তামুলপুৰত খাদ্য সুৰক্ষা আঁচনিৰ বৃহৎ পৰিমাণৰ চুৰি চাউল উদ্ধাৰ

Huge Amount of Stolen Rice under NFS Recovered at Tamulpur

তামুলপুৰ আৰক্ষীয়ে বাক্সা জিলাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত দোৱামাখা গাঁৱত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ বৃহৎ পৰিমাণৰ চুৰি চাউল শুকুৰবাৰে উদ্ধাৰ কৰিছে।

গোপন সূত্ৰৰ আধাৰত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰা আৰু চেকেণ্ড অফিচাৰ মনোজ কুমাৰ দাসে চলোৱা অভিযানত এই চাউলখিনি উদ্ধাৰ হৈছে।

গাওঁখনৰ হাৰাধন সৰকাৰ নামৰ এজন ব্যক্তিৰ ঘৰত অবৈধভাৱে বিক্ৰীৰ বাবে মজুত কৰি থোৱা ২৫ কুইণ্টেল (৪৯ বেগ) চাউল উদ্ধাৰ হৈছে।

আৰক্ষীৰ মতে দক্ষিণ দেফেলি বহুমুখী সমবায় সমিতিৰ অধীনৰ অহিয়াবাৰী গাঁৱৰ কালিচৰণ দাস নামৰ এজেণ্টজনে সৰকাৰৰ ঘৰত চাউলখিনি জমা ৰাখিছিল।

আৰক্ষীয়ে লগতে জনায় যে এই চাউল বেগত ৯০০ টকা দামত ক’লা বজাৰত বিক্ৰী কৰি অহা হৈছিল।

আৰক্ষীয়ে হাৰাধন সৰকাৰ আৰু কৈলাশ দাসক গ্ৰেপ্তাৰ কৰিছে, কিন্তু এজেণ্ট কালিচৰণ দাস পলাই যাবলৈ সক্ষম হৈছে।

এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত চলাই আছে।