বাক্সাৰ ভাৰত-ভূটান সীমান্তত জব্দ বৃহৎ পৰিমানৰ ধন

cash

প্ৰতিনিধিত্বমূলক ফটো।উৎস-ইণ্টাৰেনট

ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে বৃহস্পতিবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ খৈৰাণী বজাৰত ষ্টেটিক চাৰভিলেঞ্চৰ এটা দলে অভিযান চলাই এজন লোকৰ পৰা নগদ এক লাখ পঞ্চাশ হাজাৰ টকা জব্দ কৰে।

কাৰ্য্যবাহী দণ্ডাধীশ গৌৰাংগ কুমাৰ নাথৰ নেতৃত্বত চলা অভিযানত দলটোৱে দুপৰীয়া প্ৰায় ২ বজাত ভাৰত-ভূটান সীমান্তৰ খৈৰাণী বজাৰত অভিযান চলাই লোকজনক আটক কৰাৰ লগতে ধনখিনি জব্দ কৰে।

আটকাধীন লোকজন বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং টংলা গাঁৱৰ ইচাৰুদ্দিন হুছেইনৰ পুত্ৰ ইনাল হুছেইন ওৰফে আইনাল(৪২) বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্তত ইনালে ভূটান সীমান্তত তামোল বিক্ৰী কৰি ধনখিনি লগত লৈ আহিছিল বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত দিনকেইটাত শিৱসাগৰ, ডিমৌ, গুৱাহাটীকে আদিকৰি অসমৰ বিভিন্ন স্থানত ফ্লায়িং স্কোৱাডে অভিযান চলাই বৃহৎ সংখ্যক ধন জব্দ কৰে।ৰাজ্যিক নিৰ্বাচনী আয়োগে নিৰ্বাচন স্বচ্ছ আৰু নিকা ৰূপত অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন ঠাইত নিৰ্বাচন আচৰণ বিধি ভংগ হ’ব পৰা কাৰ্য্যৰ ওপৰত চোঁকা নজৰ ৰাখিছে।