• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ঘৰত উদ্ধাৰ টকাৰ পাহাৰ; ততাতয়াকৈ বহিল কলেজিয়ামৰ বৈঠক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 21, 2025 10:50 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বাংলোত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া উচ্চ ন্যায়ালয়ৰ কৰিডৰত বিয়পি পৰিছে উত্তেজনা। জানিব পৰা মতে, ন্যায়াধীশগৰাকীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। এই ঘটনাত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামেও ক্ষিপ্ৰ ব্যৱস্থা ল’বলৈ বাধ্য হৈছে। ন্যায়াধীশগৰাকীক আন এখন উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি অগ্নিকাণ্ডৰ সময়ত ন্যায়াধীশ যশৱন্ত বাৰ্মা মহানগৰীত উপস্থিত নাছিল আৰু তেওঁৰ পৰিয়ালৰ লোকে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক এই বিষয়ে অৱগত কৰে। জুই নিয়ন্ত্ৰণলৈ অনাৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে এটা কোঠাত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে।

Apply Now

ইপিনে, স্থানীয় আৰক্ষীয়ে বিষয়টো তেওঁলোকৰ উৰ্ধতন বিষয়াক অৱগত কৰে। জব্দ কৰা হয় সেই নগদ ধন। এই তথ্য অতি সোনকালেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ওচৰলৈ যায়। ন্যায়াধীশ খান্নাই বিষয়টো গুৰুত্বসহকাৰে চোৱাচিতা কৰি লগে লগে কলেজিয়ামৰ এখন বৈঠক আহ্বান কৰে।

কলেজিয়ামে সৰ্বসন্মতিক্ৰমে ন্যায়াধীশ বাৰ্মাক শীঘ্ৰে বদলি কৰাৰ সিদ্ধান্ত লয়। তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ অক্টোবৰ মাহত ন্যায়াধীশ বাৰ্মাক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল।

প্ৰতিবেদনত অৱশ্যে দাবী কৰা হৈছে যে কলেজিয়ামৰ একাংশ সদস্যই এই গুৰুতৰ কাণ্ডটো কেৱল বদলিৰ মাজতে সীমাবদ্ধ কৰাৰ পক্ষত নাছিল। কলেজিয়ামৰ বৈঠকত কোৱা হৈছিল যে যদি বিষয়টো কেৱল বদলিৰ মাজতে সীমাবদ্ধ থাকে তেন্তে ইয়াৰ ফলত ন্যায়পালিকাৰ ভাবমূর্তিৰ ওপৰত নেতিবাচক প্রভাৱ পৰিব আৰু প্রতিষ্ঠানটোৰ প্রতি আস্থা কমি যাব৷

এই পৰিস্থিতিত ন্যায়াধীশ বাৰ্মাক পদত্যাগ কৰিবলৈ কোৱাৰ প্ৰস্তাৱ দাখিল কৰা হয়। লগতে কোৱা হৈছে যে যদি ন্যায়াধীশ বাৰ্মাই পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে মুখ্য ন্যায়াধীশে বিষয়টোৰ আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰিব লাগে।

উল্লেখ্য যে ১৯৯৯ চনত উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা আভ্যন্তৰীণ তদন্ত পদ্ধতি অনুসৰি যদি কোনো ন্যায়াধীশৰ বিৰুদ্ধে দুৰ্নীতি, অসৎ আচৰণ বা অনুশাসন ভংগৰ অভিযোগ উত্থাপন হয়, তেন্তে মুখ্য ন্যায়াধীশে প্ৰথমে ন্যায়াধীশগৰাকীৰ পৰা উত্তৰ বিচাৰিব। যদি মুখ্য ন্যায়াধীশে সন্তোষজনক উত্তৰ নাপায় তেন্তে তেওঁ তদন্তকাৰী পেনেল গঠন কৰিব পাৰে। য’ত উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ দুজন মুখ্য ন্যায়াধীশ থাকিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd