NORTHEAST NOW (Assamese)

নগাঁৱত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান; ৰাজহুৱা স্থানত সুৰাপান কৰা ৮জন লোকক জৰিমনা

January 25, 2019 8:25 am · মিণ্টু দাস
প্ৰতিনিধিত্বমূলক চিত্ৰ

নগাঁও আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে বিভাগটোৱে ২৪ জানুৱাৰিত নগাঁও চহৰৰ কেইবাটাও চুলাই মদৰ ঘাটিত অভিযান চলাই বুজন পৰিমাণৰ অবৈধ সুৰা নষ্ট কৰাৰ লগতে বহু কেইটা ঘাটি উচ্ছেদ কৰে।

নগাঁও আবকাৰী বিভাগৰ অধীক্ষক মানৱী দাসৰ নিৰ্দেশত আবকাৰী পৰিৰ্দশক ইমদাদ হুছেইন চৌধুৰী আৰু ৰাজু বৰাৰ নেতৃত্বত যোৱা আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে চহৰখনৰ বিভিন্ন ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অভিযোগত ৮ গৰাকী লোকক আটক কৰি আনি জৰিমনাও বিহে।

উল্লেখ্য যে, নতুন আবকাৰী আইন অনুসৰি ইতিপূৰ্বেও নগাঁও আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই কেইদিনমানৰ পূৰ্বে কৰৈয়নীৰ ৰাজু শইকীয়া নামৰ এজন অবৈধ সুৰা ব্যৱসায়ীক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল।

ইয়াৰোপৰি ৰাজহুৱা স্থানত মদ্যপান কৰাৰ অভিযোগত নগাঁও আবকাৰী বিভাগে জিলাখনৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৫৫ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি জৰিমনা বিহে।

Related News