জনপ্ৰিয় সংগীতেৰে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা দক্ষিণ কোৰিয়াৰ পপ গ্ৰুপ বিটিএছ-এ (BTS) তেওঁলোকৰ ভাৰতীয় অনুৰাগীসকললৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে।
“আহা আমি আশাবোৰ হেৰুৱাই নেপেলাও।”- ক’ভিডৰ দ্বিতীয় ঢৌৱে চেপি ধৰা ভাৰতীয় নাগৰিকসকললে পপ গ্ৰুপটোৱে এইদৰে সহমৰ্মিতা প্ৰকাশ কৰিছে।
“ভাৰতৰ বাবে আমি প্ৰাৰ্থনা কৰিছো।”- ৬জনকৈ কিশোৰ যুৱকেৰে গঠিত হোৱা পপ গ্ৰুপটোৱে এইদৰে কয়।
উল্লেখযোগ্য ২০১৩ চনত আত্মপ্ৰকাশ কৰা পপ গ্ৰুপটোৰ শেহতীয়া গান ‘বাটাৰ’-এ শুকুৰবাৰে ২৪ ঘণ্টাৰ ভিতৰতে ১১৩ মিলিয়ন দৰ্শক পাবলৈ সক্ষম হৈছে।