• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ আশ্বাস মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2019 8:08 am
CM-Sonowal-with-six-communities--750x375

বৃহস্পতিবাৰে জনজাতিকৰণ সন্দৰ্ভত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে জনতা ভৱনত মুখ্য মন্ত্ৰীৰ বৈঠক। ফটো : জনসংযোগ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ শীঘ্ৰেই কৰাৰ আশ্বাস প্ৰদান কৰিছে মুখ্য মন্ত্ৰী সোণোৱালে। বৃহস্পতিবাৰে ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে জনজাতিকৰণ সন্দৰ্ভত জনতা ভৱনত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আশ্বাস প্ৰদান কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ জনজাতিসকলৰ সা-সুবিধা তথা অধিকাৰ বিঘ্নিত নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব।

Apply Now

বৈঠকত ছয়টা জনগোষ্ঠী মৰাণ, মটক, তাই-আহোম, কোচ-ৰাজবংশী, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ প্ৰতিনিধি উপস্থিত থাকে।

সোমোৱালে জানিবলৈ দিয়ে যে চৰকাৰে এই সন্দৰ্ভত প্ৰস্তাৱ প্ৰস্তুত কৰি বৰ্তমানৰ জনজাতিসকলৰ সা-সুবিধা তথা অধিকাৰ বিঘ্নিত নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো সংশ্লিষ্ট সকলোৰে সৈতে আলোচনা কৰাৰ পাছত কেন্দ্ৰৰ ওচৰত দাখিল কৰিব।

তেওঁ লগতে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ মহা পঞ্জীয়ক, অনুসূচীত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগ আৰু কেন্দ্ৰীয় কেবিনেটৰ পৰা সকলো প্ৰয়োজনীয় দিশ সম্পূৰ্ণ কৰাৰ পাছত এখন বিধেয়ক উত্থাপন কৰিছিল।

তেওঁ লগতে কয় যে গোটেই প্ৰক্ৰিয়া চোৱাচিতা কৰাৰ বাবে ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ এখন মন্ত্ৰী গোট গঠন কৰা হৈছে। সোণোৱালে ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষাৰ বাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ গুৰুত্বপূৰ্ণ বুলিও ব্যক্ত কৰে।

আনহাতে, মন্ত্ৰী গোটৰ আহ্বায়ক চন্দন ব্ৰহ্মই জনায় যে অহা ২৮ জানুৱাৰিৰ পৰা ৩ ফেব্ৰুৱাৰিলৈকে বিষয়টোৰ সন্তোষজনক সিদ্ধান্ত গ্ৰহণৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰা হ’ব।

ইয়াৰ মাজতে মুখ্য মন্ত্ৰী সোণোৱালে ছয় জনগোষ্ঠীৰ প্ৰতিনিধিসকলক এই সন্দৰ্ভত কোনো অপপ্ৰচাৰ তথা ভুৱা তথ্যত গুৰুত্ব নিদিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd