NORTHEAST NOW (Assamese)

বাক্সাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

May 23, 2021 4:04 pm · দীপক কুমাৰ পাঠক

বাক্সা জিলাৰ তামুলপুৰত আৰক্ষীৰ বৃহৎ সাফল্য ।
তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দৰঙ্গামেলা আৰক্ষী চকীৰ অধীনৰ শান্তিপুৰত উদ্ধাৰ হৈছে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ ।

তামুলপুৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে এই অস্ত্ৰ ভাণ্ডাৰ ।

গোপন খবৰৰ ভিত্তিত আজি পুৱতি নিশা ৩ বজাৰ পৰা তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে শান্তিপুৰ অঞ্চলত চলাইছিল এক অভিযান ।

অভিযানৰ সময়ত আৰক্ষীয়ে হেণ্ড গ্ৰেণেড ১০ টা, ৯ এম এম পিষ্টলৰ সজীৱ গুলি ৬ টা, এ কে ৪৭ ৰাইফলৰ খালী মেগজিন এটা, গ্ৰেনেডৰ চেপ্তি লিভাৰ ৯ টা, ডিটনেটৰ ৩ টা, দেশীয় ৰিভলভাৰ এটা, একে ৪৭ ৰ সজীৱ গুলি ২৩৫ টা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইপিনে এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰৰ লগত জড়িত থকাৰ সন্দেহত চাৰিজন যুৱক ক্ৰমে বেথেল মুছাহাৰী, বিলাছ ইছোৱাৰী, চৌমচৌৰ মুছাহাৰী আৰু কীৰ্তিৰাজ বসুমতাৰীক আৰক্ষীয় আটক কৰিছে ।

তামুলপুৰ আৰক্ষীয়ে আৰু অধিক অস্ত্ৰ উদ্ধাৰ কৰাৰ কাৰণে অভিযান অব্যাহত ৰাখিছে ।

অভিযানৰ গোপনীয়তাৰ খাতিৰত আৰক্ষীয়ে অধিক তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে ।

Related News