NORTHEAST NOW (Assamese)

চতিয়াৰ ভোজমাৰীত ব্ৰহ্মপুত্ৰ নদৰ তীব্ৰ খহনীয়াত জাহ গ’ল মছজিদ, কবৰস্থান

June 17, 2022 8:28 pm · কাজী জেইদুল ইছলাম,বিশ্বনাথ

বিশ্বনাথ সমষ্টিৰ দক্ষিণ চতিয়াত পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ খহনীয়া ।

নেৰানেপেৰা বৰষূণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ।

খহনীয়াত সম্পূৰ্ণ জাহ গৈছে ২নং ভোজমাৰী ৰাজহ গাঁৱৰ লগতে এটা মছজিদ। ভোজমাৰীৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে বিশ্বনাথ আৰু চতিয়া সমষ্টিৰ ৰক্ষা কবচ স্বৰূপ বিশ্বনাথৰ এই পানপুৰ মথাউৰিলৈ।

জলসম্পদ বিভাগৰ হেমাহি আৰু চৰকাৰৰ চৰম অমনোযোগিতাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।

শীঘ্ৰেই খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ অসম চৰকাৰ তথা জলসম্পদ বিভাগক দাবী জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সম্পাদক নাজিৰ আহমেদে ।

Related News