• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

এমষ্টেলভিনত ৰানৰ জোৱাৰ: ক্ৰিকেট ইতিহাসত নতুন অভিলেখ স্থাপন কৰিলে ইংলেণ্ডে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2022 9:40 pm
Highest Run in ODI World Record
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট মানেই অভিলেখৰ সমাহাৰ। এখন ক্ৰিকেট মেচত নিতৌ গঢ় লয় নিত্য নতুন অভিলেখে। সৃষ্টি হয় নতুন নতুন সম্ভাৱনাৰ। এই ক্ৰিকেটীয় সংজ্ঞাকে অক্ষুণ্ণ ৰাখি আজি ইংলেণ্ড ক্ৰিকেট দলে ক্ৰিকেট ইতিহাসত এক অভিনৱ অভিলেখ স্থাপন কৰিছে।

আজি ধুমুহাৰ গতিৰে খেলপথাৰত তাণ্ডৱ সৃষ্টি কৰি ইংলেণ্ডে আজি এমষ্টেলভিনত গঢ়িলে এক অনাকাংক্ষিত ৰেকৰ্ড। ভংগ কৰিলে নিজৰেই পূৰ্ব অভিলেখ। নেডাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত আজি দ্বিপাক্ষিক এদিনীয়া শৃংখলাৰ ন্ৰথমখন মেচত আজি ইংলেণ্ডে ৪৯৮ ৰানৰ এক বিশাল ইনিংছ সংগ্ৰহ কৰি ক্ৰিকেট ইতিহাসত এক নতুন অভিলেখ স্থাপন কৰিছে। নেডাৰলেণ্ডৰ বলিং আক্ৰমণক দিশহাৰা কৰি ইংৰাজ বাহিনীয়ে প্ৰদৰ্শন কৰিলে অসাধাৰণ ক্ৰিকেটীয় শৈলী।

Apply Now

ইংলেণ্ডৰ এই বিশাল স্ক’ৰৰ মূলতে আছিল দলটোৰ বেটিং ক্ৰমৰ অভূতপূৰ্ব বেটিং বিক্ৰম। নেডাৰলেণ্ডৰ বলিং বিভাগক তচনচ কৰি দলটোৰ তিনিগৰাকী বেটাৰে সংগ্ৰহ কৰিলে শতক।

দলৰ অপেনিং বেটাৰ ফিলিপ ছল্ট, ডেৱিড মালান আৰু জ’ছ বাটলাৰে মাৰমুখী বেটিঙেৰে শতকীয় ইনিংছ খেলাৰ লগতে শেষলৈ লিয়াম লিভিংষ্ট’নে তড়িৎ গতিত ৰান সংগ্ৰহ কৰাৰ সুবাদত ইংলেণ্ডে ৪৯৮ ৰানৰ বিশাল স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়।

এইদৰে ইংলেণ্ডে ভংগ কৰে এদিনীয়া ক্ৰিকেটত নিজৰেই পূৰ্বৰ বিশ্ব অভিলেখ। ইয়াৰ পূৰ্বে ইংলেণ্ডে ২০১৮ চনত ট্ৰেণ্ট ব্ৰিজত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৮১ ৰান সংগ্ৰহ কৰি এদিনীয়াত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িছিল। আজিৰ ইংলেণ্ডৰ ৰান সংখ্যাই এই সীমা অতিক্ৰম কৰি নতুন ৰেকৰ্ড সৃষ্টি কৰে।

অৱশ্যে ইংলেণ্ডৰ আৰম্ভণি সন্তোষজনক নাছিল। খেলৰ দ্বিতীয় অভাৰৰ তৃতীয় বলত দলীয় স্ক’ৰ ১ ৰানতে দলে হেৰুৱাইছিল অপেনাৰ জেছন ৰয়ৰ উইকেট। কিন্তু তাৰ পাছতেই আৰম্ভ হয় ইংৰাজ বাহিনীৰ বেটিং বিক্ৰম। দ্বিতীয় উইকেটৰ যুটিত আনজন অপেনাৰ ছল্ট আৰু মালানে ২২২ ৰান সংগ্ৰহ কৰি এক বৃহৎ স্ক’ৰৰ ভেঁটি গঢ়ি তোলে।

ব্যক্তিগত ১২২ ৰানত ছল্টে বিদায় লোৱাৰ পিছত ক্ৰীজলৈ অহা বাটলাৰৰ সৈতে মালানে দলীয় স্ক’ৰ ৪০০ ৰ সীমা অতিক্ৰম কৰায়। মালানে সংগ্ৰহ কৰে ১২৫ ৰান। অৱশ্যে ব্যৰ্থ হয় অধিনায়ক এয়ইন মৰ্গান। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে প্ৰথমটো বলতে পেভিলিয়নমুখী হয় অধিনায়কগৰাকী।

ইয়াৰ পিছত আৰু হানি বিঘিনি নঘটিল ইংলেণ্ড শিবিৰত। মাৰমুখী বেপিঙেৰে খৰতকীয়াকৈ ৰান সংগ্ৰহ কৰি বাটলাৰ আৰু লিভিংষ্ট’নে অন্তিম পাঁচ অভাৰত ৯১ ৰান যোগ দি ৪৯৮ ৰানৰ বিশাল স্ক’ৰ গঢ়ি তোলে।

ইংলেণ্ডৰ ইনিংছত আটাইতকৈ বিধ্বংসী হৈ পৰে জ’ছ বাটলাৰ। মাত্ৰ ৭০ টা বলত ১৪ টা ছয় আৰু ৭ টা চাৰিৰে ১৬২ ৰান সংগ্ৰহেৰে অপৰাজিত থাকে বাটলাৰ। মাত্ৰ ৪৭ টা বলতে শতক অৰ্জন কৰি বাটলাৰে ইংলেণ্ডৰ হৈ এদিনীয়াত দ্বিতীয় দ্ৰুততম শতকৰ অভিলেখ গঢ়ে।

এনে বিধ্বংসী বেটিং বিক্ৰমেৰে ইংলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৪ উইকেটৰ বিনিময়ত ৪৯৮ ৰান সংগ্ৰহ কৰে। দলটোৱে সমগ্ৰ ইনিংছটোত মুঠতে ২৫ টা ছয় আৰু ৩৬ টা চাৰি কোবায়।

ইফালে এই বিশাল স্ক’ৰৰ অনুসৰণ কৰি বিপৰ্যয়ত পৰিছে নেডাৰলেণ্ড। এইপৰ্যন্ত দলটোৱে ৩৭ অভাৰত ১৮২ ৰানতে হেৰুৱাইছে ৬ টা উইকেট। পৰাজয়ৰ পৰা হাত সাৰিবলৈ নেডাৰলেণ্ডক এতিয়াও প্ৰয়োজন ৩১৭ ৰানৰ। এনে অৱস্থাত দলটোৰ বাবে এই লক্ষ্য অসাধাৰণ যেনেই হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd