সমগ্ৰ বিশ্বত কৰোনাভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে দেশত কৰোনাভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া লকডাউন ঘোষণা কৰিছিল।
কিন্তু প্ৰধান মন্ত্ৰীৰ এই আহ্বানক সমগ্ৰ দেশবাসীয়ে সঁহাৰি জনোৱাৰ পৰিৱৰ্তে বিজেপি দলৰ একাংশ কৰ্মীয়ে যেন বুঢ়া আঙুলি দেখুৱাইছে।
লকডাউনৰ সময়ত ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী বাদে সকলো সামগ্ৰী কিনা বেচা বন্ধ থকাৰ সময়ত শিৱসাগৰত শনিবাৰে নিশা বিজেপি দলৰ এগৰাকী শীৰ্ষ নেত্ৰীৰ ঘৰত উদ্ধাৰ কৰা হয় কাৰ্টুনে কাৰ্টুনে বিদেশী সুৰা।
এক গোপন সুত্ৰৰ পম খেদি শনিবাৰে নিশা প্ৰায় ৭ মান বজাত শিৱসাগৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ দল এটাই চহৰৰ দৰিকাপাৰৰ খাটপথাৰ অঞ্চলৰ ললিত দত্ত নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰে।
লগতে দত্তৰ ঘৰত সুৰাপান কৰি থকা অৱস্থাত প্ৰায় ১০ জন ব্যক্তিক আটক কৰে শিৱসাগৰ আৰক্ষীয়ে।
ইপিনে, ললিত দত্তৰ পত্নী বিজেপি দলৰ শিৱসাগৰ জিলাৰ এগৰাকী শীৰ্ষ নেত্ৰী বুলি জানিব পৰা গৈছে।
ললিত দত্ত সহ আটক কৰা আটাইকেইজন ব্যক্তিক বৰ্তমান শিৱসাগৰ আৰক্ষী থানাত সোধা পোচা কৰি থকা হৈছে।
বিজেপি নেত্ৰীৰ ঘৰত লকডাউনৰ সময়ত বৃহৎ সংখ্যক অবৈধ বিদেশী সুৰা জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ শিৱসাগৰত।
যি সময়ত দেশৰ প্ৰধান মন্ত্ৰী, ৰাজ্যৰ মুখ্য মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই ৰাইজক লকডাউন আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে তেনে সময়তে বিজেপি দলৰ নেত্ৰীৰ ঘৰত বৃহৎ পৰিমাণৰ বিদেশী সুৰাৰ লগতে ১০ গৰাকীকৈ ব্যক্তিক আৰক্ষীয়ে আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীৰ আহ্বানক ভেঙুচালি কৰি চৰকাৰী নিৰ্দেশ তথা নিয়ম অমান্য কৰিছে নিজ দলৰ কৰ্মীয়েই।
শুকুৰবাবে মুখ্য মন্ত্ৰীয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰা সকলক কঠোৰ শাস্তি বিহা হব বুলি শিৱসাগৰত ঘোষণা কৰিছিল। এতিয়া নিজ দলৰ কৰ্মীয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰাত কি ব্যৱস্থা লব সেয়া লক্ষণীয় হব।
আনহাতে বিজেপি দলৰ শীৰ্ষ নেত্ৰী হোৱাৰ বাবেই লকডাউনৰ সময়ত এইদৰে চৰকাৰী নিৰ্দেশ অমান্য কৰি অবৈধ সুৰাৰ ব্যৱসায় কৰিব পাৰিছে নেকি বুলি প্ৰশ্ন তুলিছে স্থানীয় ৰাইজে।
শিৱসাগৰ আৰক্ষী আৰু আবকাৰী বিভাগক ৰাইজে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা এই অভিযানক প্ৰশংসা কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি বিহিবৰ বাবে দাবী কৰিছে।