• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ঘৰত উদ্ধাৰ টকাৰ পাহাৰ; ততাতয়াকৈ বহিল কলেজিয়ামৰ বৈঠক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 21, 2025 10:50 am
1.5k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বাংলোত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া উচ্চ ন্যায়ালয়ৰ কৰিডৰত বিয়পি পৰিছে উত্তেজনা। জানিব পৰা মতে, ন্যায়াধীশগৰাকীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। এই ঘটনাত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামেও ক্ষিপ্ৰ ব্যৱস্থা ল’বলৈ বাধ্য হৈছে। ন্যায়াধীশগৰাকীক আন এখন উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি অগ্নিকাণ্ডৰ সময়ত ন্যায়াধীশ যশৱন্ত বাৰ্মা মহানগৰীত উপস্থিত নাছিল আৰু তেওঁৰ পৰিয়ালৰ লোকে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক এই বিষয়ে অৱগত কৰে। জুই নিয়ন্ত্ৰণলৈ অনাৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে এটা কোঠাত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে।

ইপিনে, স্থানীয় আৰক্ষীয়ে বিষয়টো তেওঁলোকৰ উৰ্ধতন বিষয়াক অৱগত কৰে। জব্দ কৰা হয় সেই নগদ ধন। এই তথ্য অতি সোনকালেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ওচৰলৈ যায়। ন্যায়াধীশ খান্নাই বিষয়টো গুৰুত্বসহকাৰে চোৱাচিতা কৰি লগে লগে কলেজিয়ামৰ এখন বৈঠক আহ্বান কৰে।

কলেজিয়ামে সৰ্বসন্মতিক্ৰমে ন্যায়াধীশ বাৰ্মাক শীঘ্ৰে বদলি কৰাৰ সিদ্ধান্ত লয়। তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ অক্টোবৰ মাহত ন্যায়াধীশ বাৰ্মাক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল।

প্ৰতিবেদনত অৱশ্যে দাবী কৰা হৈছে যে কলেজিয়ামৰ একাংশ সদস্যই এই গুৰুতৰ কাণ্ডটো কেৱল বদলিৰ মাজতে সীমাবদ্ধ কৰাৰ পক্ষত নাছিল। কলেজিয়ামৰ বৈঠকত কোৱা হৈছিল যে যদি বিষয়টো কেৱল বদলিৰ মাজতে সীমাবদ্ধ থাকে তেন্তে ইয়াৰ ফলত ন্যায়পালিকাৰ ভাবমূর্তিৰ ওপৰত নেতিবাচক প্রভাৱ পৰিব আৰু প্রতিষ্ঠানটোৰ প্রতি আস্থা কমি যাব৷

এই পৰিস্থিতিত ন্যায়াধীশ বাৰ্মাক পদত্যাগ কৰিবলৈ কোৱাৰ প্ৰস্তাৱ দাখিল কৰা হয়। লগতে কোৱা হৈছে যে যদি ন্যায়াধীশ বাৰ্মাই পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে মুখ্য ন্যায়াধীশে বিষয়টোৰ আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰিব লাগে।

উল্লেখ্য যে ১৯৯৯ চনত উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা আভ্যন্তৰীণ তদন্ত পদ্ধতি অনুসৰি যদি কোনো ন্যায়াধীশৰ বিৰুদ্ধে দুৰ্নীতি, অসৎ আচৰণ বা অনুশাসন ভংগৰ অভিযোগ উত্থাপন হয়, তেন্তে মুখ্য ন্যায়াধীশে প্ৰথমে ন্যায়াধীশগৰাকীৰ পৰা উত্তৰ বিচাৰিব। যদি মুখ্য ন্যায়াধীশে সন্তোষজনক উত্তৰ নাপায় তেন্তে তেওঁ তদন্তকাৰী পেনেল গঠন কৰিব পাৰে। য’ত উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ দুজন মুখ্য ন্যায়াধীশ থাকিব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd