ঢাপে ঢাপে সজাই থোৱা কেৱল ২০০-৫০০ টকীয়া নোটৰ বাণ্ডিল; পুনৰ উদ্ধাৰ টকাৰ পাহাৰ

ফটোঃ সংগ্ৰহীত।

পুনৰ টকাৰ পাহাৰৰ সন্ধান ওলাল। ঢাপে ঢাপে সজাই থোৱা টকা। ১০, ২০ টকাৰ পৰা আৰম্ভ কৰি ২০০, ৫০০ টকীয়া নোটৰ বাণ্ডিল উদ্ধাৰ হৈছে। আয়কৰৰ অভিযানত বিশাল ধনৰ সন্ধান পোৱা গৈছে।

ঝাৰখণ্ডৰ পাছত এইবাৰ মধ্যপ্ৰদেশৰ ভূপালৰ পৰা উদ্ধাৰ হৈছে এই পাহাৰ সদৃশ পৰিমাণৰ টকাৰ পাহাৰ। এতিয়াও টকাৰ গণনা চলি আছে।

লগতে পঢ়কঃ বিজেপিক কিয় ৪০০ আসন লাগে? বাবৰি মছজিদৰ প্ৰসংগেৰে ওড়িশাৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী

জানিব পৰা মতে, শুকুৰবাৰে পুৱা আয়কৰ বিভাগে ভূপালৰ পন্ত নগৰ কলনীত থকা কৈলাশ ক্ষেত্ৰী নামৰ এজন ব্যক্তিৰ ঘৰত অভিযান চলায়। ঘৰটোত তালাচী চলাই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হয়।

অভিযানত ১০ টকা, ২০ টকীয়া বাণ্ডিল যিদৰে পোৱা গৈছে, সেইদৰে, ২০০, ৫০০ টকীয়া নোটৰ বাণ্ডিলো উদ্ধাৰ কৰা হৈছে। এই বিপুল পৰিমাণৰ ধনৰ গণনা আৰম্ভ কৰা হৈছে। এতিয়াও গণনা চলি আছে।

সূত্ৰ অনুসৰি সেই ব্যক্তিজনে টকাৰ লেনদেনৰ কাম কৰে। পুৰণি নোট সলনিৰ কাম কৰে। অৱশ্যে তদন্তকাৰীয়ে এই বৃহৎ পৰিমাণৰ ধন ৰাজনৈতিক নেতাসকলৰ বুলি সন্দেহ কৰিছে। সেই ব্যক্তিজনে ক’লা ধন বগা কৰাৰ কাম কৰে।