তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডু বজাৰৰ জগদীশ চৌহান নামৰ ব্যক্তিৰ গৃহত টিপংস্থিত ৰাজপুতনা ৰাইফলছ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই উদ্ধাৰ কৰিছে লাখে লাখে টকা।
এই অভিযানতে ৪৭ লাখ ৫০ হাজাৰ টকা নগদ টকা উদ্ধাৰকলৈ সৃষ্টি হৈছে চাঞ্চল্য ।
ঘটনা সন্দৰ্ভত সেনা – আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
এতিয়ালৈকে সেনা – আৰক্ষীয়ে স্পষ্ট কৰা নাই উদ্ধাৰ হোৱা ধনকলৈ কোনো তথ্য ।
ধনখিনি বৈধ নে অবৈধ তদন্তৰ পাছতহে জনা যাব ।
নিশা ১০ বজাৰ পৰা ব্যক্তিজনৰ ঘৰত অভিযান চলোৱা হৈছিল৷ ব্যক্তিজনৰ এখন গেলামালৰ দোকান থকাৰ বিপৰীতে দুখনকৈ শুকান মাছৰ দোকান আছিল ।
পূৰ্বেওঁ ব্যক্তিজনক আলফাৰ সৈতে যোগসুত্ৰ থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছিল বুলি সূত্ৰত প্ৰকাশ ৷
জব্দ কৰা ধন খিনি লিডু থানালৈ লৈ যায় যদিও বৰ্তমানলৈ কাকো আটক কৰা নাই আৰক্ষীয়ে। আৰক্ষী বা সেনাৰ তৰফৰ পৰা কোনো ধৰণৰ মন্তব্য এতিয়াও প্ৰকাশ কৰা নাই।