰ খাটপথাৰ অঞ্চলৰ ললিত দত্ত নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰে।

লগতে দত্তৰ ঘৰত সুৰাপান কৰি থকা অৱস্থাত প্ৰায় ১০ জন ব্যক্তিক আটক কৰে শিৱসাগৰ আৰক্ষীয়ে।

ইপিনে, ললিত দত্তৰ পত্নী বিজেপি দলৰ শিৱসাগৰ জিলাৰ এগৰাকী শীৰ্ষ নেত্ৰী বুলি জানিব পৰা গৈছে।

ললিত দত্ত সহ আটক কৰা আটাইকেইজন ব্যক্তিক বৰ্তমান শিৱসাগৰ আৰক্ষী থানাত সোধা পোচা কৰি থকা হৈছে।

বিজেপি নেত্ৰীৰ ঘৰত লকডাউনৰ সময়ত বৃহৎ সংখ্যক অবৈধ বিদেশী সুৰা জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ শিৱসাগৰত।

যি সময়ত দেশৰ প্ৰধান মন্ত্ৰী, ৰাজ্যৰ মুখ্য মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই ৰাইজক লকডাউন আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে তেনে সময়তে বিজেপি দলৰ নেত্ৰীৰ ঘৰত বৃহৎ পৰিমাণৰ বিদেশী সুৰাৰ লগতে ১০ গৰাকীকৈ ব্যক্তিক আৰক্ষীয়ে আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীৰ আহ্বানক ভেঙুচালি কৰি চৰকাৰী নিৰ্দেশ তথা নিয়ম অমান্য কৰিছে নিজ দলৰ কৰ্মীয়েই।

শুকুৰবাবে মুখ্য মন্ত্ৰীয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰা সকলক কঠোৰ শাস্তি বিহা হব বুলি শিৱসাগৰত ঘোষণা কৰিছিল। এতিয়া নিজ দলৰ কৰ্মীয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰাত কি ব্যৱস্থা লব সেয়া লক্ষণীয় হব।

আনহাতে বিজেপি দলৰ শীৰ্ষ নেত্ৰী হোৱাৰ বাবেই লকডাউনৰ সময়ত এইদৰে চৰকাৰী নিৰ্দেশ অমান্য কৰি অবৈধ সুৰাৰ ব্যৱসায় কৰিব পাৰিছে নেকি বুলি প্ৰশ্ন তুলিছে স্থানীয় ৰাইজে।

শিৱসাগৰ আৰক্ষী আৰু আবকাৰী বিভাগক ৰাইজে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা এই অভিযানক প্ৰশংসা কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি বিহিবৰ বাবে দাবী কৰিছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd